দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহত চামিল পঞ্জাৱৰ চিকিৎসক আৰু নাৰ্ছ : টাট’ শিল্পীসকলৰো অভিনৱ পন্থাৰে সমৰ্থন

index.jpg

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত বিগত ২৬ নৱেম্বৰৰ পৰা দিল্লী সংযোগী সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত থকা কৃষক বিদ্ৰোহত চামিল হৈছ পঞ্জাৱৰ চিকিৎসক আৰু নাৰ্ছসকল।

দেওবাৰে কৃষক বিদ্ৰোহৰ সমৰ্থনত পঞ্জাৱৰ চিকিৎসক আৰু নাৰ্ছৰ দলে হাৰিয়ানা-দিল্লী সীমান্তৰ চিঙ্ঘু সীমান্তত আন্দোলনৰত কৃষকৰ লগত চামিল হৈছে।

দলটোৱে প্ৰচণ্ড শীতক নেওচা দি আন্দোলনৰত কৃষকসকলক সকলো প্ৰকাৰৰ সহায্য প্ৰদান কৰিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

ইফালে পঞ্জাৱৰ টাট’ কলা শিল্পীৰ এটা দলেও দেওবাৰে দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনায় এক ব্যতিক্ৰমী চিত্ৰ অংকন কৰিছে। পঞ্জাৱৰ মেপ, সিংহ, কৃষকে কৃষি ক্ষেত্ৰত কৰ্মৰত, কৃষি সঁজুলি, টেক্টৰ আদি অংকন কৰি কৃষক বিদ্ৰোহৰ সমৰ্থন এক অভূতপূৰ্ৱ প্ৰতিবাদ সাৱ্যস্ত কৰিছে শিল্পীসকলে।

আনহাতে পঞ্জাৱৰ চিকিৎসক আৰু নাৰ্ছসকলে প্ৰতণ্ড শীতৰ প্ৰকোপত পৰা বিদ্ৰোহী কৃষকসকলক সকলো ধৰণৰ সহায় কৰিবলৈ প্ৰস্তুত বুলিও ঘোষণা কৰিছে।

“আমি কৃষকসকলক সমৰ্থন কৰিবলৈ ইয়ালৈ আহিছো। ৰোগত আক্ৰান্ত হোৱা কৃষকসকলক আমি চিকিৎসা সেৱা আগবঢ়াম। শীতৰ প্ৰকোপত পৰা সকলো কৃষককে আমি চিকৎসা সাহায্য আগবঢ়াম। কৃষকসকলৰ সকলো প্ৰয়োজনীয় সাহায্য আমি আগবঢ়াম।” লুধিয়ানা চিকিৎসালয়ৰ নাৰ্ছ হৰ্ষদ্বীপ কৌৰে এনআইএক কয়।

সুকান্ত কৌৰ নামৰ চিকিৎসকগৰাকীয়ে কয়, “আমি পঞ্জাৱৰ সাহসী নাৰী মাতা গুজৰী উত্তৰসূৰী। আমি কৃষকক সমৰ্থন কৰিবলৈ ইয়ালৈ আহিছো। পঞ্জাৱৰ সকলোৱে কৃষি আইনসমূহ বাতিলৰ দাবী জনাইছে।”