• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চমক দিলে নীৰজ চোপ্ৰাই! নীৰৱে পাতিলে বিয়া, জানি লওক পত্নী হিমানী ম’ৰৰ পৰিচয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2025 9:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ তাৰকা জেভলিন থ্ৰ’ৱাৰ তথা দুবাৰৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই একান্ত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। দেওবাৰে অনুৰাগী আৰু সতীৰ্থসকলৰ বাবে কিছু ভাল খবৰ দি সকলোকে আচৰিত কৰি তুলিলে নীৰজে। ২৬ বছৰীয়া এথলীটগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত বিয়াৰ কেইখনমান ফটো শ্বেয়াৰ কৰি হিমানী ম’ৰক বিয়াৰ কথা ঘোষণা কৰে।

একান্ত ব্যক্তিগত অনুষ্ঠানত নীৰজৰ বিয়াখন সম্পন্ন হয়। য’ত তেওঁৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ লোক উপস্থিত আছিল। নীৰজে বিয়াৰ বিষয়ে কাকো আগতীয়াকৈ অৱগত নকৰিলেও বিয়াৰ কিছু আভাস তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰাৰ সিদ্ধান্ত লয়। যিয়ে দম্পতীহালৰ সুখৰ অনুষ্ঠানৰ এটি আভাস দিয়ে।

নিজৰ এক্স হেণ্ডেলত সকলোৰে আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি নীৰজে লিখিছে, ‘এই মুহূৰ্তত আমাক একত্ৰিত কৰা প্ৰতিটো আশীৰ্বাদৰ বাবে কৃতজ্ঞ। প্ৰেমত বান্ধ খাই, সুখেৰে শেষ।’ ভাইৰেল হৈ পৰিল নীৰজৰ পোষ্ট। বহুতে তেওঁক অভিনন্দন জনাইছে।

হিমানী ম’ৰে কোন?

যেতিয়া নীৰজ চোপ্ৰাই নিজৰ বিয়াৰ ছবি নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰে তেতিয়া বহুতে হিমানী ম’ৰে আৰু তেওঁৰ পটভূমিৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰে। হিমানীৰ ঘৰ হাৰিয়ানাৰ শোনিপটত। তেওঁ টেনিছ খেলুৱৈ আছিল আৰু ইউনিভাৰ্চিটি গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

দিল্লীৰ মিৰাণ্ডা হাউছৰ পৰা শাৰীৰিক শিক্ষাত স্নাতক ডিগ্ৰী লাভ কৰিছে নীৰজৰ পত্নীয়ে। ইয়াৰ পিছত তেওঁ ফ্ৰেংকলিন পিয়াৰ্চ বিশ্ববিদ্যালয়ৰ পৰা ক্ৰীড়া ব্যৱস্থাপনা আৰু ফিটনেছ প্ৰশাসনত এম বি এ সম্পূৰ্ণ কৰে। বৰ্তমান হিমানীয়ে মেককৰ্মাক আইজেনবাৰ্গ স্কুল অৱ মেনেজমেণ্টৰ পৰা এম.এছ.চি. কৰিছে। আমহাৰ্ষ্ট কলেজত অধ্যয়নৰ সময়ত হিমানীয়ে স্বেচ্ছাসেৱক হিচাপে সহকাৰী প্ৰশিক্ষক হিচাপে কাম কৰিছিল।

বিবাহ অনুষ্ঠান সন্দৰ্ভত কওঁতে নীৰজ চোপ্ৰাৰ ককাক ভীমে কয় যে এই বিবাহ অনুষ্ঠান দুদিন পূৰ্বে ভাৰতত হৈছিল, কিন্তু গোপনীয়তা বজাই ৰাখিবলৈ বিয়াৰ সঠিক স্থান প্ৰকাশ কৰা নাই। সংবাদ সংস্থাৰ আগত ভীমে কয় যে, “হয়, দুদিন পূৰ্বে ভাৰতত বিয়াখন হৈছিল। ক’ত হৈছিল ক’ব পৰা নাই।” ভীমে লগতে কয় যে নীৰজ আৰু তেওঁৰ পত্নী হিমানীয়ে ইতিমধ্যে হানিমুনৰ বাবে বিদেশলৈ গৈছে। কিন্তু ভীমে ক’লৈ গৈছে সেই বিষয়ে একো নাজানে।

তেওঁ কয়, “ছোৱালীজনী শোনিপটৰ আৰু আমেৰিকাত পঢ়াশুনা কৰিছে। তেওঁলোকে হানিমুনৰ বাবে দেশ এৰি গুচি গৈছে। আৰু ক’লৈ গৈছে মই নাজানো। আমি এইটো তেনেকৈয়ে ৰাখিব বিচাৰিছিলো।”

जीवन के नए अध्याय की शुरुआत अपने परिवार के साथ की। 🙏

Grateful for every blessing that brought us to this moment together. Bound by love, happily ever after.

नीरज ♥️ हिमानी pic.twitter.com/OU9RM5w2o8

— Neeraj Chopra (@Neeraj_chopra1) January 19, 2025

পেৰিছ অলিম্পিকত পদক লাভৰ পিছত বিয়া পাতিলে নীৰজে

যোৱা বছৰৰ আগষ্ট মাহত পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ পিছতে নীৰজে হিমানীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল। ২০২১ চনত টকিঅ’ অলিম্পিকত ঐতিহাসিক স্বৰ্ণ জয় কৰাৰ পিছত পেৰিছত ৰূপৰ পদক লাভ কৰে নীৰজে। অলিম্পিকত ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ ভাৰতীয় নীৰজ। তেওঁ দুটা অলিম্পিক পদক লাভ কৰা চতুৰ্থজন ভাৰতীয় খেলুৱৈ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd