মদ্যপানে স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে, কিন্তু মদ্যপানৰ প্ৰতি অতিমাত্ৰা আসক্ত সকলে নিজৰ মংগলৰ বাবে কিছু বিশেষ যত্ন লোৱা উচিত।
১. নিয়মিত মদ্যপান কৰি থকা লোকসকলে নিয়মিত যকৃতৰ পৰীক্ষা কৰা উচিত ইয়াৰ লগতে, হৃদতন্ত্ৰ, বৃক্ক আদিৰ চিকিৎসা পৰীক্ষা কৰি থকাটোও জৰুৰী।
২. মদ্যপান কমাবলৈ চেষ্টা কৰা উচিত। এই ক্ষেত্ৰত অতিমাত্ৰআ সুৰাসক্ত লোকসকলে চিকিৎসকৰ সহায় ল’ব পাৰে। মদ্যপান হ্ৰাস বা ত্যাগ কৰিবলৈ চিকিৎসকে naltrexone, acamprosate, বা disulfiram ৰ দৰে ঔষধ প্ৰদান কৰিব পাৰে।
৩. নিতৌ ব্যায়াম কৰক, ধ্যান কৰক। এনে কৰিলে মদ্যপানৰ আসক্তি কমে। মানসিক চাপ নিয়ন্ত্ৰণ হয় আৰু স্বাস্থ্যও ভালে থাকে।
৪. মদ্যপানে বি ভিটামিন, মেগনেছিয়াম, আৰু জিংকৰ দৰে পুষ্টিকৰ উপাদান ক্ষয় কৰে। ফল-মূল, শাক-পাচলি, চৰ্বিহীন প্ৰটিন, গোটা শস্য সমৃদ্ধ খাদ্যই স্বাস্থ্য পুনৰুদ্ধাৰ কৰাত সহায় কৰে।
৫. দীৰ্ঘদিনীয়া মদ্যপানে শৰীৰত পানীৰ অভাৱৰ সৃষ্টি কৰে। গতিকে দৈনিক পৰ্যাপ্ত পানী আৰু ইলেক্ট্ৰলাইট সমৃদ্ধ তৰল পদাৰ্থ খোৱাটো অতি প্ৰয়োজনীয়।
৬. যকৃত, হৃদযন্ত্ৰ, আৰু অন্যান্য অংগৰ অধিক ক্ষতি ৰোধ কৰিবলৈ মদ্যপান হ্ৰাস বা বন্ধ কৰাটো অতি গুৰুত্বপূৰ্ণ।
৭. মদ্যপানে টোপনিৰ ধৰণ বিঘ্নিত কৰে, গতিকে এটা সামঞ্জস্যপূৰ্ণ টোপনিৰ নিয়ম মানি চলিলে আৰোগ্য লাভ কৰাত সহায় কৰে।