নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

Dispur police station

অসমৰ ৰাজধানী চহৰ দিচপুৰস্থিত আৰক্ষী থানাখন শীঘ্ৰেই নতুন স্থানলৈ স্থানান্তৰ কৰা হ’ব। মঙলবাৰে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে এই বিষয়ে অৱগত কৰে।

বৰ্তমান অসম সচিবালয়ৰ কাষতে থকা দিচপুৰ আৰক্ষী থানাখন গুৱাহাটীৰ গণেশগুৰি অঞ্চললৈ স্থানান্তৰ কৰা হ’ব।

গণেশগুৰি অঞ্চলৰ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত দিচপুৰ আৰক্ষী থানা নতুনকৈ গঢ়ি তোলা হ’ব বুলি আৰক্ষী আয়ুক্ত হৰমিত সিঙে জানিবলৈ দিয়ে।

দিচপুৰ আৰক্ষী থানাৰ বৰ্তমানৰ অৱস্থানৰ পৰা নতুন ঠিকনালৈ স্থানান্তৰ প্ৰক্ৰিয়া অহা ১০-১৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি তেওঁ লগতে উল্লেখ কৰে।

হৰমিত সিং আৰু গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তই মঙলবাৰে অসমৰ গুৱাহাটীৰ গণেশগুৰি অঞ্চলৰ দিচপুৰ আৰক্ষী থানাৰ নতুন চৌহদ পৰিদৰ্শন কৰে।

বৰ্তমান দিচপুৰ আৰক্ষী থানা গুৱাহাটীৰ জিএছ ৰোডৰ কাষত অসম সচিবালয় (জনতা ভৱন) চৌহদৰ ওচৰত অৱস্থিত।