NORTHEAST NOW (Assamese)

জাগুনত আলফা (স্বা:) দুৰ্ধৰ্ষ কেডাৰ আটক; জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে

December 1, 2021 8:51 pm · মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা
ফটো: নৰ্থইষ্ট নাও।

তিনিচুকীয়া জিলাৰ জাগুনৰ সীমামূৰীয়া অঞ্চলৰ পৰা আটক কৰা হৈছে এগৰাকী আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ।

মঙলবাৰে সন্ধিয়া অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ স্থিত ১৯ নং আচাম ৰাইফলছে অসম অৰুণাচল সীমামূৰীয়া টিংকুপানী সংৰক্ষিত বনাঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় এগৰাকী আলফা স্বাধীনৰ সদস্য।

আটকাধীন সদস্য গৰাকী নাম গ্ৰীৰিন্দ্ৰ চেতিয়া(৩৮) ওৰফে পৱিত্ৰ অসম।

তেওঁৰ ঘৰ তিনিচুকীয়াৰ বৰডুবি থানাৰ অন্তৰ্গত জেঙনী গাঁৱত বুলি জানিব পৰা গৈছে।

Also Read: Handique Girls College: সন্দিকৈ মহাবিদ্যালয়ক মাইক্ৰ’ কন্টেইনমেন্ট জ’ন ঘোষণা; স্থগিত কৰা হ’ল সকলো পাঠদান,পৰীক্ষা

আটকাধীন সদস্য গৰাকীৰ পৰা এটা ৯ এম এম পিষ্টল, ৩ জাই সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে।

আচাম ৰাইফলছে আটকাধীন সদস্যগৰাকীক আজি জাগুন আৰক্ষী গতাই দিয়ে।

আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে আলফা সদস্যগৰাকীৰ জেৰা অব্যাহত ৰাখিছে। 

Related News