তোলনীয়া কন্যাক অমানুষিক নিৰ্যাতন চলোৱা মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰ

অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল মনোৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ সংগীতা দত্ত। পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সংগীতা দত্তক।

জানিব পৰা মতে, অসম মেঘালয় সীমান্তত আত্মগোপন কৰি থকাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে    তোলনীয়া কন্যাক নিৰ্যাতনৰ মূল অভিযুক্ত ডাঃ সংগীতা দত্তক।

গুৱাহাটীৰ চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে তোলনীয়া কন্যাক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত শুকুৰবাৰে ডাঃ ৱালিউল ইছলামক পল্টনবজাৰ আৰক্ষীয়ে আটক কৰাৰ পিছত শনিবাৰে ডাঃ ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ডাঃ ইছলামৰ লগতে বনকৰা এগৰাকী মহিলা লক্ষ্মী নাথকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ডাঃ ৱালিউল ইছলাম আৰু লক্ষ্মী নাথৰ বিৰুদ্ধে কেবাটাও গোচৰ ৰুজু কৰা হৈছে।

শনিবাৰে বিয়লি দুয়োকে আদালতত হাজিৰ কৰোৱাৰ পিছতে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

ইপিনে, শুকুৰবাৰে ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা গ্ৰেপ্তাৰৰ ভয়ত মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত পলাতক হৈ আছিল ডাঃ দত্তই নিজক বচোৱাৰ বাবে বিভিন্ন পথ অৱলম্বন কৰে যদিও অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল।

উল্লেখ্য যে দম্পতীহালে নাবালিকাগৰাকীক প্ৰহাৰ কৰাৰ লগতে প্ৰায়ে শাস্তি হিচাপে তেওঁলোকে বাস কৰা এপাৰ্টমেণ্ট কমপ্লেক্সৰ ছাদত বান্ধি ৰাখিছিল বুলি অভিযোগ উত্থাপিত হৈছে। সেয়াই নহয়, নাবালিকাগৰাকীক অমানুষিক নিৰ্যাতন চলাইছিল চিকিৎক দম্পতীয়ে। এই নিৰ্যাতনৰ ঘটনাত ডাঃ সংগীতা দত্তই মূল ভূমিকা লৈছিল বুলি বনকৰা মহিলাগৰাকীয়ে আৰক্ষীৰ আগত স্বীকাৰো কৰিছে।

ডাঃ সংগীতা দত্তৰ বিভিন্ন উচ্চ পদস্থ বিষয়া আৰু নেতৃস্থানীয় ব্যক্তিৰ সৈতে সু-সম্পৰ্ক থকাৰ বাবে বেপেৰোৱা আচৰণত অভ্যস্ত আছিল বুলি জনা যায়। শেষ মুহূৰ্তলৈকে ডাঃ দত্তই ভিডিঅ’-অডিঅ’ বাৰ্তাৰ জৰিয়তে নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰে যদিও বিফল হয়।