ধৰ্মৰ ৰহস্য, ৰাজধানীৰ সম্প্ৰসাৰণ আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ চেহেৰা

আমি ধাৰ্মিক মানুহ নহওঁ বাবে ধৰ্মৰ খুটি-নাটি লৈ মূৰ নঘমাওঁ। কিন্তু সমাজৰ বহু মানুহ ধৰ্মক লৈ মতলীয়া বা হিংস্ৰ হৈ পৰা দেখিলে চিন্তিত আৰু উদ্বিগ্ন হওঁ। তাকে লৈ মূৰ ফলাফলি, প্ৰাণ কঢ়াকঢ়ি হোৱা দেখিলে দস্তুৰমতে হতভম্ব হওঁ।

ধৰ্মক লৈ মতলীয়া হোৱা সকলে হিন্দু শাস্ত্ৰতে ধৰ্মৰ তলানলা বুজা ঋষিমুনি সকলে কৈ যোৱা এষাৰ কথা মনত ৰখা ভাল হ’ব। “ধৰ্মস্য তত্ত্বম্ নিহিতো গুহায়াম্”— অৰ্থাৎ ধৰ্মৰ আচল অৰ্থ গভীৰ গুহাত নিমজ্জিত অৰ্থাৎ তাৰ প্ৰকৃত সম্ভেদ পোৱা সহজ নহয়।

তথাপি ধৰ্মক লৈ বিভিন্ন দেশ, জাত, সম্প্ৰদায়ৰ মানুহ উত্ৰাৱল হৈ থকা দেখা যায়। সংস্কৃত পণ্ডিত মনোৰঞ্জন শাস্ত্ৰীদেৱে এষাৰ কথা কৈছিল। ধৰ্ম আৰু দেশাচাৰ একে বস্তু নহয়। অথচ বহু অকৰা মানুহে দেশাচাৰকে ধৰ্ম বুলি ভাবি তাক লৈ উত্তেজিত হয়। কিন্তু দেশাচাৰ দেশ আৰু কাল অনুযায়ী ভিন ভিন হ’ব পাৰে।

নুপুৰ শৰ্মা।

 

এতিয়া নুপুৰ শৰ্মা নামৰ বিজেপিৰ মুখপাত্ৰ এগৰাকীয়ে হজৰত মহম্মদ সম্পৰ্কে বিতৰ্কিত মন্তব্যৰে সমগ্ৰ দেশৰ লগতে আন্তৰ্জাতিক পৰ্যায়তো জুই লগালে। নুপুৰ শৰ্মাই যি উদ্দেশ্যে আৰু যি সুৰত এই বিতৰ্কিত মন্তব্য কৰিছিল, সি মুশ্লিম সমাজক উত্তেজিত কৰিলে। কিন্তু মোৰ মতে অসৎ অভিপ্ৰায়েৰে বা কাজিয়া লগাবলৈ কোনো মানুহে এনে বিতৰ্ক কৰিলে তাত উত্তেজিত হোৱাৰ সকাম নাই। বৰং জনা মুশ্লিম মানুহে ক’ব লাগিছিল যে মহম্মদৰ সময়ৰ প্ৰথা কিছুমান সেইসময়ত চলি থাকিলেও এতিয়া সেইবোৰৰ ভিত্তি নাই। আৰু জনা হিন্দু মানুহে নুপুৰ শৰ্মাক এনে অসৎ উদ্দেশ্যত কথা কোৱা বাবে গৰিহণা দিব লাগিছিল।

কিন্তু উত্তেজনাই এনে উৎকট ৰূপ ল’লে যে এতিয়া নুপুৰ শৰ্মাৰ মূৰ কাটিলে বা জিভা কাটিলে লাখ লাখ টকা পুৰস্কাৰ দিব বুলি প্ৰচাৰ কৰা মানুহো ওলাল।

মনত ৰখা ভাল যে হজৰত মহম্মদে নিজকে কেতিয়াও মানৱীয় দোষ-দুৰ্বলতাৰ পৰা মুক্ত বুলি কোৱা নাই। অথচ নানা কামৰ মাজেদি তেওঁৰ মানৱীয় মহত্ব ফুটি ওলাইছিল।

মুছলমানৰ ধৰ্মীয় উগ্ৰতা লৈ খেদ কৰা কিছুমান হিন্দু মানুহ আছে। কিন্তু ‘জয় শ্ৰী ৰাম’ বুলি পোনচাতে কব নোখোজা কেবাজনো মুশ্লিম মানুহক মৰিয়াই-মৰিয়াই হত্যা কৰা হৈছে। আনকি সেহাই সেহাই ‘জয় শ্ৰী ৰাম’ বুলি কোৱাৰ পিছতো। তাতে ক্ষান্ত নহৈ হত্যাকাণ্ডৰ ভিডিঅ’ তুলি সামাজিক মাধ্যমতো প্ৰচাৰ কৰিছে এইবোৰ নৈষ্ঠিক হিন্দুৱে।

এনে ধৰণৰ ধৰ্মীয় উগ্ৰতা— হিন্দুৰে হওক মুশ্লিমৰে হওক— অসম মুলুকত চলোৱাৰ কোনো কাৰণ আমি দেখা নাই। অসমীয়াই ঠাণ্ডা মগজু আৰু মানসিক দৃঢ়তাৰে তাক নাকচ কৰা প্ৰয়োজন।

এতিয়া ঈদৰ কোৰবানিত গৰু ‘জবাই’ কৰাৰ কথা লৈ কিছু বিতৰ্ক হৈছে। গৰু মাৰিবই লাগিব বুলি কোৰাণ-হদীছ, ক’তো লিখা নাই। আৰৱ দেশবোৰত তাহানি গৰু দুষ্প্ৰাপ্যই আছিল। আনহাতে গো-মাংস ভোজী পশ্চিমৰ খ্ৰীষ্টান বিলাকৰ প্ৰতি বহু হিন্দুত্ববাদীয়ে কোনো বিদ্বেষ প্ৰকাশ নকৰে। গতিকে গৰু মৰাৰ সপক্ষে বা বিপক্ষে আমাৰ ক’বলৈ একো নাই। মুঠতে ঈদত গৰু কোৰবানি নিদি আন জন্তু আগ কৰিলেই হয়। ‘গো সুৰক্ষা আইন’খনে গৰুৰ লগতে গো-বংশৰ আন জন্তু, ম’হ আদিও সামৰিছে। অথচ দুৰ্গাপূজাৰ সময়ত বহু মন্দিৰত ধুমধামেৰে পতা ম’হবলিত চৰকাৰে বাধা দিয়া নাই। এনে স্ব-বিৰোধৰ কাৰণ বা কি?

শিৱৰ ভাওত প্ৰতিবাদ কৰা বিৰিঞ্চি বৰা।

 

শেহতীয়াকৈ নগাঁৱৰ ৰাস্তাত শিৱ-পাৰ্বতীৰ ভাও দি ‘বাটৰ নাট’ পতা বাবে বিৰিঞ্চি বৰাক পুলিচে আটক কৰাৰ খবৰ ওলাইছিল। নানা হিন্দুত্ববাদী হিন্দু সংগঠনে কৰা অভিযোগৰ ভিত্তিত। এই সকল হিন্দুৰ মতে শিৱ আৰু পাৰ্বতীক লৈ কৰা মস্কৰা দেৱতা আৰু ধৰ্মৰ প্ৰতি অপমান। কিন্তু অসমীয়া মানুহে বমভোলা ভোলানাথ মহাদেৱক লৈ নানা ধেমালি তাহানিৰ পৰা কৰি আহিছে, কোনেও তাত দোষ দেখা নাই। ‘ভীম চৰিত’ৰ এনে খুহুটীয়া বৰ্ণনা মোৰ বেছ মনত আছে। মধ্যযুগত ৰচিত এই পুথিখনত দেখুওৱা হৈছে পাৰ্বতীৰ খেচখেচনিত খেতি কৰিবলৈ গৈ ভোলানাথে ভাঙৰ জালত গছৰ তলত লাং খাই টোপনি গৈছে আৰু চাৰিওপিনে বেৰি ঢোঁৰাকাউৰীয়ে (‘ঢোণ্ডা কাক’) খুটিছে!!

এনে স্থলত স্কুটাৰত উঠা আজিৰ মহাদেৱে পেট্ৰ’লৰ দামত সৰিয়হ ফুল দেখি কমকৈ পেট্ৰ’ল কিনা বাবে বাটতে স্কুটাৰ বন্ধ হৈছে, আৰু বেক ছীটত উঠি অহা পাৰ্বতী খঙত অগ্নিশৰ্মা হৈছে। এই ৰগৰটোৱে অতিপাত দ্ৰব্যমূল্য বৃদ্ধি, চৰকাৰী প্ৰতিশ্ৰুতিৰ অসাৰতা প্ৰতিপন্ন কৰিছে। ইয়াত হিন্দুত্ববাদীৰ কি আপত্তি থাকিব পাৰে। নে তেওঁলোকৰ মতে বিজেপি চৰকাৰৰ কোনো দোষ-ত্ৰুটি, নীতিগত ভুল-ভ্ৰান্তি থাকিবই নোৱাৰে?

শিৱৰ ভাও দিয়া বিৰিঞ্চি বৰাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এৰি দিবলৈ কৈছে। অথচ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ টীয়কৰ কলেজীয়া ছাত্ৰী এগৰাকীয়ে প্ৰতিবাদৰ আহ্বান দিয়া কবিতা এটা ৰচা বাবে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু নিম্ন আদালতে জামিন দিয়া নাই। ধিক এনে অন্যায়! এই কণমানি ছোৱালীজনীৰ প্ৰতি মহাপ্ৰতাপী চৰকাৰৰ ইমান ভয় নে?

অৱশ্যে আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰী, দুয়ো আশ্বাস দিছে যে কবিতা আটায়ে লিখিব পাৰে, আৰু কবিতা লিখাৰ বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই। তেওঁ আলফাত যোগ দিব বুলি কোৱা বাবেহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে এইটো বোধহয় পৰৱৰ্তী অভিযোগ। কিন্তু মূল এজাহাৰখনত বোলে কবিতাৰ উল্লেখহে আছে।

বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।

সি যি নহওক, এতিয়া কোৱাকুই হৈছে যে তেওঁক ভয়ংকৰ UAPA আইনৰ অধীনতহে গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে এই আইন অনুসৰি গ্ৰেপ্তাৰ হোৱা সৰহ সংখ্যক মানুহ বছৰৰ পিছত বছৰ কাৰাবন্দী হৈ আছে, কাৰণ এই আইনৰ প্ৰয়োগে জামিন লাভ অসম্ভৱ কৰি তোলে।

মাত্ৰ উনৈশ বছৰত ভৰি দিয়া এগৰাকী তৰুণীক এনে কঠোৰ আইন প্ৰয়োগ কৰি বন্দী কৰি ৰখাই কি সূচায়? ই প্ৰমাণ কৰে যে আইন-শৃংখলা ৰক্ষা কৰাতকৈ মানুহক অহেতুক দণ্ড দিয়া আৰু ভয় খুউৱাই আইনখনৰ উদ্দেশ্য। স্বৈৰতন্ত্ৰী চৰকাৰেহে এনেদৰে ক’লা আইন প্ৰয়োগ কৰিব পাৰে।

ৰাজধানীৰ সম্প্ৰসাৰণ

ৰাজধানীৰ সম্প্ৰসাৰণৰ সুবৃহৎ গৌৰৱময় আঁচনিৰ এটা আভাস দি মুখ্যমন্ত্ৰীয়ে কৈছে যে এই সম্প্ৰসাৰণ নগাঁও জিলা পাবগৈ আৰু জাগীৰোড কাগজকলৰ মাটি তাৰ অন্তৰ্ভুক্ত হ’ব। তাৰ লগত অলপতে কাগজ কলৰ কৰ্মচাৰী সকলৰ দৰমহাৰ বকেয়া ধন মুকলি কৰি দিয়াৰ কিবা সম্পৰ্ক থাকিব পাৰে নেকি, ভাবি চাবলগীয়া। কৰ্মচাৰী সকলক দিয়া তেওঁলোকৰ প্ৰাপ্য ধনৰ পৰিমাণ বিপুল। কিন্তু যদি সম্প্ৰসাৰণৰ সুবিধাৰ্থে তেওঁলোকৰ বাধা জয় কৰিবলৈ এই ধন আগবঢ়াই দিয়া হৈছে, তেনেহ’লে ৰাজধানী সম্প্ৰসাৰণৰ আঁচনিখনত ধাৰ্য্য ধনৰ পৰিমাণ তাতকৈ বহুগুণে বেছি হ’ব লাগিব। মনত ৰখা ভাল যে নগাঁও পাবলৈ হ’লে মাজতে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলঙো সোমাব লাগিব। ইমান বিপুল পৰিমাণৰ ধন ঋণত চলা চৰকাৰে ক’ত পাব? নে পুনৰ ঋণ? তাৰ ফলত ৰাইজৰ ওপৰত নানা ধৰণে আৰ্থিক হেঁচা বাঢ়িব। কি দৰকাৰ এনে এখন ৰাজধানীৰ?

মই শুনি সুখ পাইছো যে ৰাজধানী সম্প্ৰসাৰণৰ বাবে ঘাইকৈ জনজাতীয় ৰাইজৰ ভূমি অধিগ্ৰহণ কৰা হ’ব বুলি বুজি জনজাতীয় সংগঠন বিলাকে প্ৰতিৰোধ আন্দোলন আৰম্ভ কৰিছে। এনে মাটিৰ সৰহখিনি জনজাতিৰ বাবে সংৰক্ষিত ‘জনজাতীয় মণ্ডল আৰু বেষ্টনী’ৰ (Tribal belt and block) মাটি হোৱাৰে আশংকা আছে। অথচ জনজাতীয় সকলৰ মাজত ভূমিহীনতাই তীব্ৰ সংকটৰ ৰূপ লৈছে।

ৰাজধানী সম্প্ৰসাৰণৰ বিৰুদ্ধে জনজাতীয় সংগঠনৰ প্ৰতিবাদ।

পূৰ্বেও চৰকাৰে ভূমিহীন জনজাতিৰ প্ৰতি কোনো দয়া-মায়া দেখুওৱা নাছিল। ড৹ বি এন বৰদলৈয়ে তেওঁৰ ‘Land Alienation Among Tribal People in Assam’ কিতাপখনত দিয়া এটা তথ্য আছিল এনেকুৱা যে জাগীৰোড কাগজকল আদি উদ্যোগৰ বাবে অসম চৰকাৰে জনজাতীয়ৰ ভেটিৰ মাটিৰ পৰা খেতিৰ মাটিলৈ মাটি অধিগ্ৰহণ কৰাৰ বিশ বছৰ পিছতো মাটিৰ জনজাতীয় মালিকে তাৰ বাবে ক্ষতিপূৰণ পোৱা নাছিল। গতিকে ৰাজধানীৰ বাবে অধিগ্ৰহণ কৰা মাটিৰ বাবে ক্ষতিপূৰণ পালেও কেতিয়া পায়, আচলতে পায় নে নাপায়, তাৰ কোনো ঠিকনা নাই। তদুপৰি মাটি হেৰুৱাৰ পিছত অধিগ্ৰহণৰ কবলত পৰা জনজাতীয় খেতিয়কৰ ভৱিষ্যত জীৱিকাও অনিশ্চিত হৈ পৰিব।

ৰাজধানী সম্প্ৰসাৰণৰ বাবে ডাঙৰ-ডাঙৰ কোম্পানীবোৰে বিপুল পৰিমাণৰ ধন অৰ্জন কৰিব, একাংশ অদৃশ্য মন্ত্ৰী আৰু বিষয়ায়ো কমিছন হিচাপে বৃহৎ অংকৰ ধন লাভ কৰিব। নিগমে মৰিব কেৱল মাটি হেৰুওৱা থলুৱা ৰাইজ। এক আড়ম্বৰপূৰ্ণ ৰাজধানী গঢ় ল’ব, কিন্তু একাংশ থলুৱা ৰাইজ নি:সীম দাৰিদ্ৰ্যৰ কবলত পৰিব। এনে সম্প্ৰসাৰণ লাগে নে ?

ৰাষ্ট্ৰীয় প্ৰতীকৰ চেহেৰা

আন এক নতুন ৰাজধানীৰ ৰেহ-ৰূপ দেখা গৈছে দিল্লীত- য’ত Central Vista নাম দি নতুন সংসদ ভৱন, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ নিবাস আদি নতুনকৈ নিৰ্মাণ কৰা হৈছে। এই Central Vista ক লৈ প্ৰথমৰে পৰা নানা অসন্তোষ, প্ৰতিবাদ,আৰু তীব্ৰ সমালোচনাৰ ঢৌ উঠিছিল। কিন্তু এনে প্ৰতিক্ৰিয়ালৈ কেৰেপ নকৰা বিজেপি-নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অভ্যাস। ফলাফল হৈছে প্ৰায়েই অশুভ- বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি। তাৰে এক আমোদজনক -হয়তো অতি বিষাদজনকো – অংগ হৈছে নতুন সংসদ ভৱনৰ সমুখত থকা অশোকস্তম্ভ তথা Lion Pillar. দেখা যায় যে অশোকস্তম্ভৰ নতুন ৰূপত চাৰিওটা সিংহই মুখ মেলি হিংস্ৰ ভাৱ প্ৰকাশ কৰিছে। কিন্তু পূৰ্বে নিৰ্মাণ কৰা অশোকস্তম্ভত সাৰনাথৰ মূল আৰ্হিৰ দৰে সিংহ কেইটাৰ মুখভাব আছিল গহীন, শান্ত, সংযত শক্তিৰ দৃপ্ত প্ৰকাশ। তুলনাত নতুন অশোকস্তম্ভৰ চেহেৰা টুলুঙা আৰু বজৰুৱা যেন লগা হৈছে।

ৰাষ্ট্ৰীয় প্ৰতীক নতুন (বাওঁফালে) আৰু পুৰণি (সোঁফালে)।

এই নৱনিৰ্মিত প্ৰতীকে কি গুণ বা বৈশিষ্ট্য প্ৰকাশ কৰিছে? ৰুচিৰ স্থূলতা নে নতুন চৰকাৰৰ হিংস্ৰ, প্ৰতিশোধপৰায়ন চৰিত্ৰ?