• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

জুবিনক দোষ নিদিব

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
August 15, 2020 6:12 pm
গীত পৰিৱেশন কৰি অৰ্জন কৰা সা-সম্পত্তি পৰৱৰ্তী সময়ত ৰাইজকে দি যাম : জুবিন গাৰ্গ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবিচি (BBC)ত ষ্টিফেন ছাকাৰ নামৰ এগৰাকী সাংবাদিক-বিশ্লেষকে নিয়মীয়াকৈ ‘হাৰ্ড টক ‘(Hard Talk) নামৰ এক অনুষ্ঠানৰ আয়োজন কৰে।বিশ্বজুৰি সমাদৃত এই আলোচনাৰ অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰা হয় বিভিন্ন ক্ষেত্ৰত  খ্যাতি লাভ কৰা বিশ্বৰ প্ৰসিদ্ধ লোকসকলক।

ৰাজনীতিবিদ, কূটনীতিবিদ, বিজ্ঞানী, চিকিৎসক, সাহিত্যিক, অভিনেতা, পৰিবেশবিদ আদি বৈচিত্ৰ্যময় ব্যক্তিত্বৰ সমাহাৰ ঘটে এই অনুষ্ঠানত। ষ্টিফেন ছাকাৰৰ গৱেষণাধৰ্মী, অতি প্ৰাঞ্জল ভাষাত উপস্থাপিত প্ৰশ্নবাণত আমাৰ দৰে সাধাৰণ দৰ্শকসকল প্ৰায়ে মন্ত্ৰমুগ্ধ হৈ পৰো। বিগত বহু বছৰ ধৰি এই লেখকে নিয়মীয়াভাৱে এই ‘হাৰ্ড টক’ অনুষ্ঠানটো  উপভোগ কৰি আহিছো। অনুষ্ঠানটো উপভোগ কৰি অনুভৱ কৰিব পাৰিছোঁ প্ৰাচ্য আৰু পাশ্চাত্যৰ সমাজ জীৱন, সাংস্কৃতিক পৰিমণ্ডল আৰু সৰ্বোপৰি মানৱীয় মননৰ ব্যাপক প্ৰভেদৰ গভীৰতা। দুটামান উদাহৰণ দাঙি ধৰিবলৈ বিচাৰিছো।

আজি কিছুদিন আগতে ‘হাৰ্ড টক’ অনুষ্ঠানৰ অতিথি আছিল ডেম জেন মৰিছ গোডাল (Dame Jane Morris Goodal) নামৰ প্ৰখ্যাত ব্ৰিটিছ প্ৰাইমেটোলোজিষ্ট (Primatologist)আৰু নৃতত্ত্ববিদজন। ১৯৩৪ চনত জন্মগ্ৰহণ কৰা এইগৰাকী ব্ৰিটিছ মহিলাই জীৱনৰ সুদীৰ্ঘ ষাঠিটা বৰ্ষ অতিক্ৰম কৰিছিল বনৰীয়া চিম্পাঞ্জীৰ  সামাজিক  আৰু পাৰিবাৰিক সম্পৰ্কৰ অধ্যয়ন কৰা কাৰ্যত। মাত্ৰ ছাব্বিছ বছৰ বয়সত ডেমে তাঞ্জানিয়াৰ ‘গোম্বে ষ্ট্ৰীম নেচনেল পাৰ্ক’ত বনৰীয়া চিম্পাঞ্জীৰ সংস্পৰ্শ লভিবলৈ এক দুৰ্বিষহ জীৱন আঁকোৱালি  লৈছিল আৰু সমগ্ৰ জীৱন উচৰ্গিত কৰিছিল এই অগতানুগতিক কৰ্মত। সেই একেই ‘হাৰ্ড টক’ অনুষ্ঠানৰ আন এটি খণ্ডৰ আমন্ত্ৰিত অতিথি  আছিল বিশ্ববিশ্ৰুত প্ৰকৃতিবিদ ক্ৰিষ্টোফাৰ গেৰি পাখাম (Christopher Gary Pakham)। ব্ৰিটিছ নাগৰিক পাখামৰ আছিল সহপাঠীবোৰৰ দ্বাৰা সততে অপমানিত হোৱাৰ এক অতীত আৰু তেওঁৰ চিৰসংগী হৈ পৰিছিল এক ধাৰাবাহিক অসুখীয়া জীৱন। ইয়াৰ পাছতো তেওঁ আঁকোৱালি লৈছিল প্ৰকৃতি সংৰক্ষণৰ এক প্ৰত্যাহ্বানমূলক জীৱন। দক্ষিণ ইংলেণ্ডৰ ‘নিউ ফৰেষ্ট’ত জীৱন অতিবাহিত কৰা এইজনা পৰিবেশবিদে এই পৰ্য্যন্ত ৰচনা কৰি উলিয়াইছে প্ৰকৃতি সংৰক্ষণ বিষয়ক কে’বাখনো প্ৰসিদ্ধ গ্ৰন্থ আৰু প্ৰস্তুত কৰিছে কে’বাখনো প্ৰকৃতি বিষয়ক  টিভি ধাৰাবাহিক। পৰিবেশতন্ত্ৰৰ সংৰক্ষণৰ দিশত পাখামক সমগ্ৰ বিশ্বতে এগৰাকী অগ্ৰণী ব্যক্তি বুলি বিবেচনা কৰা হয়।

সাধাৰণ পাৰম্পৰিক জীৱনশৈলীৰপৰা ইচ্ছাকৃতভাৱে বিচ্যুত হৈ জীৱনত কিবা এক অসাধাৰণ, অন্য হাজাৰজনৰ বাবে অনুকৰণীয় কিবা এটা কৰা বা প্ৰতিভা আৰু উদ্ভাৱনৰ অনন্য জীৱন গ্ৰহণৰ প্ৰত্যাহ্বান ল’ব পৰাৰ মানসিকতা আমাৰ দৰে দেশত বিৰল বুলিয়েই ক’ব লাগিব। সাধাৰণ এক কৈশোৰ-যৌৱন অতিবাহিত কৰি প্ৰতিষ্ঠানিক বিদ্যাৰ জোৰত চৰকাৰী বা ব্যক্তিগত খণ্ডত এক সুৰক্ষিত চাকৰি যোগাৰ কৰা; নিজৰ চাকৰি,অৰ্থ আৰু বংশ মৰ্য্যাদাৰ বলত আটাইতকৈ দীপলিপ ছোৱালী এগৰাকীৰ পাণিগ্ৰহণ (মহিলাৰ ক্ষেত্ৰত আটাইতকৈ আঢ্যৱন্ত, সৌন্দৰ্যৱান, প্ৰতিপত্তিশীল পুৰুষ এজনক স্বামী হিচাপে বৰণ); নিজাববীয়াকৈ ঘৰ, মাটি আৰু গাড়ী কিনা আৰু সৰ্বশেষত নিজৰ সতি-সন্ততিক সমধৰণৰ পথ এটালৈ ঠেলি দি বৃদ্ধাৱস্থাত সুৰক্ষিত হ’ব বিচৰা মধ্যবিত্তীয় আকাংক্ষাৰে ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ লোক আক্ৰান্ত বুলি ক’ব পাৰি। আজি কেইবছৰমান আগতে এগৰাকী কৌটিপতি অসমীয়া ব্যৱসায়ীয়ে এই লেখকৰ আগত কৈছিল– “ছোৱালীজনীয়ে চাকৰিটো কৰিয়েই ফেমিলি ব্যৱসায়টো চলাই আছে। মইও চাকৰিটো বাদ দিব লাগে বুলি কোৱা নাই। যি নহওক  ইউ জি চিৰ শকত দৰমহা এটা পাই আছে। বাদ দিয়েনো কিয় বাৰু!”

এই মানসিকতাৰে আমি সোঁ-বাওঁ, প্ৰগতিশীল- অপ্ৰগতিশীল সকলো লোক পৰিচালিত। সেইবাবে শ্ৰেণীসংগ্ৰাম কৰিবলৈ ওলাই অহাজনকো জ্যেষ্ঠজনে উপদেশ দিয়ে– “পাৰিলে ঘৈণীয়েৰাৰ বাবে চৰকাৰী চাকৰি এটা বিচাৰি ল’বা। তেতিয়া আৰু ঘৰ চলাবলৈ একো চিন্তা নকৰিলেও হ’ব।” একসুৰীয়া (stereotype), কোনোধৰণৰ বিচিত্ৰতা নথকা এই জীৱনশৈলী আমাৰ চিৰ অনুকৰণীয় বাবে পশ্চিমৰ দেশসমূহৰ পৰা সৃষ্টি হোৱা জীৱন-ব্যক্তিত্ব  আৰু প্ৰতিভা আমাৰ সমাজত বিকশিত নহয় বুলি আমি বিশ্বাস কৰোঁ।

মূল কথালৈ আহিছোঁ। শেহতীয়াভাবে অসম চৰকাৰৰ কৃষি বিভাগে জনপ্ৰিয় গায়ক জুবিন গাৰ্গক বিভাগটোৰ ‘ব্ৰেণ্ড এম্বেছাডৰ’ ( অসমীয়াত ইয়াৰ পৰিভাষা কি হ’ব তাক অসম চৰকাৰে শীঘ্ৰে নিশ্চিত কৰিব লাগে) হিচাপে ঘোষণা কৰাক লৈ সমগ্ৰ সামাজিক মাধ্যম উত্তাল হৈ আছে। বহুতে ক’ব খোজে যে যিহেতু জুবিন গাৰ্গে ‘কা'(CAA) বাতিল নকৰা পৰ্যন্ত চৰকাৰৰ বিৰুদ্ধে অবিৰত অৱস্থান ল’ব বুলি ৰাজহুৱা ঘোষণা দিছিল, সেয়েহে অসম চৰকাৰৰ এটা বিভাগৰ ‘ব্ৰেণ্ড এম্বেছাডৰ’ হোৱাটো এক চূড়ান্ত আপোচ। এজন সাধাৰণ নাগৰিক হিচাপে এই অভিযোগটোৰ একো তলা-নলা ধৰিব পৰা নাই বাবে আমি এই ছেগতে কেইটামান প্ৰশ্ন/বিষয় উত্থাপন কৰিবলৈ বিচাৰিছো:–

ক) প্ৰথম কথা, আমি ইতিমধ্যে উল্লেখ কৰা একসুৰীয়া বৈশিষ্ট্যহীন জীৱনশৈলীৰে সৃষ্টি হৈছে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ। অসমত বসবাস কৰি অহা কৌটি কৌটি সাধাৰণ নাগৰিকৰ লেখিয়াকৈ জুবিন গাৰ্গৰো আছে ব্যক্তিগত আশা-আকাংক্ষা, সা-সম্পত্তি, খ্যাতি আদিৰ স্বভাৱগত লোভ। আমি কৌটি কৌটি সাধাৰণ নাগৰিকে যেনেদৰে এইবোৰ পৰিত্যাগ কৰি সমাজ আৰু জাতীয় জীৱনৰ কিবা মহান স্বাৰ্থৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিবলৈ আগবাঢ়ি নাহো সেয়েহে তেনে ত্যাগ আনৰ পৰা বিচাৰিবও নালাগে।

খ) যি হাজাৰ-বিজাৰলোকে প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি লতাশিল খেলপথাৰত সমৱেত হৈছিল তাৰে সৰহভাগে আজিও শাসক দলটোকে ভোট দিবলৈ প্ৰস্তুত। যদিহে ‘কা’ আইনখন অনাৰ বাবে বিজেপি দলটো দাঁতৰ কূটা চকুৰ হুল যেন হৈ পৰিছিল তেন্তে বিগত লোকসভা নিৰ্বাচনতে দলটোৱে মুখ ঠেকেচা খাব লাগিছিল। কিন্তু সেইটো নহ’ল কিয়? ইয়াৰ অৰ্থ এয়ে যে ‘অসম মৰিলে আমিও মৰিম’ বুলি শ্লোগান দিয়াসকলৰ সৰহভাগে আজিও পদুমৰ ছত্ৰছায়াতে আছে। অথবা অসমীয়া বা অসমৰ আন খিলঞ্জীয়া লোকসকলৰ সামাজিক-ৰাজনৈতিক অৱস্থানক অৱজ্ঞা কৰিও শাসন ক্ষমতা দখল কৰিবপৰা এক জনগাঁথনি অসমত ইতিমধ্যে সৃষ্টি হৈছে। যদি ই সত্য হয় তেন্তে যিসকলে বিনাদ্বিধাই বিজেপিক ভোট দিছে সেইসকলৰ সৈতে জুবিনৰ পাৰ্থক্য ক’ত? যদিহে অসমৰ গৰিষ্ঠসংখ্যক লোকে বাহিৰত ‘কা’ৰ বিৰোধিতা কৰি ভিতৰি ভিতৰি বিজেপি দলক ভোট দি থাকিব পাৰে তেন্তে  জুবিনে চৰকাৰী  এক আলংকাৰিক সন্মান কিয় গ্ৰহণ কৰিব নোৱাৰে!

গ) ‘কা’ৰ বিৰোধিতা কৰি আজি সুদীৰ্ঘকালধৰি কোন কাৰাৰুদ্ধ হৈ আছে তাক আজি আৰু কাকো কোৱাৰ প্ৰয়োজন নাই। সমগ্ৰ অসমবাসীয়ে কথাটো জানে। আজি সদৌ অসম ছাত্ৰ সন্থাই কেৱল বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত আঞ্চলিক দল গঠন কৰাৰ কথা কৈছে জানো? যদিহে কাইলৈ আছুৰ নৱগঠিত দলটোৰপৰা নিৰ্বাচিত গণপ্ৰতিনিধিসকলে বিজেপিৰ লগ হৈ চৰকাৰ গঠন কৰে তেন্তে তেওঁলোকক অসমবাসীয়ে কি বুলি ক’ব?

ঘ) শেহত, আজি বহু বছৰধৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ হেৰাই যোৱা গীত ৰচনা আদিৰ পুনৰুদ্ধাৰ আৰু সংগ্ৰহৰ এক প্ৰচেষ্টা চলি আছে যদিও এই প্ৰচেষ্টাই বিশেষ সফলতাৰ মুখ দেখিব পৰা নাই। একেদৰে অসমৰ বহু আধুনিক গীত আজি বিস্মৃতিৰ গৰাহত। সংৰক্ষণৰ অভাৱত আৰু লোক পৰম্পৰাৰ অনুশীলন অটুট নথকাৰ বাবে লোক সাহিত্য আৰু লোক সংস্কৃতিৰ বহু সমল আজি আমাৰ মাজৰপৰা হেৰাই গৈছে। সেইবোৰ সংগ্ৰহ কৰি এক জাতীয় অভিলেখাগাৰ (National Archive) গঢ়াৰ সজ প্ৰচেষ্টা আজিলৈ অসমৰ কোনো শিল্পী, গায়ক,অভিনেতা, সাহিত্যিক, ৰাজনীতিবিদ, বুৰ্জোৱা উদ্যোপতি আদিয়ে লোৱা দেখা নগ’ল। এনে কাম কৰিবলৈ আমাৰ সদিচ্ছা নাই। নাই জাতিৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত ব্যক্তিগত আশা-আকাংক্ষা ত্যাগ কৰাৰ সাহস। সেয়েহে হয়তো আমি ডেম জেন মৰিছ বা গেৰি পাখামৰ নিচিনা লোকৰ জন্ম দিবলৈ ঐতিহাসিক ভাৱে অক্ষম।

(লেখকৰ e-mail : [email protected])

কিশোৰ কুমাৰ কলিতা

কিশোৰ কুমাৰ কলিতা

গুৱাহাটীস্থিত এজন নিয়মীয়া লেখক

Stay Connected

  • 117k Fans

Recent News

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm
গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

গাজাত সাংবাদিকক হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা ভাৰতৰ

August 27, 2025 1:56 pm
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: ধুবুৰীত দুৰ্গা পূজালৈকে অব্যাহত থকিব শ্বুট-এট-চাইট অৰ্ডাৰ

August 27, 2025 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

আই পি এলৰ পৰাও অৱসৰ ল’লে অশ্বিনে; আজি বিশেষ দিনটোতেই ‘সামৰণি’ৰ ঘোষণা

August 27, 2025 2:16 pm
আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু ফিজিৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা

August 27, 2025 2:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd