ভৰি নিদিব বিজেপিৰ ‘চক্ৰান্ত’ত, বাঙালী সংগঠনক আহ্বান চি পি আই-এমৰ

শিলাদিত্য দেবৰ ধাৰাৱাহিক “বিতৰ্কিত” মন্তব্যৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোৱে বিজেপিৰ “অভিসন্ধি” থকাটো প্ৰমাণ কৰিছে: সুপ্ৰকাশ তালুকদাৰ

cpi-m-assam

প্ৰতিনিধিত্ব্মূলক ছবি। ফে’চবুকৰ পৰা।

নাগৰিকত্ব বিধেয়কৰ সমৰ্থন কৰিবলৈ গৈ বিজেপিৰ “চক্ৰান্ত”ত ভৰি দি অসমীয়া আৰু বাংলাভাষীৰ মাজত বিদ্বেষ সৃষ্টি নকৰিবলৈ ৰাজ্যৰ বাঙালী সংগঠনসমূহক আহ্বান জনাইছে চি পি আই (এম)এ।

ভোটৰ স্বাৰ্থত বিধেয়কৰ সমৰ্থনত বাংলাভাষী হিন্দুসকলক “সমবেত আৰু উত্তেজিত” কৰাৰ বাবে শাসনাধিষ্ঠ দলটোৱে পৰিকল্পনা কৰিছে বুলি অভিযোগ কৰিছে বাওঁপন্থী ৰাজনৈতিক দলটোৱে।

“আগন্তুক নিৰ্বাচনত ভোটৰ স্বাৰ্থতেই নাগৰিকত্ব বিধেয়কৰ সমৰ্থনত বাংলাভাষী হিন্দু লোকক সমবেত আৰু উত্তেজিত কৰাৰ বাবে বিজেপিয়ে পৰিকল্পনা লৈ আছে,’’ বৃহস্পতিবাৰে গুৱাহাটীত সংবাদমেলযোগে এই মন্তব্য দলটোৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক দেবেন ভট্টাচাৰ্য্যৰ।

বিজেপিৰ একাংশ নেতা বিশেষকৈ শিলাদিত্য দেবৰ ধাৰাৱাহিক “বিতৰ্কিত” মন্তব্যৰ পিছতো দল বা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোৱে দলটোৰ “অভিসন্ধি” থকাটো প্ৰমাণ কৰিছে বুলিও সংবাদমেলত মন্তব্য কৰিছে চি পি আই (এম)ৰ নেতা সুপ্ৰকাশ তালুকদাৰে।

বাওঁপন্থী নেতা তালুকদাৰে লগতে কয় যে শিলাদিত্য দেবক চৰকাৰে নিয়ন্ত্ৰণ নকৰাৰ প্ৰতিক্ৰিয়াৰূপেই আলফা নেতা মৃণাল হাজৰিকাই “আপত্তিজনক” মন্তব্য কৰিব পাৰিছে। “শিলাদিত্য দেবক নিয়ন্ত্ৰণ নকৰাৰ বাবেই আলফা নেতা মৃণাল হাজৰিকায়ো আপত্তিজনক মন্তব্য কৰিব পাৰিছে– যাৰ দ্বাৰা এক অশান্তিৰ পৰিৱেশৰ সূচনা হ’ব পাৰে,” মন্তব্য তালুকদাৰৰ।

লগতে পঢ়ক– নাগৰিকত্ব বিধেয়ক সমৰ্থনকাৰী বাঙালীসকলক চৰম সকীয়নি আলফা নেতা মৃণাল হাজৰিকাৰ

ধৰ্মৰ লগতে অসমীয়া আৰু বাঙালীৰ মাজত বিভাজনৰ বাবেও বিজেপি “সক্ৰিয় হৈ পৰিছে” বুলি মন্তব্য কৰি বাওঁপন্থী দলটোৱে “উগ্ৰ জাতীয়তাবাদ”ৰ পৰিৱৰ্তে সকলো জাতি-জনগোষ্ঠীৰ “ঐক্যবদ্ধ” প্ৰতিবাদৰ পোষকতা কৰিছে।

“উগ্ৰ জাতীয়তাবাদ নহয়, অসমৰ সকলো জাতি-জনগোষ্ঠীৰ ঐক্যবদ্ধ প্ৰতিবাদহে বিজেপি চৰকাৰৰ অসম বিৰোধী কৰ্মকাণ্ডৰ উচিত প্ৰত্যুত্তৰ হ’ব পাৰে,” এই মন্তব্য দেবেন ভট্টাচাৰ্য্যৰ।

বিধেয়কখনৰ বিৰুদ্ধে নতুন দিল্লীত গৈ প্ৰতিবাদ জনাব বাওঁপন্থী দলসমূহৰ লগতে আন কেইবাটাও দলৰ ঐক্যমঞ্চ বাওঁ গণতান্ত্ৰিক মঞ্চ, অসমে।

“ডিচেম্বৰত হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম ভাগতেই নগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে দিল্লীলৈ গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিম,” ঘোষণা বাওঁপন্থী নেতা তালুকদাৰৰ।

আনহাতে বিজেপি উত্থাপিত এই বিধেয়ক ভাৰতৰ সংবিধানৰ ওপৰত আক্ৰমণ বুলি মন্তব্য কৰিছে দলটোৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়ক উদ্ধৱ বৰ্মনে। ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নথকা সূত্ৰে বিধেয়কখন গৃহীত কৰিব নোৱাৰাৰ বাবে অধ্যাদেশ জাৰি কৰি হ’লেও ইয়াক আইনত পৰিণত কৰাৰ বাবে বিজেপিয়ে চেষ্টা কৰা বুলিও বৰ্মনে মন্তব্য কৰে।

‘‘ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দি বিজেপিয়ে দেশৰ সংবিধানক আক্ৰমণ কৰাৰ লগতে শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। ৰাজ্যসভাত গৃহীত নহ’ব বুলি জানি বিজেপিয়ে এতিয়া অধ্যাদেশ জাৰি কৰি হ’লেও বিধেয়কখন আইনত পৰিণত কৰাব বিচাৰিছে,” বিধেয়কখন প্ৰত্যাহাৰ নকৰিলে “প্ৰত্যাহ্বান” অহাতো নিশ্চিত বুলি উল্লেখ কৰি এই মন্তব্য প্ৰাক্তন সাংসদজনৰ।