লোহাৰ ৰডৰ থেতেলনিৰে মাতৃক হত্যা পুত্ৰৰ, ‘ডাবল মাৰ্ডাৰ’ৰ চাঞ্চল্যই কঁপাইছে শিলচৰ

Jakir Hussain Laskar, the accused who killed his mother coming out of SMCH post medical treatment

মাতৃ্হন্তা জাকিৰ হুছেইন লস্কৰ। ছবি- নৰ্থ ইষ্ট নাও।

কেন্সাৰ আক্ৰান্ত অৱসৰপ্ৰাপ্ত শিক্ষক এজনক দাৰে ঘপিয়াই মৰাৰ ঘটনাই সৃষ্টি কৰা চাঞ্চল্যৰ মাজতে পুত্ৰই মাতৃক হত্যা কৰাৰ এক ঘটনাই শনিবাৰে জোকাৰি গৈছে শিলচৰ চহৰ।

আৰক্ষী সূত্ৰ অনুসৰি চহৰখনৰ দাঁতিৰ অতাল বস্তিত শুকুৰবাৰে শেহ নিশা জামিৰুন নেছা (৬৫ বছৰীয়া) নামৰ মহিলাগৰাকীক এডাল প্ৰকাণ্ড লোহাৰ ৰদেৰে থেতেলিয়াই হত্যা কৰে তেওঁৰে জ্যেষ্ঠ পুত্ৰ জাকিৰ হুছেইন লস্কৰ (৪৮ বছৰীয়া)এ।

চুবুৰীয়া লোকে জনোৱা মতে মহিলাগৰাকীক ইমানেই বেয়াকৈ আঘাত কৰা হৈছিল যে তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেল পোৱালৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

লগতে পঢ়ক- অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ লোমহৰ্ষক হত্যা

চুবুৰীয়া লোকসকলে জাকিৰ হুছেইন লস্কৰক মাৰ-ধৰ কৰি ঘুংগুৰ আৰক্ষী চকীত গতাই দিয়ে।

আৰক্ষী সূত্ৰই লগতে জনাই যে হত্যাকাৰী জাকিৰৰ মাকৰ সৈতে সু-সম্পৰ্ক নাছিল আৰু মাক সৰু পুতেকৰ লগত বাস কৰিছিল।

কিবা কামত হাইলাকান্দিলৈ যোৱা সৰু পুতেক শুকুৰবাৰে নিশা ঘূৰি অহা নাছিল আৰু নিশাই ভায়েকৰ ঘৰত প্ৰৱেশ কৰি জাকিৰে মাকক হত্যা কৰে।

ঘটনাটোৰ তদন্ত কৰি থকা ঘুংগুৰ আৰক্ষীয়ে জনোৱা মতে হত্যাকাৰী জাকিৰৰ বিৰুদ্ধে মিজোৰামটো এগৰাকী মহিলাক হত্যাৰ অভিযোগ আছে।