NORTHEAST NOW (Assamese)

ৰে’লত ভুলতো ক্ৰয় নকৰিব পাৱাৰ বেংক : নহ’লে ঠগ খাব আপুনি

June 20, 2024 1:05 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বিভিন্ন ক্ষেত্ৰত প্রতিদিনে প্রৱঞ্চনা আৰু দুর্নীতিৰ নতুন নতুন অভিযোগ উত্থাপন হৈছে৷ দৈনিক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যেনে চাউল আৰু দালিৰ পৰা দামী টিভি-ফ্ৰিজলৈকে সকলোতে নকল সামগ্ৰীৰে ভৰি পৰিছে। মূল পেকেজিঙৰ ভিতৰত পুৰণি বা ভুৱা সামগ্ৰী ভৰাই বিক্ৰী কৰি গ্ৰাহকক হাৰাশাস্তি কৰিছে। এইবাৰ পাৱাৰ বেংকতো এনেধৰণৰ জালিয়াতি ধৰা পৰিছে।

ৰেলত বিক্ৰী হোৱা সস্তীয়া পাৱাৰ বেংকৰ ভিতৰত কি আছে জানেনে? আপুনি আচৰিত হ’ব।

বিক্ৰেতাসকলে দীৰ্ঘ দূৰত্বৰ ৰে’লত বিভিন্ন সামগ্ৰী কঢ়িয়াই লৈ ফুৰে। ইয়াৰ উপৰিও বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰীও বিক্ৰী কৰে। বজাৰত ১০০০-২০০০ টকাত কিনিবলৈ পোৱা ম’বাইল চাৰ্জিং পাৱাৰ বেংক ৰে’লত ৪০০-৫০০ টকাত বিক্ৰী কৰা হয়। ইমান সস্তাত পাৱাৰ বেংক কেনেকৈ বিক্ৰী কৰিব পাৰে?

কিয়ন পাৱাৰ বেংকবোৰ ১০,০০০ বা ২০,০০০ mAh বুলি লিখা থাকিলেও ভিতৰত সেই ধৰণৰ বেটাৰী নাই। তাৰ সলনি আছে মাটি।

শেহতীয়াকৈ এজন যাত্ৰীয়ে দীৰ্ঘ দূৰত্বৰ ৰে’লত যাত্ৰা কৰি থকা অৱস্থাত এটা ভুৱা পাৱাৰ বেংকৰ কথা পোহৰলৈ আনিছিল। ‘Scam 2024’ নামৰ ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে বিক্ৰেতাই বিভিন্ন মোবাইল কোম্পানীৰ পাৱাৰ বেংক দেখুৱাইছে। এই সকলোবোৰৰ দাম ৫০০ৰ পৰা ৫৫০ টকাৰ ভিতৰত। বিক্ৰেতাই দাবী কৰিছে যে পাৱাৰ বেংকে এবছৰৰ নিশ্চয়তাও পাব। কিন্তু যুৱজনকে বিক্ৰেতাৰ পৰা পাৱাৰ বেংকটো ক্ৰয় কৰি ভাঙি চাই দেখে যে এই পাৱাৰ বেংকৰ ভিতৰত বেটাৰীৰ সলনি আছে মাটি।

লগে লগে বিক্ৰেতাই যুৱকজনৰ হাতৰ পৰা পাৱাৰ বেংকটো কাঢ়ি লৈ ​​গ’ল। বিক্ৰেতাজন অধিক উত্তেজিত হৈ পৰে। আৰু যাত্ৰীজনক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰে।

Related News