এই প্ৰৱন্ধ লিখিবলৈ বহা সময়তে উচ্ছেদ বিৰোধী এটা সংগঠনৰ পৰা গম পালোঁ যে অসমৰ চৰকাৰে বহু থলুৱা কৃষককে ধৰি অজস্ৰ মানুহক উচ্ছেদ কৰি ‘উদ্ধাৰ কৰা’মাটি বাহিৰৰ কৰ্পোৰেট গোষ্ঠীৰ কোনো পুঁজিপতিক ‘বিকাশ’ৰ স্বাৰ্থত গতাই দিব খুজিছে। তেনে মাটিৰ পৰিমাণ বোলে আশীলাখ বিঘা। মাটিৰ পৰিমাণ শুনি মোৰেই উচপ খাই উঠা অৱস্থা।
আৰু এই সময়তে নানা সাংস্কৃতিক অনুষ্ঠানত ধৰ্মীয় উৎসৱত হেজাৰ-বিজাৰ অসমীয়া মানুহ মতলীয়া (“উচ্ছ্বসিত”, “উদ্বেলিত”, “উৎসৰ্গিত”) হৈ দিনৰ পিছত দিন পাৰ কৰিছে। এই মানুহখিনিৰ উৎসাহ আনন্দত ভেঁজাল একো নাই। কিন্তু এনে লাগে যেন জগতৰ সকলো বাস্তৱ দুশ্চিন্তাৰ পৰা তেওঁলোক মুক্ত।
ৰাজ্যৰ জনগণৰ এই জীৱিকাৰ ঘোৰ সংকটৰ সময়ত তাৰে একাংশ ইমান নিৰুদ্বেগ আনন্দ উল্লাহত মতলীয়া হৈ আছে কেনেকৈ? নিজৰ আন জাতি-কুটুম্বৰ বাবেও চিন্তা নাই, জাতিৰ বাবে ক’ত সময় হ’ব? বাৰু, সেইবোৰ কথা বাদেই দিলোঁ। কিন্তু আজিৰ ভয়াৱহ আৰ্থিক সংকটৰ দিনত তেওঁলোক ইমান আনন্দ-উৎসৱত মত্ত কিয়? হয়তো ধৰ্ম বা সংস্কৃতি চৰ্চাত ইমানেই মগ্ন যে আন কথালৈ মন দিবলৈ সময় নাই। কিন্তু আন এটা কথা সম্ভৱ। হয়তো বিনামূলীয়া চাউল বা আন হিতাধিকাৰৰীৰ সা সুবিধাৰে বিজেপি চৰকাৰে অজস্ৰ মানুহক মোহমুগ্ধ কৰি ৰাখিছে, আৰু আন উপায়েও অভয় দিছে যে তেওঁলোকে অনাগত ভৱিষ্যতৰ বাবে একো চিন্তা কৰিব নালাগে, তেওঁলোক সম্পূৰ্ণ সুৰক্ষিত।
এওঁলোকে খেতি-বাতিত চাহ-এৰা দিছে, আৰু আন কিবা অৰ্থকৰী বৃত্তিত হাত পকাবলৈকে মনত উদ্বেগ নাই, উৎসাহো নাই। তেনে পৰিৱেশ ৰচনা কৰিবলৈ চৰকাৰৰ নেতা সকলৰো উৎসাহ নাই।
আনহাতে তেওঁলোকে লাভ কৰা বিনামূলীয়া চাউলৰ আধা বিক্ৰী কৰি তেল নিমখ কাপোৰ কানি কিনাৰ খৰচ উলিয়াব পাৰে। চৰকাৰে আশ্বাস দিছে ‘খিলঞ্জীয়াৰ প্ৰভূত্ব’ বজাই ৰাখিব। প্ৰব্ৰজিত মূলৰ মুশ্লিম মানুহখিনিক উচ্ছেদ আৰু উৎপীড়ন কৰি তেওঁলোকক বুজাইছে যে এয়া তেওঁলোকৰ ‘প্ৰভূত্ব’ৰক্ষাৰ বাবেই কৰা হৈছে? এতিয়ালৈকে হয়তো আটাইখিনি মুকলি কৰি দিয়া নাই, কিন্তু উদ্দেশ্য যে সেইটোৱেই। কথাটো পৰিস্কাৰ। অসমৰ নিজা থলুৱা কৃষকৰ প্ৰতি দায়িত্ব নথকা চৰকাৰে বাহিৰৰ পুঁজিপতিক ইমান দৰদ দেখুৱায় কি?
কেন্দ্ৰৰ পৰা ৰাজ্যলৈ বিজেপিৰ পূণ্যাত্মা, ধৰ্মাপ্ৰাণ নেতা সকলৰ মনত কিন্তু “অস্বচ্ছল, কৰ্মহীন” দৰিদ্ৰৰ প্ৰতি কোনো মমতা নাই. প্ৰমাণ যদি লাগে, এইবাৰৰ কেন্দ্ৰীয়খন বাজেটখন চালেই হ’ল। এইখন বাজেটত দৰিদ্ৰ শ্ৰমজীৱি মানুহৰ বাবে ৰক্ষাকৱচ স্বৰূপ MGNREGA আইনৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োজনৰ ভৰসা আঁচনিৰ আইনৰ বাবে ধনৰ তিনিভাগৰ এভাগ ধন কৰ্তন কৰা হৈছে যোৱা বছৰৰ তুলনাত। জনস্বাস্থ্য, সাধাৰণ শিক্ষা আদি জনসাধাৰণৰ বাবে উপকাৰী বিষয়বোৰত ধাৰ্য্য ধনো যোৱা বছৰৰ তুলনাত ভালেখিনি কৰ্তন কৰা কৰা হৈছে। এইবোৰ এদিন শেষ কৰি দিয়া হ’ব আদানী-আম্বানী-বিজেপিৰ ধনৰ ভঁৰাল মেটমৰা কৰিবলৈ।
কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ উচ্চ বিষয়া বিলাকে আনুষ্ঠানিকভাবে চৰকাৰক জাননী দিছে যে জনকল্যাণৰ বাবে খৰচ কৰা “অনুৎপাদনশীল”ভৰ্ত্তুকী (Subsidy) শীঘ্ৰে বন্ধ কৰি নিদিলে দেশৰ অৰ্থনীতি বিপন্ন হ’ব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ মুখতো অধৈৰ্য্য আক্ষেপ এনেকুৱা হয় যে এনে “বাজে খৰচ”চৰকাৰে কেতিয়া বন্ধ কৰিব?
যুক্তিটো এনেকুৱা যে পৰিশ্ৰম নকৰাকৈ চৰকাৰী খৰচত খাই বৈ থকা মানুহ বিলাক প্ৰকৃততে ধোদ। এওঁলোকক পুহি থকা মানে চৰকাৰী ধনৰ অপচয়। বহু মধ্যবিত্তীয় মানুহে কথাটো বিশ্বাস কৰে। এই সকল ‘সচেতন’ ব্যক্তিৰ মতে গাঁৱত টুকটাককৈ চলিবলৈকো উপায় নথকাত চহৰলৈ আহি পদপথত বা ৰাস্তাত পাছলি বিক্ৰি কৰা বা খাদ্যৰ দোকান দিয়া মানুহখিনিও আৱৰ্জনা। পুলিচ লগাই খেদিব লাগে।
যুক্তিৰ জোৰত মহা সংকটৰ দিনত চৰকাৰৰ সহায়ৰ অলীক সপোন নেদেখা নিজে কিবাকৈ এটা উপাৰ্জনৰ পথ বিচাৰি লোৱা গাঁৱৰ মানুহখিনিক শত্ৰু জ্ঞান কৰা, অথবা লাখ লাখ কোটি টকা কৰ ৰেহাই পোৱা বিপুল ধনৰ মালিক কৰ্পোৰেট গোষ্ঠীক পাৰিলে আৰু দান-দক্ষিণা (যেনে, পানীৰ দামত মাটি) দিবলৈ এই চৰকাৰ উদগ্ৰীৱ।
আজিৰ এই মহা সংকটৰ দিনত গাঁও ভূঁইৰ শিক্ষিত কিন্তু কৰ্মহীন যুৱক-যুৱতী ৰাতিপুৱাই কেৰালা, মহাৰাষ্ট্ৰ, চেন্নাই আদি অঞ্চললৈ যাবলৈ হেজাৰ-বিজাৰে তিনিচুকীয়া ষ্টেচনত ভিৰ কৰে। তাত হাজিৰা অসমতকৈ তিনিশ-চাৰিশ টকা বেছি। অস্থায়ী চতুৰ্থ বৰ্গৰ কামো বহুত ওলায়। দক্ষতাহীন শাৰীৰিক শ্ৰমত লাগিব লগা হয় অসমীয়া যুৱক-যুৱতী প্ৰতি মাহেই অজ্ঞাত কাৰণত প্ৰবাসত মৃত্যু বৰণ কৰা দুই তিনিজন ডেকাৰ খবৰ আমি প্ৰতিমাহে পায়েই থাকোঁ খবৰ কাগজত।
চৰকাৰৰ Skill Development (দক্ষতা বিকাশ) আঁচনিৰ কথা শুনি থাকোঁ। কিন্তু সেইতো মানুহক দেখুৱাবলৈ, বহুদিন আগতে চৰকাৰৰ বিষয়া এগৰাকীক দেখুৱাবলৈ সুধিছিলোঁ— “এইবোৰ আঁচনিৰ ফলাফল কি?” তেওঁ বিৰক্তি আৰু হতাশাৰ ভাবহে প্ৰকাশ কৰিলে। বহলাই ক’বলৈ কোৱাত তেওঁ জনালে যে চৰকাৰে জাননী দিলে প্ৰথমতে ল’ৰাবোৰে বৰ আগ্ৰহ দেখুৱাই, কিন্তু পিছত লয় হয়। সুধিলোঁ কেনেকৈ প্ৰশিক্ষণ দিয়া হয়? বিষয়াগৰাকীয়ে ক’লে— প্ৰথমতে নাম-ধাম আদি পঞ্জীয়ন কৰাই তাৰ পিছত কেতবোৰ ‘থিয়ৰি’ৰ প্ৰশিক্ষণ দিয়া হয় কাৰিকৰী বিষয়টোৰ বিষয়ে। তাৰপিছত ‘প্ৰেক্টিকেল ট্ৰইনিং’। মোৰ ধাৰ্ণা হ’ল যে আমোলাতান্ত্ৰিক নিয়ম-নীতিৰ মেৰপাক আৰু ‘থিয়ৰি’ৰ নীৰসতাই ল’ৰাহঁতক নিৰুৎসাহ কৰে। আমাৰ ল’ৰাই তত্বকথা বেছি শিকিব নোখোজে। বুদ্ধিটো তেনেধৰণৰ নহয়। কিন্তু হাতে-কামে লাগি কাম শিকাত পাকৈত। তেওঁলোকক প্ৰথমৰে পৰা উৎসাহী প্ৰশিক্ষণ লগাই ‘প্ৰেক্টিকেল ট্ৰেইনিং’ দিয়াহে কামৰ কথা। কিন্তু আমোলাসকলৰ তেনে কল্পনাই নাই। কাৰণ সদিচ্ছা থাকিলেও জনসাধাৰণৰ মানসিক গঢ়গতি অনুমান কৰিব নোৱাৰে। নেতা সকলো সেই। অনেক ধন ধাৰ্য্য কৰি আঁচনি প্ৰস্তুত কৰাই খালাছ। এনে চৰকাৰে জনগণক কেনেকৈ উদ্যোগমুখী শ্ৰমৰ প্ৰতি উৎসাহী কৰিব? তেওঁলোকে জনসাধাৰণক সহায় কৰা কাম আমোলাৰ হাততে এৰি দিয়ে। অৰ্থাৎ ওপৰত কৈ থোৱাৰ দৰে চৰকাৰী বিনামূলীয়া সাহায্য, ভৰ্ত্তুকী বা ভৰসা যেতিয়া এদিন বন্ধ হৈ যাব আমাৰ মানুহখিনি পৰনিৰ্ভৰ হৈ পৰি জীৱন নিৰ্বাহৰ ভৰসা হেৰুৱাই বাটৰ ভিখাৰী হ’ব নালাগিবনে?
জনসাধাৰণৰ এনে দুদৰ্শাৰ বাবে চৰকাৰৰ কোনো মমতা নাথাকিব। কাৰণ তেওঁলোকৰ মমতা যে কৰ্পোৰেট গোষ্ঠীৰ প্ৰতিহে। কোনো কালে, অসমৰ মানুহখিনিক এনেদৰে নিঠৰুৱা কৰি কৰ্পোৰেটৰ হাতত মাটিকে ধৰি অসমৰ সকলো সম্পদ গুজি দিয়াৰ উদ্দেশ্যৰে চৰকাৰে তলে তলে হয়তো পাং পাতিছে। ভাবি চাওক, দুখীয়া মানুহৰ মাটি কাঢ়ি ল’বলৈ ধনী মহাজনে জানো এনেকৈয়ে প্ৰথমে না না মিঠা মিঠা ছলাহী কথা আৰু কেক-মিঠাইৰ টোপোলা যাচি দুখীয়াজনৰ সন্দেহ দূৰ নকৰে?
অসমত কেন্দ্ৰীয় চৰকাৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ (infrastructure) যিবোৰ বিৰাট-বিৰাট প্ৰকল্প কাৰ্যকৰী কৰা হৈছে। যেনে ফ’ৰলেন ৰাস্তা, বাইপাছ, বৃহৎ দলং, ফ্লাই অভাৰ, ট্ৰাক ৰখাৰ আস্থান আদি। এইবোৰ চকুত চমক লগা ভাৱক অসমীয়া বৃন্দই ’ধন্য বিকাশ, ধন্য বিকাশ’ বুলি ৰাও কাঢ়িছে। কিন্তু এই সকলো বিকাশ দুখীয়া জনগণক সহায় কৰা উদ্দেশৰে নহয়, কৰ্পোৰেট গোষ্ঠীবোৰৰ সহায়ৰ বাবেহে। ইয়াৰ লগত জড়িত এমুঠি অসমীয়াৰ ভাগ্য খোল খালেও অসমৰ জনগণৰ প্ৰকৃত উন্নতিৰ বাট মুকলি নহয়, কৰ্পোৰেট গোষ্ঠীবোৰৰ সহায়ৰ বাবেহে। ইয়াৰ লগত জড়িত এমুঠি অসমীয়াৰ ভাগ্য খোল খালেও অসমৰ জনগণৰ প্ৰকৃত উন্নয়নৰ বাট মুকলি নহয়। বৰং তেনে বাট বন্ধহে হ’ব।এই সংকটত কাৰ কি সঁহাৰি দেখা যাওক। বিনামূলীয়া চাউল আৰু নানা টুকটকা ‘আঁচনি’ৰে (যেনে— ঋণগ্ৰস্তা মহিলাৰ ঋণ পৰিশোধৰ ফোঁপোলা ঘোষণা) তেওঁলোকক তুষ্ট কৰি ৰখাও এটা কৌশল।
গুৱাহাটীৰ অভাৱনীয় বায়ুপ্ৰদূষণত আমাৰ দৰে বয়স্ক মানুহ কাঁহ জ্বৰত আক্ৰান্ত হৈছোঁ। ডেকা গাভৰুৰ হাওঁফাওঁ ক্ষতিগ্ৰস্ত। বাহিৰত মুকলি বতাহ পোৱা নাযায়। তুলনামূলকভাবে ঘৰৰ ভিতৰেই নিৰাপদ। সূৰ্যটো কেইবাদিনো ধৰি ধূলিৰ আস্তৰণত মাজত অস্বাভাৱিকভাবে শেঁতা ৰঙা। কাৰণ ‘আমাৰ অসম’ৰ মতে প্ৰধানকৈ একেলগে সাতোটা ফ্লাঅভাৰ আৰু এশ অট্টালিকা নিৰ্মাণ ইত্যাদি। এয়ে বিকাশ!! চহৰৰ মহানগৰ নিগমৰ মেয়ৰৰ মতে তেওঁ একো উৱাদিহ পোৱা নাই কি কৰিব ধৰিব পৰা নাই। অথচ বাতৰি কাকতেই উলিয়াই দিছে যে বিনাশকাৰী বিকাশেই ইয়াৰ মূল কাৰণ। মেয়ৰ ডাঙৰীয়াৰ উপায় নাই সেই তাত বাধা দিবলৈ। কাৰণ তেওঁৰ দলৰ বিয়াগোম নেতাৰ উদ্যোগত ঘাইকৈ এনে ‘বিকাশ’ চলে। কেন্দ্ৰৰ কৰ্পোৰেট গোষ্ঠীৰ লাভৰ বাবেই ‘বিকাশ’ হয়। তাৰফলত জনসাধাৰণ চৰম বিপদত পৰে। আজি অসমত ঘাইকৈ কৰ্পোৰেটৰ স্বাৰ্থত আৰু বিজেপিৰ উদ্যোগত প্ৰাকৃতিক পৰিৱেশ এনেদৰে বিনাশ হৈছে যে থলুৱা জনগণৰ জীৱন যাত্ৰাত প্ৰয়োজনীয় নৈ-বিল হয় শুকাইছে নহয় অপৰিচিত ভয়ংকৰ ৰূপ লৈছে। আৰু এইবোৰত উদগনি দিছোঁ আমি। এনে নেতাক শাসনৰ গাদীত বহুৱাইছোঁ।
কোনো সন্দেহ নাই যে কংগ্ৰেছৰ দিনতে আজি দুনিয়াত অখণ্ড ৰাজনৈতিক প্ৰতাপ থকা নব্য উদাৰ অৰ্থনীতি প্ৰৱৰ্ত্তিত হোৱাৰ পৰাই ‘বিকাশ’ৰ লগত জনকল্যাণৰ সম্পৰ্ক নথকা হৈছে। ধৰি লোৱা হৈছে যে ব্যৱসায়ী-পুঁজিপতিৰ অধিক-অধিক মুনাফা লাভেই দেশৰ অৰ্থনৈতিক উন্নয়নৰ চাবি কাঠি। তাত জনগণৰ অৱস্থাৰ কথা ধৰ্ত্তব্যই নহয়। তথাপি কংগ্ৰেছ চৰকাৰ জনসাধাৰণৰ ওজৰ-আপত্তিলৈ কিছু কাণ দিছিল! কিন্তু বিজেপি দল আৰু চৰকাৰে দানৱৰ দৰে আক্ৰোশ আৰু বিচাৰহীন উন্মাদনা (ধনৰ খঁক) ৰে যিদৰে বিকাশৰ ধুমুহা আনিছে, জনগণ একেবাৰে বিধস্ত হ’ব ধৰিছে।
আৰু এই আসন্ন সংকটৰ সমুখত আন কামত আগ্ৰহ উৎসাহ হেৰুৱাই পেলোৱা আমাৰ মানুহ ‘ধৰ্ম আৰু সংস্কৃতি’ত নিমগ্ন। আচলতে এইবোৰ একো একোটা পলায়ন।
আনহাতে আমি অনবৰত গালিশপনি পাৰি থকা ‘ন অসমীয়া’ সকলে কি কৰিছে চাওক। এচাম হয়তো অভাৱৰ তাড়নাত আৰু তেওঁলোকৰ নেতৃত্বৰ সুপৰিচালনাৰ অভাৱত অপৰাধত নামিছে। কিন্তু সৰহ ভাগেই চাওক অকাতৰ নিৰ্ভীক পৰিশ্ৰমেৰে জীয়াই থকাৰ আৰু উন্নতি কৰাৰ উপায় উলিয়াই লৈছে। এনে কি কাম নাই যিবোৰ আগ্ৰহ, কৌতুহল, বুদ্ধি আৰু মনোযোগ খটুৱাই তেওঁলোকে আয়ত্ব কৰি লোৱা নাই। জুপুৰী ঘৰত থকা মানুহে চোকা ৰ’দত ৰাস্তাঘাট নিৰ্মাণ কৰিছে। দেখি শুনিয়েই তেনেকৈ অসংখ্য কামত দক্ষতা অৰ্জন কৰিছে, উপযুক্ত পাৰিশ্ৰমিক আদায় কৰিছে, নিজৰ উন্নতি ঘটাইছে। আমোদ-প্ৰমোদ পিছৰ কথা। কোনো দক্ষতা বিকাশৰ আঁচনিত এনে দক্ষতা অৰ্জন কৰা নাই। নিজা বাস্তৱ বুদ্ধি, কৌতুহল আৰু পৰ্যবেক্ষণৰে আয়ত্ব কৰিছে। ধৰ্ম আৰু সংস্কৃতি এওঁলোকৰ বাবে সময় অপচয়ৰ চেলু নহয়। এওঁলোক বিকাশৰ কাল ধুমুহাৰ মাজতো বাচিব। আৰু ৰাজ্যত তেওঁলোকেই হয়তো এদিন ‘প্ৰভূত্ব’ বিস্তাৰ কৰিব অসমীয়াৰ দিবাস্বপ্ন আৱসান ঘটাই।
আমাৰ সংগীত, আমাৰ সংস্কৃতিৰ এইবোৰ সমস্যাৰ চিন্তাৰ পৰা মুক্ত। বাস্তৱ জীৱনৰ পৰা মোহময় সপোনলৈ পলায়নৰ উপায়। ধৰ্মৰ দৰে সংস্কৃতিও জনগণৰ কানিত পৰিণত হৈছে। এমুঠি ব্যতিক্ৰম আছে। মাজে মাজে অদ্ভুত ব্যতিক্ৰমৰূপে বাতৰি কাকতত তেওঁলোকৰ খবৰ ওলায়। জাতিৰ বাকিভাগ ‘ধৰ্ম’ আৰু ‘সংস্কৃতি’ত মতলীয়া হৈ ক্ৰমে আত্মবিলুপ্তিৰ পিনে গৈ আছে। মানুহ নাথাকিলে ‘ধৰ্ম’ আৰু ‘সংস্কৃতি’ ক’ত থাকিব?
গতিকে সঁচাকৈ জাতিৰ হিত বিচৰা সকলে এই কথাত মনোযোগ দি জাতিক প্ৰকৃত আত্মৰক্ষাৰ পথ দেখুৱাওক, তাত নেতৃত্ব দিয়ক। তেওঁলোকে নতুন হিতাধিকাৰী সৃষ্টিৰ বা পুৰণা হিতাধিকাৰী ৰক্ষাৰ সৰ্বনাশী পথৰ পৰা শ্ৰীঘ্ৰে আঁতৰি আহক। নহ’লে অহা দহ বছৰতে জাতি বিশ্বৰ মানচিত্ৰৰ পৰা অদৃশ্য হ’ব। এইবোৰ বক্তৃতা, বিবৃতিৰ কথা নহয়। হাতে-কামে লাগি কিবা কৰাৰহে সন্ধিক্ষণ। আৰু সৰ্বনাশী বিকাশত বাধা দিয়ক।
এই ধৰণৰ আন্দোলনৰ প্ৰয়োজন। কৰ্পোৰেট বিকাশৰ বিৰোধক বাধা দিয়া আৰু কামৰ প্ৰতি আগ্ৰহ, মনোযোগত উৎসাহ দিয়া।