টেট শিক্ষকৰ মাজত বিভাজন নানিবলৈ শিক্ষা মন্ত্ৰীক সকিয়ালে টেট উত্তীৰ্ণ শিক্ষক সমাজে

89caa23c-1b80-49c4-919e-f057289fbf1d

ফটো : নৰ্থ-ইষ্ট নাও

টেট শিক্ষক সমাজৰ মাজত বিভাজনৰ চেষ্টা নকৰিবলৈ শিক্ষা মন্ত্ৰীক সকিয়াই দিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সন্থাটোৱে তেওঁলোকক শিক্ষা মন্ত্ৰীয়ে কাইলৈ অৰ্থাৎ ২ ছেপ্তেম্বৰত হ’ব লগীয়া আলোচনালৈ নিমন্ত্ৰণ নজনোৱাক লৈ ক্ষুভিত হৈ পৰে।

সভাপতি ডেকাই কয়, ‘বিজেপি চৰকাৰে ২০১৬ চনৰ নিৰ্বাচনী ইস্তাহাৰত কৈছিল যে, তেওঁলোক শাসনলৈ আহিলে টেট উত্তীৰ্ণ শিক্ষক সকলৰ সমস্যাসমূহ সমাধান কৰিব কিন্তু আজি তিনিবছৰ পাৰ হৈ যোৱাৰ পাছতো বিজেপি চৰকাৰে আমাৰ দাবী সমূহ সমাধান নকৰিলে’।

‘যোৱা ২৯ জুনত খানাপৰা খেলপথাৰত শান্তিপূৰ্ণভাৱে হোৱা আন্দোলনৰ দ্বাৰা আমি আশা কৰিছিলো যে শিক্ষা মন্ত্ৰীয়ে আমাৰ সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব। কিন্তু শিক্ষা মন্ত্ৰী গৰাকীয়ে অতি দুৰ্ভাগ্যজনক ভাৱে আমাক আলোচনাত নামাতিলে’। এইদৰে কয় ডেকাই।

আনহাতে সন্থাৰ সম্পাদক মিৰাজুল ৰচিডে কয়, ‘আমি তেওঁক লগ কৰিবলৈ মেইল কৰাত তেওঁ আমাক পত্ৰৰ যোগে জনাই যে ইতিমধ্যে তেওঁ আলোচনাৰ বাবে টেট শিক্ষকৰ মাজৰে কেইজনমানক মাতিছে’।

‘এতিয়া প্ৰশ্ন হ’ল ২০১২ চনৰ পৰাই টেট শিক্ষক সকলক প্ৰতিনিধিত্ব কৰি অহা সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজক কিয় ইয়াত উপেক্ষিত কৰা হ’ল’। ৰচিডে মন্তব্য কৰে।

‘আমি কোনো ৰাজনৈতিক দল নহয় আমি সাধাৰণ টেট শিক্ষকহে। আমাৰ নিজৰ চাকৰিটোৱে নিয়মীয়াকৰণ হোৱা নাই। শিক্ষা মন্ত্ৰীলৈ বিনম্ৰ অনুৰোধ আমাক লৈ ৰাজনীতি নকৰিব আমাৰ চাকৰিতো নিয়মীয়াকৰণ কৰক’। সম্পাদক গৰাকীয়ে কয়।

আনহাতে সম্পাদকগৰাকীয়ে উল্লেখ কৰে যে কাইলৈ শিক্ষা মন্ত্ৰীয়ে যি কেইজন টেট শিক্ষকৰ লগত আলোচনাত বহিব যদি তাত আমাৰ বিপৰীতে সিদ্ধান্ত গ্ৰহণ কৰে তাক আমি কেতিয়াও মানি নলও।

আজিৰ সংবাদমেলৰ যোগেদি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে সম্পূৰ্ণ বিষয়টোত মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে লগতে টেট শিক্ষকসকলৰ সমস্যা সমাধান কৰিব নোৱাৰা শিক্ষা মন্ত্ৰীক ব্যৰ্থ শিক্ষা মন্ত্ৰী হিচাপে অভিহিত কৰে।