মহাপুৰুষ শংকৰদেৱে কোচবিহাৰত আশ্ৰয় লোৱাৰ সময়ত বৰদোৱাক পাহৰিব পৰা নাছিল। নিজৰ কবি-পৰিচয় দিওঁতে লিখিছিল ভাগৱতৰ ভাঙনিতঃ ‘’বৰদোৱা নামে গ্ৰাম শস্যে-মস্যে অনুপাম’’… নামটো সম্প্ৰতি কেতিয়াৰ পৰা কি কাৰণে সংস্কৃত ‘’বটদ্ৰৱা’’লৈ পৰিৱৰ্তিত হ’ল আমি নাজানোঁ। কিন্তু তাৰ অন্যতম পৰিণাম বোধহয় অলপতে তাত ঘটি যোৱা দুৰ্ভাগ্যজনক ঘটনাৱলী।
অসমৰ সংবাদপত্র আৰু জনমত তলৰ দুটা ক্ষেত্রত একমত হোৱা দেখা গৈছেঃ
(১) বৰদোৱা থানা জ্বলাই ছাৰখাৰ কৰা এক শোচনীয় আৰু নিন্দনীয় ঘটনা। তাৰ নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্ত হোৱা প্ৰয়োজনীয়। দোষীয়ে শাস্তি পাব লাগে।
(২) কিন্তু পুলিচ থানাত এজন গ্ৰেপ্তাৰ হোৱা মানুহ কেনেকৈ অপ্ৰত্যাশিতভাৱে মৃত্যুমুখত পৰিল, আৰু ঘটনাৰ সম্ভেদ পোৱা পৰিয়ালৰ মানুহে পুলিচৰ বিৰুদ্ধে যি গুৰুতৰ অভিযোগ কৰিছে, তাৰো ক্ষীপ্ৰ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন।
দুয়োটা ধাৰণা আৰু দাবী যথাৰ্থ, আৰু অতি শীঘ্ৰে এক উচ্চ পৰ্যায়ৰ, সন্দেহাতীতভাৱে তদন্ত দুয়োটা ঘটনাৰ ক্ষেত্ৰত হোৱা উচিত, যাতে ৰাইজে আৰু চৰকাৰে সঠিক তথ্যৰ সম্ভেদ পায়। দুয়োটা ঘটনাৰ জগৰীয়াই উচিত শাস্তি পাব লাগে।
পৰিতাপৰ কথা যে আৰক্ষী মহলৰ পিনৰ পৰা আৰু একাংশ সংবাদ মাধ্যমৰ সহযোগত একপক্ষীয়ভাৱে চালনিবাৰী গাঁৱৰ ৰাইজৰ বিৰুদ্ধে তীব্ৰ সুৰত আক্ৰোশপূৰ্ণ অপপ্ৰচাৰ চলাই তদন্ত প্ৰক্ৰিয়াক পক্ষপাতগ্ৰস্ত কৰাৰ চেষ্টা কৰি থকা হৈছে।
কোৱা হৈছে যে থানা জ্বলোৱা ঘটনা একো হঠকাৰী কিন্তু স্বত:স্ফুৰ্ত্ত অপকৰ্ম নহয়, বৰং এক পূৰ্বপৰিকল্পিত আৰু শীতল মস্তিস্কৰ ৰাষ্ট্ৰবিৰোধী অভিযান। বাংলাদেশৰ ‘’আনচাৰুল্লা বাংলাদেশ টীম’’ৰ ঘাটি উক্ত ঠাইত থকা বাবেই হেনো এই ভয়ানক ঘটনা ঘটিছে। তাৰ লগে লগে চালনিবাৰী গাঁৱৰ বাসিন্দাসকলক জেহাদী, ড্ৰাগ ব্যৱসায়ী আদি শিহৰণকাৰী দুৰ্বৃত্তৰ সহযোগী বুলি প্ৰচাৰৰ ধল নমোৱা হ’ল।
থানাত মৃত্যুবৰণ কৰা চফিকুল ইশ্লাম এনে জেহাদৰ লগত জড়িত আছিল বুলি পুলিচে কিবা নিশ্চিত তথ্য লাভ কৰিছিল নেকি? ইমানদিনে পুলিচে তেনে একো তথ্য লাভ কৰা বুলি কোৱা নাই যেতিয়া নিশ্চয় তেনে কোনো অভিযোগ আৰু উত্থাপিত নহ’ব। অথচ চফিকুলৰ চাৰিজন আত্মীয়ৰ ঘৰ ঘটনাৰ পিছদিনাই বুলডজাৰ লগাই ভাঙি পেলোৱা হ’ল। কাৰণ যে থানা আক্ৰমণৰ পোটক তোলা, সন্দেহ নাই। কিন্তু কামটো অবৈধ আৰু নীতি বিৰুদ্ধ হোৱা বাবে লগে লগে তেওঁলোকক মাটি বেদখলকাৰী বুলিও পুলিচৰ ফালৰ পৰা অভিযোগ কৰা হ’ল। কিন্তু অভিযোগকাৰীৰ নামৰ বিৰুদ্ধে ভূমি-ৰাজহ বিভাগ বা দণ্ডাধীশ, অথবা উপায়ুক্তৰ পৰা তেনে উচ্ছেদৰ নিৰ্দেশ পুলিচে লাভ কৰিছিল নে, সেই প্ৰশ্নৰ উত্তৰ পোৱা নগ’ল।
পৰিয়ালৰ লোকৰ মুখত এই কথা শুনা গৈছে যে এদিন বাটৰ পৰা চফিকুলক ধৰি আনি পুলিচ বিষয়া আৰু কনিষ্টবলে এটা হাঁহ আৰু দহহেজাৰ টকা দাবী কৰিছিল আৰু মদ খাই থকা চফিকুল দুঃসাহসী হৈ তেনে ধন নিদিওঁ বুলি সঁহাৰি দিছিল। তাৰ পিছৰ পৰা তেওঁৰ ওপৰত থানাত অকথ্য নিৰ্যাতন আৰম্ভ হ’ল। প্ৰহাৰৰ কোবত লবেজান হোৱা চফিকুলে পত্নীক তুৰন্তে মোবাইলযোগে থানালৈ মাতি পঠালে, আৰু আৰক্ষীৰ দাবী উল্লেখ কৰি জনালে যে পিছদিনা বাৰ বজাৰ আগতে ধনখিনি সংগ্ৰহ কৰি থানাত জমা নিদিলে পুলিচৰ হাতত তেওঁৰ মৃত্যু হোৱাটো নিশ্চিত। তেতিয়ালৈকে একো খাবলৈ নোপোৱা বুলি জানি তেওঁৰ পত্নীয়ে কিছু খাদ্য লৈ গৈছিল। কিন্তু খাবলৈ চেষ্টা কৰোঁতে চফিকুলৰ মুখৰ পৰা তেজ ওলাই আহিল আৰু তেওঁ একো খাব নোৱাৰিলে। তেওঁৰ পত্নী আতুৰ হৈ দহ হেজাৰ টকা যেনে-তেনে যোগাৰ কৰিবলৈ চেষ্টা চলালে। টকা যোগাৰ হওঁতে পিছদিনা দুটা বাজি গ’ল। খৰধৰকৈ চফিকুলৰ পত্নী থানাত উপস্থিত হোৱাত জানিব পাৰিলে যে তেওঁক হাস্পতাললৈ পঠোৱা হৈছে, কিন্তু হাস্পতালত তেওঁৰ ইতিমধ্যে মৃত্যু ঘটা বুলি ঘোষণা কৰা হ’ল। পুলিচে পিছত বাতৰিকাকতক জনালে যে মুক্তি দিয়াৰ পিছতহে চফিকুলৰ মৃত্যু হৈছে। তেন্তে তেওঁৰ মৃত্যু ক’ত হৈছিল, তেওঁক কেনেকৈ হাস্পতাল পাইছিলগৈ? এইবোৰ গাঁওবাসীয়ে সোধা প্ৰশ্ন। মই দেখাত ন্যায়সংগত প্ৰশ্ন।
এইবোৰ কোনো কাকততে স্পষ্টকৈ উত্থাপন কৰা নহ’ল। থানা জ্বলোৱাৰ দৰে অত্যন্ত অপ্ৰীতিকৰ আৰু বিৰাগজনক ঘটনাৰ বাবে সংবাদদাতাসকল এনেদৰে প্ৰভাৱিত হৈছিল যে গাঁওবাসীসকলৰ মনৰ কিবা ক্ষোভ আৰু মনস্তাপৰ খৱৰ অসমৰ ৰাইজে জানিব নোৱাৰিলে। অথচ সংবাদপত্ৰসমূহৰ লগতে অসমৰ সচেতন নাগৰিক সমাজেও একবাক্যে মতপ্ৰকাশ কৰিছিল যে চফিকুলৰ থানাত মৃত্যু হোৱাৰ ঘটনাৰ জৰুৰী তদন্ত হ’ব লাগে। থানাৰ দাৰোগাজনক তৎকালেই নিলম্বিত কৰি এই দাবীৰ ন্যায্যতা চৰকাৰেও মানি লৈছিল। আৰু গাঁওবাসীৰ চূড়ান্ত উত্তেজনা সৃষ্টি কৰা এই ভয়াবহ নৰহত্যাৰ ঘটনা আঁৰ কৰি দিয়া হ’ব।
জুই জ্বলাবলৈ কোনে গাঁওবাসীক প্ৰৰোচনা দিছিল? সেই ব্যক্তি জেহাদী ‘’আনছাৰুল্লা বাংলাদেশ’’ৰ সদস্য (যাক পুলিচে চিনাক্ত কৰিছে ইতিমধ্যে), এনে পুলিচৰে চিনাকী আৰু তলে তলে সম্পৰ্ক থকা কোনো উভচৰ মানুহ? কাৰণ পুলিচে নিজৰ সুবিধামতে ওচৰ পাজৰৰ কিছু মানুহক ইনফৰ্মাৰ হিচাপে লগত ৰাখে। এনে ইনফৰ্মাৰে কিয় থানা জ্বলাবলৈ কোনোবাই ৰাইজক প্ৰৰোচিত কৰা কথা লগে লগেই পুলিচক নজনালে। এনে ধাৰণা কৰিব পাৰি নেকি যে ইনফৰ্মাৰে নিজেই ৰাইজক থানা জ্বলাবলৈ প্ৰৰোচনা দিছিল?
মানুহ ক্ৰোধত অন্ধ হ’লেই লগে লগে থানা জ্বলোৱাৰ দৰে বিপজ্জনক হঠকাৰী কাণ্ড নকৰে? কোনোবাই অভিসন্ধিমূলকভাৱে প্ৰৰোচনা দিলে তাকেই সাৰোগত কৰি উন্মাদৰ দৰে আচৰণ কৰে। অসম আন্দোলনৰ আৰম্ভণিতে মই বিশ্ববিদ্যালয়ৰ ওচৰে পাজৰে এনে জ্বলাময়ী, অপপ্ৰচাৰ আৰু প্ৰৰোচনা দানৰ ঘটনা ওচৰৰ পৰা দেখাৰ সুযোগ পাইছিলো, যদিও তাত বাধা দিয়াৰ সাহস মোৰ হোৱা নাছিল। প্ৰথম অৱস্থাত মানুহ উত্তেজিত হ’লেও ঘপহ্কৈ প্ৰৰোচনা মতে কাম নকৰিছিল। কোৱা বাহুল্য যে এনে হিংসাত্মক ঘটনা কেনেবাকৈ ঘটিলে সমগ্ৰ পৰিস্থিতিৰ দ্ৰুত অৱনতি হৈছিল।বিচাৰ-বিবেচনা মুহূৰ্ততে অন্তৰ্হিত হৈছিল।
গাওঁবাসীৰ খৱৰ থকা সূত্ৰৰ পৰা মই জানিব পাৰিলোঁ যে উক্ত চফিকুল মাছ বেপাৰী আছিল। ওচৰ-পাজৰৰ মাছমৰীয়া, ব্যক্তিগত ফিছাৰি আদিৰ পৰা মাছ লৈ ট্ৰাকত উজনিলৈ মাছ চালান দিয়া এনে আৰু কেবাজনো বেপাৰী গাওঁখনত আছিল। গাওঁবাসীৰ অভিযোগ উক্ত থানাৰ কোনো কোনো ব্যক্তিয়ে এই মাছ বেপাৰীবিলাকৰ পৰা তেওঁলোকৰ ট্ৰাক ৰখাই দি জোৰজবৰদস্তি কৰি ধন আদায় কৰিছিল। তেওঁলোকে আৰু ক’ব খোজে যে চফিকুলৰ মৃত্যুও এনে ধন দাবীৰ লগত জড়িত আছিল।
নিৰপেক্ষ তদন্তইহে এইবোৰ অভিযোগ, প্ৰতি অভিযোগৰ সত্যাসত্য নিৰ্ণয় কৰিব পাৰে। পুলিচৰ নিজা তদন্ত একপক্ষীয় আৰু প্ৰহসনধৰ্মী হ’ব পাৰে। প্ৰশাসনীয় তদন্তও সন্দেহজনক হ’ব, কাৰণ চৰকাৰৰ প্ৰভাৱশালী নেতাৰ লগত পুলিচৰো সম্পৰ্ক থাকে।
মই এই কথা ক’বলৈ যোৱা নাই যে পুলিচৰ সকলো বিষয়াই দুৰ্নীতিগ্ৰস্ত আৰু দায়িত্বহীন। কিন্তু বাতৰিকাকততে কিছুমান থানা আৰু বিষয়াৰ বিৰুদ্ধে সঘনে বিস্ফোৰক বাতৰি ওলাই থাকে। তেনে থানাত পুলিচে নিশ্চয় অবৈধ আৰু আপত্তিজনক কাম কৰি থাকে।
আইন-শৃংখলা ৰক্ষাৰ প্ৰাথমিক দায়িত্বত থকা পুলিচৰ ন্যায়ৰ প্ৰতি নিষ্ঠা আৰু সাধাৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে দায়বদ্ধতা গণতান্ত্ৰিক শাসনৰ এক প্ৰধান ভিত্তি। সেই পুলিচ যদি দুৰ্নীতি, পক্ষপাতিত্ব, দুস্কাৰ্যত জড়িত হ’বলৈ চৰকাৰৰ প্ৰশ্ৰয় পায়, সাধাৰণ নাগৰিকৰ জীৱনৰ অধিকাৰেই সমূলি লোপ পায়।
সেয়ে পুলিচ যদি নিজেই অপৰাধত জড়িত হৈ পৰে, তাতকৈ বিষময় আৰু ভয়াবহ পৰিণতি আন একো হ’ব নোৱাৰে।