• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সশস্ত্ৰ সংগ্ৰামৰ তেজাল কাহিনী : ড০ হীৰেন গোহাঁই-এ উন্মোচন কৰিলে জুৰী বৰা বৰগোহাঞিৰ উপন্যাস “কেম’ফ্লেজ্”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2023 3:27 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা উত্তৰ-পূৱৰ যি সন্ত্ৰাস-জৰ্জৰিত পৰিবেশ-পৰিস্থিতি,  সি সামগ্ৰিক ভাৱে মানুহৰ জীৱনত কিমান প্ৰ্ৰভাৱ পেলাইছে তাৰ লেখ নাই। ইয়াৰ দ্বাৰা আটাইতকৈ প্ৰভাৱিত হৈছে প্ৰান্তীয় অঞ্চলৰ মানুহবোৰ। বিচিত্ৰ অভিজ্ঞতা, যাতনা, শোষণ নিপীড়নৰ কাহিনী প্ৰান্তে প্ৰান্তে সিঁচৰতি হৈ আছে। 

May be an image of text

এই কাহিনীবোৰ প্ৰকৃততে এসময়ৰ সশস্ত্ৰ সংগ্ৰামৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ অংশ। ৰাষ্ট্ৰ আৰু ৰাজ্যখনৰ জনগণৰ মাজত থকা সংঘাতৰ বিষয়ে অধ্যয়ন হৈ আছে। অসমীয়া সাহিত্যত সশস্ত্ৰ সংগ্ৰামৰ ইতিহাসৰ এই খণ্ডিত টুকুৰাবোৰ লৈ কেইবাখনো লেখত ল’বলগীয়া উপন্যাস ৰচনা হৈছে। 

ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ শেহতীয়া উপন্যাস “কেম’ফ্লেজ্”তো সেই সন্ত্ৰাস-জৰ্জৰিত প্ৰান্তীয় ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অংশক সুকীয়া আৰু সূক্ষ্ম দৃষ্টিকোণেৰে তুলি ধৰা হৈছে। মূলত ৰাষ্ট্ৰ আৰু ৰাজ্যখনৰ এচাম লোকৰ ধাৰণাত থকা বৈপৰিত্যৰ সংঘাত আৰু সেই সংঘাতক কেন্দ্ৰ কৰি যি ভয়ংকৰ পৰিবেশ জন্ম হ’ল তাৰফলত বহু নিৰীহ মানুহৰ জীৱনলৈ নামি অহা যাতনা, শংকা বিশেষকৈ নিৰীহ এচাম লোকে মুখামুখী হোৱা আভাবনীয় আৰু ভয়ংকৰ বাস্তৱক লৈ ৰচনা হৈছে “কেম’ফ্লেজ্”।

অসমৰ অভিজাত প্ৰকাশন গোষ্ঠী ‘জ্যোতি প্ৰকাশন’ৰ হৈ নগেন শৰ্মাই প্ৰকাশ কৰা দুশ সাতাৱন্ন পৃষ্ঠাৰ এই উপন্যাসখন আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে অসমৰ বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই-এ। 

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে বিষয়টোত নিজে লাভ কৰা অভিজ্ঞতা হিচাপে কয় যে উজনি-অসমত বিগত কেইবাটাও বছৰ কটোৱাৰ পিছত তেওঁ অনুভৱ কৰে যে এনে সংগ্ৰামৰ অন্তৰালত থকা বহু গুৰুত্বপূৰ্ণ কাহিনী মূল বাখ্যাৰ তলত থাকি গ’ল। সেয়ে এটা কাহিনী নিৰ্বাচন কৰি যেতিয়া লিখিবলৈ, তথ্য সংগ্ৰহ কৰিবলৈ কিছুমান ঠাইত ঔপন্যাসিকগৰাকী ঘূৰি ফুৰিছিল তেতিয়া তেওঁৰ ভাৱ হৈছিল- ‘মই তেজ আৰু মঙহৰ ওপৰেৰে খোজ কাঢ়ি আছো। এই অভিজ্ঞতা আচৰ্যকৰ আৰু ভয়ংকৰ কিয়নো এখন কিতাপ লিখিছো বুলি জনাৰ পিছত বহুতো মানুহে নিজৰ জীৱনৰ নিৰ্মম কাহিনীবোৰ ক’বলৈ আগবাঢ়ি আহিছিল। প্ৰায়বোৰ কাহিনী অতি বেদনাদায়ক আৰু শিহৰণকাৰী। জৰ্জৰিত অঞ্চলৰ এই মানুহবোৰৰ মাজত ঘূৰি ফুৰোতে অনুভৱ কৰিছিলো এই ঘটনাবোৰ কিমান ভয়ংকৰ আছিল। প্ৰান্তীয় জীৱনবোৰ হৈ পৰিছিল শকাৰে ভৰা, অসহায় আৰু ভীষণ কষ্টকৰ। এতিয়াও কিছুমান প্ৰান্তীয় অঞ্চলত এই কাহিনীৰ অন্ত পৰা নাই। ৰাষ্ট্ৰ-বাহিনী আৰু কিছুমান সংগঠনৰ মাজত সংঘাত চলিয়ে আছে। ফল স্বৰূপে উত্তেজনাও চলি আছে। ফলত সাধাৰণ জনগণে যাতনাও ভুগি আছে। এইখন উপন্যাস আচলতে কোনো সশস্ত্ৰ সংগঠনৰ ইতিহাস নহয় মাথো সামাজিক জীৱনত এনে সংগ্ৰাম, সংঘাতে প্ৰভাৱ পেলোৱা কাহিনীৰ এটা ক্ষুদ্ৰ অংশহে।’লেখিকাই উপলব্ধি কৰে যে কোনো সংঘাত, বিপ্লৱৰ চিৰস্থায়ী সমাধান সম্ভৱ নহয়। আনহাতে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক জীৱনত এনে সংগ্ৰাম, সংঘাতে অতি ব্যাপক তথা সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে।

জুৰী বৰা বৰগোহাঞিৰ নৱতম উপন্যাস “কেম’ফ্লেজ্” উন্মোচন কৰি ড০ হীৰেন গোহাঁই-এ মত প্ৰকাশ কৰে যে “কেম’ফ্লেজ্”নামটো অতি সাৰ্থক হৈছে। ৰাষ্ট্ৰ সন্ত্ৰাসৰ ভয়ানক পৰিণতি হিচাপে বহু প্ৰশ্ন পাঠক তথা চিন্তাশীল পাঠকৰ সমুখত দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰান্তীয় মানুহৰ কাহিনীৰে এইবাৰ নোবেল বঁটা পাইছে সেই ফালৰ পৰা “কেম’ফ্লেজ্” প্ৰান্তীয় আৰু কণ্ঠৰুদ্ধ মানুহৰ কাহিনী। এই কাহিনী কবলৈ গৈ লেখিকাই নিজৰ লেখনিৰ সহজাত আকৰ্ষণৰ কাৰণেই হয়তো এই কিতাপখন গুৰুত্ব হৈ পৰিছে। ইয়াৰ আগতেও লেখিকাই কেইবাখনো উপন্যাসত তেখেতে নিজৰ শক্তিশালী স্থিতি প্ৰকাশ কৰিছে। এইখন “কেম’ফ্লেজ্” এই সময়ৰ এখন গুৰুত্বপূৰ্ণ দলিল।

এই ব্যতিক্ৰমী অনুষ্ঠানত ‘সাতসৰী’ৰ সম্পাদক, গল্পকাৰ অতনু ভটাচাৰ্য, বিশিষ্ট কণ্ঠশিল্পী মিতালী দে, সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্ৰাপক বিপুল দেউৰী, ভ্ৰমণ-কাহিনী লেখক উজ্বল দিপ্লো গগৈ, গল্পকাৰ-ঔপন্যাসিক মনালিছা শইকীয়া, সাহিত্য অকাডেমিৰ যুৱ বঁটা প্ৰাপক গল্পকাৰ মণিকা দেৱী, বিশিষ্ট সাংবাদিক-লেখক মনোৰম গগৈ, সাংবাদিক মেৰু মিঠু কটকী, অধ্যাপক ড০ অৰ্ণৱ পাটোৱাৰী, মনোৰম গগৈ, বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা আৰু সহকাৰী প্ৰাধ্যাপক ড০ বুলজিত বুঢ়াগোহাঁই আদিকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd