Doctors remove 65 kg of plastic চিকিৎসকসকলে অস্ত্ৰোপচাৰ কৰি এটা গৰুৰ পেটৰ পৰা ৬৫ কিলোগ্ৰাম প্লাষ্টিক আৰু ধাতুৰ আৱৰ্জনা উদ্ধাৰ কৰিছে। এই বৃহৎ পৰিমাণৰ প্লাষ্টিক জন্তুটোৰ পেটৰ পৰা উদ্ধাৰ হোৱাত চিকিৎসকসকলো আচৰিত হৈ পৰিছে। তামিলনাডুৰ মাদুৰাইত সংঘটিত হৈছে এই ঘটনা।
কেইদিনমান পূৰ্বে পৰমেশ্বৰম নামৰ এজন ব্যক্তিয়ে তেওঁৰ ছয় বছৰীয়া পোহনীয়া গৰুটোক চিকিৎসাৰ বাবে পশু চিকিৎসালয়লৈ লৈ আনিছিল। মানুহজনে চিকিৎসকক কৈছিল যে তেওঁৰ পোহনীয়া গৰুটোৱে ভালদৰে পানী খোৱা নাই আৰু খোৱাও বন্ধ কৰিছে।
লগতে পঢ়ক: উবাচ আহমেদ ছিদ্দিকী! মুছলমান মহিলাক নিৰ্বাচনৰ টিকট দিয়াসকল ইছলাম বিৰোধী!
চিকিৎসকসকলে গৰুটোৰ কেইবাটাও পৰীক্ষা কৰে। তেতিয়াই চিকিৎসকসকলে গৰুটোৰ পেটত কিছুমান অদ্ভুত বস্তু লক্ষ্য কৰে। তাৰ পিছতে তেওঁলোকে অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয়।
চিকিৎসকসকলে গৰুটোৰ পেটৰ পৰা ৬৫ কিলোগ্ৰাম প্লাষ্টিক আৰু ধাতুৰ আৱৰ্জনা উদ্ধাৰ কৰে। ইমান প্লাষ্টিক আৰু ধাতুৰ আৱৰ্জনা পেটত জমা হোৱাৰ পিছত গৰুটো কেনেকৈ জীয়াই আছিল তাত চিকিৎসকসকলো আচৰিত হৈছে।
চিকিৎসকসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে আৱৰ্জনাবোৰ পেটৰ ভিতৰত পাক খোৱা অৱস্থাত আছিল। পেটৰ ভিতৰত এটা ডাঙৰ টেমুনা গঠন হৈছিল। আৰু ইয়াৰ বিষক্ৰিয়াৰ ফলত গৰুটোৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি হৈ পৰিছিল। এই অৱস্থাত আৰু কেইদিনমান থাকিলে গৰুটোৰ মৃত্যু হ’লহেঁতেন।
লগতে পঢ়ক: দক্ষিণ-পূব এছিয়াৰ সাতখন দেশৰ লোকশিল্পীৰ সংগমেৰে মুখৰিত দিশপুৰ মহাবিদ্যালয়
প্ৰায়ে এৰাল নিদিয়া গৰুবোৰে ৰাস্তাত খাদ্যৰ সন্ধানত প্লাষ্টিক আৰু অন্যান্য আৱৰ্জনা খায়। চিকিৎসকসকলৰ ধাৰণা যে পৰমেশ্বৰমৰ গৰুটোৱেও ৰাস্তাৰ পৰা এই আৱৰ্জনাবোৰ ভক্ষণ কৰিছিল।