গুৱাহাটীৰ কমাৰ ভাটীৰ লেখিয়া গৰমৰ পৰা কিছুদিন সাৰি থাকিলেও মন অসমতে পৰি আছে। যাবলৈ ওলাইছো। কেইটামান কথা মনলৈ আহিছে, ৰাইজক জনাবলৈ মন গৈছে।
অসমত প্ৰকৃতি যি হাৰত বুন্দামাৰ কৰা হৈছে তাৰ বিৰুদ্ধে সংগঠিত সবল উদ্যোগ নথকা কথাটোৱে আমাৰ জাতীয় শক্তিৰ কৰুণ স্বৰূপ প্ৰমাণ কৰে।ইফালে দিল্লীত সেউজীয়াই সেউজীয়া। আগৰ ৰুক্ষ, শিলাময় সমতল অঞ্চলত দৃঢ় আৰু অবিৰত প্ৰচেষ্টাৰে ঘাঁহ বন গছ গছনি জাতিষ্কাৰ ৰূপত লগোৱা হৈছে।এই কামত চৰকাৰ, এন জি অ’ আৰু কলেজ বিশ্ববিদ্যালয় একত্ৰিত হৈছে। আৰু আমি বাকী থকা গছ গছনি পগলাৰ দৰে আৰ চি চিৰ আপচু ঘৰ তুলি খাস্তাং কৰি আছোঁ। গুৱাহাটীৰ মাজত গছ এজোপাও দেখিবলৈ নাই। ভালেটিহে গুৱাহাটীৰ গৰম দিনক দিনে অসহনীয় হৈছে।
পশ্চিমৰ দেশবোৰত চহৰৰ মাজৰ ৰাস্তাবোৰত মানুহেই মানুহ। তেওঁলোকে বুজি পাইছে যে প্ৰকৃতিয়ে দিয়া ভৰি দুখন স্বাস্থ্যৰক্ষাৰ অন্যতম প্ৰধান সমল। আৰু আমাৰ চহৰৰ ৰাস্তাতে নেশ্যনেল হাইৱেইৰ গাড়ীৰ ভিৰ আৰু হুলস্থুল।
অলপতে লোধী ৰোডৰ ওচৰৰ এটুকুৰ ঠাইলৈ গৈছিলো। নাম সুন্দৰ নাৰ্ছাৰি। কেইবছৰমান আগতে শুকাই যোৱা বকৰাণি আছিল। এতিয়া কৰ্তৃপক্ষ আৰু প্ৰকৃতিপ্ৰেমী সংগঠনৰ যুটিয়া প্ৰচেষ্টাত মনোভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰ থলি। পৰিকল্পিতভাবে গছ গছনি ফুলনি পাতি মাজে মাজে পানীৰ জুৰি আৰু বিল খন্দাই দি দৰ্শকৰ মন জুৰোৱাৰ দিহা কৰা হৈছে। গছবোৰত ফুলৰ শোভা। দৰ্শনী দি সোমোৱা পৰিয়াল, বন্ধুৰ দল বা প্ৰেমিক যুগলে লাহে লাহে টহল দিছে বা ঘাঁহনিত আলাপ কৰিছে। বা এচুকৰ খাদ্যৰ বিপণিত বহি ধীৰে সুস্থে চাহ-কফি আৰু কে’ক বা আন কিবা খাদ্য খাইছে। হাই উৰুমি নাই। এসময়ত অমাৰ্জিত আৰু ৰুচিহীন বুলি কুখ্যাত পাঞ্জাবী বা জাট মানুহৰ আচৰণ এতিয়া সম্পূৰ্ণ বেলেগ। আৰু এসময়ত শান্ত, মৃদু আৰু নম্ৰ বাবে শলাগৰ পাত্ৰ অসমীয়াই পিকনিকৰ সময়তো নৰক সদৃশ হুলস্থুল লগাই আমাৰ সংস্কৃতি জগতৰ আগত জিলিকাই তোলো।
আজিকালি অসমীয়া হোটেল চলিছে। এচাম ডেকা-গাভৰু এই ব্যৱসায়ত নামিছে। আনন্দৰ কথা। কিন্তু আগৰ দিনৰ দোকান দিয়া মানসিকতাৰে চলালে উন্নতি কৰিব নোৱাৰিব। গ্ৰাহকৰ মন যোগাবলৈ সদায় সচেতন থাকিব লাগিব। খাদ্য আদিৰ গুণাগুণ আৰু সোৱাদৰ কথা মনত ৰাখিব লাগিব। পৰিবেশন কৰা বা সেৱা আগ বঢ়োৱা সকলৰ ব্যৱহাৰ যাতে মধুৰ হয় খেয়াল ৰাখিব লাগিব।
মানুহৰ ৰুচি জুতিৰ সলনি হৈছে। পুৰণি অসমীয়া পিঠাপনাৰো নতুন পৰীক্ষা হ’লে ভাল। তিলপিঠা খনৰ পুৰ আন সোৱাদ মিঠা বা নিমখীয়া কৰি চাব পাৰি। খোলাচাপৰিয়া বা হাজাৰমুখী পিঠাখন পাতলকৈ গঢ় দি তাত পদিনা, পিয়াজ আৰু ধনিয়াৰ পাত মাজে মাজে গুজি দিলে সোৱাদ বেলেগ হ’ব। টেকেলিমুখত দিয়া পিঠাটো সৰু কৰি তাতো নতুন সোৱাদৰ পুৰ ভৰাই চালে কেনে হয়? অৱশ্যে মই ভাল ৰান্ধনী নহওঁ।
এতিয়া ৰাজনীতিৰ কথা লৈ আহিছোঁ। ৰাজধানীত দিনৌ আপ দল আৰু বিজেপিৰ নিত্য নতুন চালৰ কুস্তি। আন দলৰ ভৰিৰ তলৰ মাটি খহোৱাৰ বাবে বিজেপিৰ কৌশল সংসদী ৰাজনীতিৰ বিৰোধী। সৰ্বগ্ৰাসী ক্ষমতাৰ আক্ৰোহে বৰ নিৰ্লজ্জ ৰূপ লৈছে। কিন্তু আন দল কিছুমানৰো লীলাখেলা দেখি তাজ্জব মানিছো। পাৰ্থ চেটাৰ্জীৰ বান্ধবীৰ ঘৰত নগদ টকাৰ ভাণ্ডাৰ ওলোৱাৰ পিছত বিৰোধী ঐক্য সম্পৰ্কে মমতা দিদি চুপ্। আৰ এছ এছত এতিয়া তেওঁ ভাল গুণো দেখা পাইছে। কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচনৰ কছৰৎ চলিছে। পিছে নতুন সভাপতি আৰু ৰাহুলৰ মাজত নেতৃত্ব লৈ দবৰাদবৰি নহয়তো?
একমাত্ৰ শুভ লক্ষণ এয়ে যে মানুহৰ ভয় ভাঙিব ধৰিছে। বিলকিছ বানুৰ পাশবিক নিৰ্যাতনকাৰী খুনী কেইটাক শাস্তি ৰেহাই দিয়াৰ বিৰুদ্ধে দেশজুৰি ধিক্কাৰ শুনা গৈছে। উচ্চতম ন্যায়ালয়ৰ ভদ্ৰলোক সকলেও বুজিছে ৰাইজৰ সহ্যৰ সীমা পাৰ হৈছে। ৰাহুলৰ ‘ভাৰত জোড়ো’ পদযাত্ৰাত বহুতে সক্ৰিয় সমৰ্থন দিবলৈ ওলাইছে।
লুইতক ভেটিব কোনে?