NORTHEAST NOW (Assamese)

ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱা ক’ভিড-১৯ত আক্ৰান্ত

September 3, 2020 3:01 pm · পংকজ কুমাৰ দেৱ

ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱা ক’ভিড-১৯ত আক্ৰান্ত হৈছে। অলপতে তেওঁৰ স্ব’ৱাব টেষ্ট কৰা হৈছিল আৰু আজি তেওঁৰ ৰিপ’ৰ্ট পজিটিভ অহা বুলি জনা যায়।

ইতিমধ্যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা উপায়ুক্ত গৰাকীক গুৱাহাটী পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি হাফলং অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কল্পনা কেম্প্ৰাইয়ে জানিবলৈ দিছে।

উল্লেখযোগ্য যে পাৰ্বত্য জিলাত এতিয়ালৈকে ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৮৯ লৈ বৃদ্ধি পাইছে। আনহাতে জিলাখনৰ ৩২০ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি গৈছে।

আনহাতে জিলাখনত এতিয়া ১০৩ গৰাকী ৰোগী ক’ভিডত আক্ৰান্ত হৈ থকাৰ লগতে জিলাখনৰ বাহিৰত আছে ৬৬ গৰাকী ৰোগী।

অৱশ্যে ভাল খবৰটো হ’ল পাৰ্বত্য জিলাখনত ক’ভিড আক্ৰান্ত হৈ এতিয়ালৈকে কোনো লোকৰে মৃত্যু হোৱা নাই।

উল্লেখনীয় যে হাফলঙৰ বিধায়ক বীৰ ভদ্ৰ হাগজেও ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটীৰ জি এম চি এইচ্চত ভৰ্তি হৈ আছে।

Related News