দক্ষিণ গাৰো পাহাৰত গ্ৰেপ্তাৰ জিএনএলএ’ৰ দুৰ্ধৰ্ষ কমাণ্ডাৰ নিক্ৰাক এম চাংমা

NSC-600x375

গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ(জিএনএলএ)দুৰ্ধৰ্ষ কমাণ্ডাৰ নিক্ৰাক এম চাংমাক মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ ৰংগাৰাত মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

দক্ষিণ গাৰো পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক আব্ৰাহাম টি চাংমাই জানিবলৈ দিয়া মতে নিক্ৰাক এম চাংমাক দেওবাৰে সন্ধিয়া গংগাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

‘’তেওঁ বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল আৰু আমি তেওঁ ঘূৰি যাবলৈ চেষ্টা কৰাৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰো,’’-আৰক্ষী অধীক্ষকগৰাকীয়ে কয়।

নিক্ৰাক এম চাংমাই এজন গাৰো গাঁৱবাসীৰ ছদ্মবেশত আছিল আৰু তেওঁক আন্তৰ্জাতিক সীমান্তৰ ওচৰতে গ্ৰেপ্তাৰ কৰা হয়।

বিগত কেইমাহ ধৰি নিক্ৰাক এম চাংমাক ওৰফে কালটুশে আলফা উগ্ৰপন্থী আৰু বাংলাদেশৰ একাংশ অপৰাধীৰ সৈতে নিকট সম্পৰ্ক গঢ়ি জিএনএলএক সংগঠিত কৰাৰ কামত নিয়োজিত আছিল।

নিক্ৰাক এম চাংমাই ২০১১চনত জিএনএলএত যোগদান কৰিছিল আৰু সংগঠনটোত যোগদান কৰা তৃতীয় চামৰ সদস্য আছিল। তেওঁ ২০১৫চনত বাংলাদেশলৈ গৈছিল।

আৰক্ষী বিষয়াই কয় যে নিক্ৰাক এম চাংমাই জিএনএলএৰ কেডাৰসকলক অস্ত্ৰ-শস্ত্ৰ যোগান তথা বাংলাদেশৰ পৰা য়ুনিফৰ্ম যোগানকে ধৰি সা-সৰঞ্জাম যোগানত নিয়োজিত হৈ আছিল।

২০১৮’ৰ ফেব্ৰুৱাৰিত মুখ্য সেনাধ্যক্ষ ছোহান ডি শিৰা নিহত হোৱাৰ পাছত জিএনএলএৰ বাবে সংকট নামি অহাত নিক্ৰাক এম চাংমা বাংলাদেশতে আছিল।

বিগত এবছৰ ধৰি তেওঁ বাংলাদেশত থকাৰ সময়ছোৱাত নিক্ৰাক এম চাংমা আলফাকে ধৰি আন বিদ্ৰোহী সংগঠনৰ সমৰ্থনত ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছিল।

নিক্ৰাক এম চাংমা পুজি সংগ্ৰহৰ বাবে ভাৰতীয় নাগৰিকৰ অপহৰণ আৰু ধন দাবীৰ সৈতে জড়িত আছিল।

মেঘালয়ৰ দক্ষিণ অঞ্চলত এখন সাৰ্বভৌম গাৰোলেণ্ডৰ বাবে যুঁজ দিবলৈ ২০০৯চনত জিএনএলএ গঠন হৈছিল।

মেঘালয়ৰ এজন প্ৰাক্তন উপ আৰক্ষী অধীক্ষক (ডিএছপি) পাকচাৰা আৰ চাংমা ওৰফে চেম্পিয়ন আৰ চাংমাই আৰক্ষী বাহিনী ত্যাগ কৰি বিদ্ৰোহী সংগঠনটো গঠন কৰিছিল।

বৰ্তমান শ্বিলং জেইলৰ পৰা ওলোৱা চেম্পিয়ন আৰ চাংমাৰ সৈতে নিক্ৰাক এম চাংমাই সম্পৰ্ক ৰক্ষা কৰিছিল বুলি সন্দেহ কৰা হয়।

আৰক্ষী তথা চোৰাংচোৱা বিষয়াই গাৰো পাহাৰৰ এক গোপন স্থানত নিক্ৰাক এম চাংমাৰ জেৰা অব্যাহত ৰাখিছে।

নিক্ৰাক এম চাংমা আলফাৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰো এজন নিকট সহযোগী আছিল বুলি আৰক্ষী বিষয়াই জানিবলৈ দিছে।