বৰ্তমান সময়ত খুব চতুৰভাৱে এটা প্ৰথা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বৰ্তমান চৰকাৰক সমালোচনা কৰিলেই তাক দেশৰ সমালোচনাৰ লগত বা দেশক বদনাম কৰাৰ লগত জোৰা লগাব প্ৰয়াস কৰা দেখা যায়। এই ক্ষেত্ৰত শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক,একাংশ সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীৰ ভূমিকা উল্লেখযোগ্য। তেওঁলোকে সুবিধা পালেই কিছুমান অযুক্তিকৰ মন্তব্যৰে এই অদ্ভুত কথাটোক জনসাধাৰণৰ আগত দাঙি ধৰে।পাকে-প্ৰকাৰান্তৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও বিভিন্ন সময়ত তেনে ইংগিত দিয়াৰ চেষ্টা কৰা দেখা যায়।
আচলতে এনেবোৰ কাৰ্যৰ জৰিয়তে শাসকীয় পক্ষই নিজক সমালোচনাৰ পৰা বচাব চেষ্টা কৰে। সেই সকলোবোৰ যুক্তিসংগত প্ৰশ্নৰ পৰা নিজক বচাব চেষ্টা চলায়, যিবোৰ প্ৰশ্নৰ উত্তৰে হয়তো শাসকীয় পক্ষক বিপাঙত পেলাব পাৰে। উদাহৰণস্বৰূপে কিছুমান সাম্প্ৰতিক ঘটনাৰ আলমত কিছু কথাৰ উল্লেখ কৰিব খুজিছো যিবোৰৰ বাবে শাসনাধিষ্ঠ চৰকাৰখন সাংঘাটিক সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
প্ৰথমে আহিছো কৰোণা মহামাৰীৰ প্ৰসংগলৈ। এই মহামাৰী ৰোধৰ ক্ষেত্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰ যে সাংঘাটিকভাৱে ব্যৰ্থ হৈছে সেইটো সত্য কথা। চৰকাৰৰ বিনামূলীয়া ৰেচন, বেংক একাউন্টত টকা ট্ৰান্সফাৰ, বিনামূলীয়া ভেকচিন আদি পদক্ষেপে সেই কথা নস্যাত কৰিব নোৱাৰে। অক্সিজেনৰ অভাৱত ছটফটাই মৃত্যু হোৱা লোকসকল, হাস্পতালৰ বিচনা নাপাই মৃত্যু হোৱা লোকসকল, ডাক্তৰৰ সেৱা নাপাই মৃত্যু হোৱা লোকসকল চৰকাৰৰ চৰম ব্যৰ্থতাৰ কৰুণ সাক্ষী। আকৌ, শ্মশানত শেষকৃত্যৰ বাবে ৰৈ থকা মৃতদেহৰ দীঘলীয়া শাৰী, শাৰী শাৰীকৈ জ্বলি থকা চিতাৰ জুই, গংগা নদীত উটুৱাই দিয়া মৃতদেহবোৰৰ কথা নকলোৱেই যেনিবা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কোনো ‘মন কী বাত’ অনুষ্ঠান নাইবা চিঞৰি চিঞৰি কৰোণাকালত নিজৰ সফলতাৰ বাবে নিজক কৰা প্ৰশংসাইও হয়তো কেতিয়াও চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে মৃত্যুবৰণ কৰা এই লোকসকলক ঘূৰাই আনিব নোৱাৰিব। বাকী পৰিকল্পনা বিহীন লকডাউনৰ ফলত হোৱা শ্ৰমিকসকলৰ দুৰ্গতিৰ কাহিনী,ভাগি পৰা অৰ্থনীতি, সংস্হাপন হেৰুওৱা লোকসকলৰ কাহিনী হয়তো কোৱাৰ প্ৰয়োজনেই নাই, কিয়নো সেই ক্ষতিপূৰণ আজি পৰ্যন্ত পূৰ হৈ উঠাই নাই।
এইবাৰ আহিছো নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগলৈ। এই আইনৰ প্ৰতিবাদত দেশ উত্তাল হৈছিল। দেশৰ ইমূৰৰ পৰা সিমূৰলৈ এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল আৰু চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। এই প্ৰতিবাদৰ সময়তে জামিয়া মিলিয়া ইছলামিয়াকে ধৰি বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছিল। যি ছাত্ৰ দেশৰ ভৱিষ্যত, তেওঁলোকৰ লগত কৰা এনে ব্যৱহাৰৰ বাবে সৰ্বত্ৰে চৰকাৰ তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেই সময়ত এটা বিশেষ ধৰ্মক কেন্দ্ৰ কৰিও শাসকীয় দলৰ বহুতে বিৰূপ মন্তব্য দিয়া পৰিলক্ষিত হৈছিল। শ্বাহিনবাগত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা প্ৰতিবাদকাৰীসকলক পাকিস্তানী, টুকড়ে টুকড়ে গেং আদি বিশেষণ ব্যৱহাৰ কৰি দেশবাসীৰ আগত তেওঁলোকক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হৈছিল।
কৰোণা মহামাৰী, নাগৰিকত্ব সংশোধনী আইনৰ পিছত এইবাৰ আহিছো কৃষক আন্দোলনলৈ। ‘জয় জোৱান,জয় কিষান’ শ্লোগান দিয়া এই পবিত্ৰ ভাৰতভূমিত কৃষকসকলক খালিস্তানী, পাকিস্তানী আদি বিশেষণ লগাই তেওঁলোকক সমাজৰ আগত বদনাম কৰাৰ চেষ্টা কৰা হৈছিল। তেওঁলোকক ৰোধ কৰিবলৈ ৰাস্তা খান্দি, কাটা তাৰৰ বেৰ দি, চিমেন্টৰ বেৰিকেট দি, ৰাস্তাত গজাল পুতা কাৰ্য– মুঠৰ ওপৰত সকলো ধৰণৰ চেষ্টা কৰা হৈছিল। এক কথাত ক’বলৈ গ’লে দেশৰ অন্নদাতাৰ লগত সন্ত্ৰাসবাদী সদৃশ ব্যৱহাৰ কৰা হৈছিল। আনহে নালাগে, প্ৰচণ্ড ঠাণ্ডাৰ দিনত এই প্ৰতিবাদকাৰীসকলৰ ওপৰত পানী ছটিওৱা হৈছিল। এটা সময়ত তেওঁলোকক পানী, বিজুলী আদি নুন্যতম সুবিধাৰ পৰাও চৰকাৰে বঞ্চিত কৰি ৰাখিছিল।
মুঠৰ ওপৰত গণতান্ত্ৰিত দেশ এখনত এটা শান্তিপূৰ্ণ প্ৰতিবাদক মোহাৰি পেলাবলৈ চৰকাৰে সকলো ধৰণৰ পদ্ধতি গ্ৰহণ কৰিছিল। এই কৃষক আন্দোলনত প্ৰায় ৭০০-ৰো অধিক কৃষকৰ মৃত্যু হৈছিল, কিন্তু কৃষকৰ দুগুণ উপাৰ্জনৰ কথা,কৃষকৰ হিতৰ কথা কোৱা চৰকাৰ এই ক্ষেত্ৰত চকু মুদা কুলিৰ অভিনয়ত ব্যস্ত আছিল। চৰকাৰৰ ফালৰ পৰা এই মৃত্যু হোৱা কৃষৰসকলৰ সন্দৰ্ভত একো কথা চাগে শুনাও পোৱা নগ’ল।
এই সকলোবোৰৰ পিছত এইবাৰ আহিছো পৰীক্ষাৰ্থীৰ প্ৰসংগলৈ। সৌ সিদিনা RRB NTPC- ৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদে এটা সময়ত হিংসাত্মক ৰূপ ধাৰণ কৰে যাৰ ফলত আৰক্ষীয়ে শিক্ষাৰ্থী থকা লজৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকক প্ৰহাৰ কৰে।
এইখিনিতে উল্লেখনীয় যে, জে এন ইউ-ত হোষ্টেলত শিক্ষাৰ্থীসকলৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ তদন্ত আৰক্ষীয়ে আজিলৈ সম্পূৰ্ণ কৰিব পৰা নাই, কৃষকক মহতিয়াই নিয়াৰ প্ৰমাণ থকাৰ পিছতো মন্ত্ৰীৰ পুতেকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। কিন্তু বছৰৰ পিছত বছৰ ধৰি পৰীক্ষা আৰু তাৰ পিছত পৰীক্ষাৰ শুদ্ধ ফলাফলৰ বাবে প্ৰতিবাদ কৰা শিক্ষাৰ্থীসকলৰ ওপৰত এয়া হৈছে আৰক্ষীয়ে প্ৰদৰ্শন কৰা বীৰত্বৰ নমুনা। ২০১৯ চনতে নটিফিকেশ্যন উলিওৱা চৰকাৰে ২০২২ পৰ্যন্ত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত ব্যৰ্থ। প্ৰথমে পৰীক্ষা অনুষ্ঠিত কৰাত পলম আৰু পিছত ফলাফলৰ ক্ষেত্ৰত বিসংগতি।
হয়তো এনেকৈয়ে গোটেই নিযুক্তি প্ৰক্ৰিয়াটো ২০২৪-ৰ নিৰ্বাচনৰ কাষলৈ ঠেলি নিয়াৰ জল্পনা-কল্পনা আছিল। ইয়ে আচলতে চৰকাৰৰ সদিচ্ছা আৰু কৰ্মদক্ষতাৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰে। আচলতে নিৰ্বাচনত দিয়া ভাষণবোৰ কেৱল ভাষণৰ বাবেই কোৱা হয় নেকি? শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ চৰকাৰ চিন্তিত নহয় নেকি? যদি চিন্তিত হয়, তেন্তে এনে ধৰণৰ পলমবোৰ কিহৰ বাবে সংঘটিত হয়?
মুঠৰ ওপৰত কৰোণা মহামাৰীৰ ক্ষেত্ৰতেই হওঁক বা নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰতেই হওঁক; নাগৰিকত্ব সংশোধনী আইনৰ কথা বুজোৱাৰ ক্ষেত্ৰতেই হওঁক নাইবা কৃষি আইন তিনিখন বুজোৱাৰ ক্ষেত্ৰতেই হওঁক- চৰকাৰ সাংঘাটিকভাৱে ব্যৰ্থ হৈছে। আৰু এই ব্যৰ্থতাৰ বাবে সন্মুখীন হোৱা সমালোচনা আৰু প্ৰশ্নৰ পৰা নিজকে বচাবলৈ সময়ে সময়ে তেওঁলোকে চৰকাৰক সমালোচনা কৰিলেই দেশক বদনাম কৰা বুলি এক ধাৰণা গঢ়াৰ প্ৰয়াস কৰে। কিন্তু চৰকাৰক সমালোচনা কৰিলেই দেশক সমালোচনা কৰা বা দেশক বদনাম কৰা হ’ব নোৱাৰে।
এখন গণতান্ত্ৰিক দেশত ৰাইজে নিৰ্বাচিত কৰা চৰকাৰক সমালোচনা কৰাৰ অধিকাৰ প্ৰতিজন নাগৰিকৰে থাকে আৰু শাসনাধিষ্ঠ চৰকাৰে তেনে সমালোচনাক দেশৰ সমালোচনা বুলি কৈ আভুৱা ভাঁৰা কোনো কালেই গ্ৰহণযোগ্য হ’ব নোৱাৰে। দেশ আৰু কোনো ৰাজনৈতিক দলৰ চৰকাৰ, এই দুয়োটা পৃথক অনুষ্ঠানক কাৰোবাৰ ব্যৰ্থতা ঢকাৰ স্বাৰ্থত একেটা বুলি সাধাৰণ জনতাক পতিয়ন নিয়াৰ এই চেষ্টা গৰিহণাযোগ্য।
লেখকৰ যোগাযোগ নম্বৰ: ৭৫৭৭০৯৯৩৮৩