২০ ফেব্ৰুৱাৰিত প্ৰদান কৰা হ’ব ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা

ভবেন্দ্ৰ নাথ শইকীয়া ওপজা দিনৰ উপলক্ষ্যে ৰবীন্দ্ৰ ভৱনত আয়োজন কৰা হৈছে 'তিনিদিনীয়া নাট সমাৰোহ'

Press meet.jpg1

ন্যাসৰক্ষী সমিতিৰ সংবাদ মেল, ফ'টো- দ্বীপজ্যোতি শৰ্মা

শিশুৰ সাংস্কৃতিক তথা সামাজিক বিকাশৰ লক্ষ্যৰে প্ৰতিষ্ঠিত আৰোহনৰ উদ্যোগত ২০০৫ চনৰে পৰা ড。ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিনটোত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৷

তিনি দিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব নাট সমাৰোহৰ  লগতে বঁটা প্ৰদান অনুষ্ঠান  ৷

২০ ফেব্ৰুৱাৰিৰ দিনা ড。ভবেন্দ্ৰ নাথ শইকীয়াৰ অষ্টাশীতিতম ওপজা দিন উপলক্ষ্যে আৰোহনৰ চৌহদত ড。শইকীয়াৰ পুৰ্ণাঙ্গ প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব ৷ উন্মোচন কৰিব অসম চৰকাৰৰ মুখ্য সচিৱ সঞ্জয় কৃষ্ণই ৷ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক ড。লক্ষীনন্দন বৰা ৷

অৰ্থাৰাইটিছ ৰোগত আক্ৰান্ত হৈ জীৱনৰ এছোৱা সময় শয্যাশায়ী হৈ থকা মনিকা দাসক ২০১৯ বৰ্ষৰ ড。ভবেন্দ্ৰ নাথ শইকীয়া সোৱৰণী বঁটা প্ৰদান কৰা হ’ব ৷ তেখেতে শাৰীৰিক প্ৰত্যাহ্বানকো নেওচি অব্যাহত ৰাখিছে সাহিত্য চৰ্চা ৷

তেখেতৰ প্ৰাকাশিত কাব্যগ্ৰন্থ কেইখন হ’ল- এদিনৰ বাবে মোক আপোনাৰ প্ৰেয়সী বুলি ভাবক, তোমাৰ হাতত হাত থৈ আৰু নিৰ্বাচিত কবিতাৰ লগতে বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে বিভিন্ন কবিতা ৷

শাৰীৰিক প্ৰত্যাহ্বানকো নেওচি সাহিত্য চৰ্চাত নিজক ব্ৰতী ৰখাৰ বাবেই নিৰ্বাচন কৰা হৈছে এই বঁটাৰ বাবে ৷

২০ ফেব্ৰুৱাৰি সন্ধিয়া ৫·৩০ বজাৰ পৰা ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব লগীয়া বঁটা প্ৰদান অনুষ্ঠানত অসমৰ বিশিষ্ট সাহিত্যিক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড。লক্ষীনন্দন বৰাই মনিকা দাসক এই বঁটা প্ৰদান কৰিব৷

বঁটাত আছে ২৫ হাজাৰ টকা, মানপত্ৰ, স্মাৰক, কিতাপৰ  টোপলা আদি ৷ এক সংবাদমেল যোগে এই কথা জনাই মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়াই ৷ লগতে উপস্থিত থাকে  ন্যাসৰক্ষী তথা সম্পাদক মলয়া গোস্বামী, ন্যাসৰক্ষী গোপাল জালান, ইন্দ্ৰজিৎ দাস ৷