NORTHEAST NOW (Assamese)

কলিয়াবৰৰ বিদ্যালয়ত শিক্ষা বিভাগৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ 

January 5, 2019 11:47 am · ৰিদিপ শৰ্মা
Updated: January 5, 2019 11:48 am

যোৱা কালি ৪ জানুৱাৰি শুকুৰবাৰে কুঁৱৰীটোলস্থিত চৰ্দ্দাৰ বল্লভ ভাই মজলীয়া বিদ্যালয়ত অনুষ্ঠিত পাঠ্যপুথি বিতৰণ অনুষ্ঠান উপষ্ঠিত থাকি মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত চৰকাৰী বিদ্যালয় সমুহৰ মাজত আনুষ্ঠানিকভাৱে বিতৰণ কৰে চলিত শিক্ষাবৰ্ষৰ পাঠ্যপুথি।

জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰাই চৰকাৰী বিদ্যালয়সমুহৰ পাঠদান আৰম্ভ কৰাৰ উদ্দেশ্য বিদ্যালয় সমুহলৈ পাঠ্যপুথি বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।

আনহাতে, বিদ্যালয়খনৰ এই পাঠ্যপুথি বিতৰণ অনুষ্ঠানত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগকে ধৰি কলিয়াবৰৰ ভালেকেইখন উচ্চতৰ আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষ সকল উপস্থিত থাকে।

Related News