Drunk & Hit Case: গ্ৰেপ্তাৰ হ’ল, জামিনো পালে ডাঃ নৱনীল বৰুৱাই; কেনেদৰে আগবাঢ়িব তদন্ত?

ebb3-640x375-1

Drunk & Hit Case: তিনিদিনৰ জেৰাৰ অন্তত দেওবাৰে জি এন আৰ চিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে।

ৰাজকন্যা বৰুৱা কাণ্ডত নাম সাঙোৰ খাই পৰা ডাঃ বৰুৱাই গ্ৰেপ্তাৰৰ পাছতে জামিনো লাভ কৰে।  

জামিন লাভ কৰিব পৰা ২০১/২১২/১২০(b) ধাৰা আৰোপ কৰা হৈছিল ডা: নৱনীল বৰুৱাৰ বিৰুদ্ধে। এই ধাৰা কেইটাত গ্ৰেপ্তাৰ হৈছিল ডাঃ নৱনীল বৰুৱা।

ডাঃ বৰুৱাৰ বিৰুদ্ধে প্ৰমাণ সাক্ষ্য লুকুৱাৰ অভিযোগ (২০১ ধাৰা), অপৰাধীক আশ্ৰয় বা সুৰক্ষা দিয়া (২১২ধাৰা), নিজে জড়িত হৈ অপৰাধ সৃষ্টি কৰাৰ বাবে ষড়যন্ত্রত (১২০b) ধাৰা লগোৱা হৈছিল। ধাৰা কেইটা শক্তিশালী যদিও জামিন লাভ কৰিব পৰা ধাৰা আছিল।

এতিয়া আৰক্ষীয়ে বিচাৰিলে তদন্তৰ ক্ষেত্ৰত তেওঁ সহযোগিতাত আগবঢ়াব লাগিব।

আনহাতে, অসম এৰি বাহিৰলৈ যাব লগা হ’লে তেওঁ দিছপুৰ আৰক্ষীক অৱগত কৰি যাব লাগিব।

উল্লেখ্য যে ডাঃ বৰুৱাৰ তত্বাৱধানত জি এন আৰ চি হস্পিতালত চেমি ICU ত ভৰ্তি হৈছিল ৰাজকন্যা বৰুৱা।

Also Read: GNRC Doctor Arrested অৱশেষত ৰাজকন্যা কাণ্ডত গ্ৰেপ্তাৰ জিএনআৰচিৰ চিকিৎসক ডাঃ নৱনীল বৰুৱা

অভিযোগ মতে কোনো বেমাৰ নথকাকৈ বেমাৰীৰ ভাও জুৰি আই চি ইউত ভৰ্তি হৈ আছিল ৰাজকন্যা।

ৰাজকন্যাক সহায় কৰাৰ অভিযোগত অৱশেষত গ্ৰেপ্তাৰ হৈছিল ডাঃ নৱনীল বৰুৱা।

১ অক্টোবৰৰ নিশা ভিভান্টাৰ পৰা বাৰ্থ ডে পাৰ্টি কৰি ওলাই অহা মডেল ৰাজকন্যা বৰুৱাই ৰূক্মিনী গাঁৱত ৯ জন শ্ৰমিকক গাড়ীৰে মহতিয়াই নিছিল।

ইয়াৰে এজনৰ দুয়োখন ভৰিয়ে কাটি পেলাবলগীয়া হৈছে।

Also Read: Rajkanya Baruah ‘ড্ৰাংক এণ্ড হিট’ কাণ্ড; তাজ ভিভান্টাক কাৰণ দৰ্শোৱাৰ জাননী

এই ঘটনা সংঘটিত কৰি আটক হোৱা ৰাজকন্যা বৰুৱাই কোনো বিশেষ শক্তিৰ প্ৰভাৱত কেইঘন্টামানৰ পাছতেই জামিন পাইছিল।

তাৰমাজতে বেমাৰীৰ ভাও জুৰি জি এন আৰ চি হস্পিতালত চেমি আই চি য়ুত ভৰ্তি হৈছিল ৰাজকন্যা।

বহুচর্চিত এই ঘটনাৰ সৈতে এতিয়া বহু ডাঙৰ মানুহৰ নাম জড়িত হৈ পৰাৰ কথা পোহৰলৈ আহিছে। সেয়ে, এতিয়া এই তদন্ত কেনেদৰে আগবাঢ়িব তাক লৈ সন্দেহ সৃষ্টি হৈছে।