“চিঞৰি কথা নক’ব, মনে মনে থাকক..” বিজেপি নেতা কৌস্তুভ বাগচিক ধমক মুখ্য ন্যায়াধীশৰ

আজি উচ্চতম ন্যায়ালয়ত আৰ জি কৰ গোচৰৰ শুনানিৰ সময়ত উচ্চস্বৰত কথা কোৱাৰ বাবে বিজেপি নেতা তথা যুৱ অধিবক্তা কৌস্তুভ বাগচিক ধমক দিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে।

বাগচিৰ আচৰণত ক্ষুব্ধ হৈ মুখ্য ন্যায়াধীশগৰাকীয়ে তেওঁক ভাবুকি দি নীৰৱ কৰি ৰাখে।

চন্দ্ৰচূড়ে ধমকিৰ সুৰত কয়, “চিঞৰি কথা ন’কব, সৰুকৈ কওক আৰু আদালতৰ কথা শুনক।”

ইয়াৰ পিছত অৱশ্যে সম্পূৰ্ণ নিমাত হৈ পৰে কৌস্তুভ বাগচি।

আৰ জি কৰ গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছিল যে ধৰ্মঘটৰ অন্ত পেলাই পুনৰ কামলৈ উভটিব লাগে চিকিৎসক সকলে। মঙলবাৰে ৫ ব্জাৰ ভিতৰত ধৰ্মঘট সামৰিবলৈ সময়সীমা বান্ধি দিছে ন্যায়ালয়ে।

প্ৰশ্নোত্তৰৰ সময়ত কৌস্তৱে এই বিষয়ে ক’বলৈ আৰম্ভ কৰে। কলিকতা উচ্চ ন্যায়ালয়ৰ এটা গোচৰত ‘আবেদনকাৰী’ আছিল কৌস্তুভ বাগচি। গতিকে আজিৰ শুনানিত তেওঁ উপস্থিত আছিল। বিজেপি নেতাগৰাকীয়ে আদালতত প্ৰতিবাদকাৰী চিকিৎসকৰ সুৰক্ষাৰ কথা ক’বলৈ গৈ ৰাজনৈতিক নেতাৰ দৰে উচ্চ সুৰত ভাষণ দিয়ে।

এই চিঞৰত খং উঠে মুখ্য ন্যায়াধীশৰ। ন্যায়াধীশে কয়, “আপুনি বাহিৰৰ গেলেৰীৰ লগত কথা পাতিছে নেকি? যোৱা ২ ঘণ্টা ধৰি আপোনাৰ আচৰণ চাই আছো। মাতটো কম কৰক আৰু মুখ্য ন্যায়াধীশৰ কথা শুনক। মাতটো বঢ়াব নালাগে।”

মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয়, “আপুনি ক’ত থিয় হৈ কথা কৈছে মনত ৰাখিব। তিনিজন বিচাৰকৰ সন্মুখত আাছে আপুনি। ইমান জোৰেৰে কথা কোৱাৰ কি প্ৰয়োজন?”

ইয়াৰ পিছত ন্যায়াধীশে প্ৰশ্ন কৰে, “আপুনি কি বিচাৰে? ন্যায় বিচাৰে নে ইয়াত থিয় হৈ ৰাজনীতি কৰিব বিচাৰে?”

বিজেপি নেতাৰ এই আচৰণত মুখ্য ন্যায়াধীশে গ্ৰহণ কৰা ভূমিকাক আদৰণি জনায় তৃণমূলে।