• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১২০০ কোটি টকাৰ GST ফাঁকিৰ অভিযোগ; গোচৰ ৰুজু কৰিও কিয় প্ৰত্যাহাৰ কৰিলে DREAM 11য়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2023 9:07 am
1.3k
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে ড্ৰিম ১১ লৈ ১২০০ কোটি টকাৰ কৰ ফাঁকিৰ জাননী প্ৰেৰণ কৰা হৈছিল। সেই জাননীৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ড্ৰিম ১১। অৱশ্যে এই সপ্তাহত উচ্চ ন্যায়ালয়ৰ পৰা ড্ৰিম ১১য়ে আবেদন প্ৰত্যাহাৰ কৰে। এই গোচৰত মহাৰাষ্ট্ৰ চৰকাৰে আদালতক অৱগত কৰিছে যে এছ জি এছ টি কৰ্তৃপক্ষই কাৰণ দেখুৱাৰ জাননী প্ৰত্যাহাৰ কৰিছে।

জানিব পৰা মতে, এই সন্দৰ্ভত চিজিএছটি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। এনে পৰিস্থিতিত ৰাজ্যৰ জি এছ টি কৰ্তৃপক্ষই ১২০০ কোটি টকাৰ কৰ ফাঁকিৰ জাননী প্ৰত্যাহাৰ কৰিছে।

মহাৰাষ্ট্ৰ চৰকাৰে জনাইছে যে জি এছ টি সঞ্চালকালয়ে পুনৰ DREAM 11 লৈ জাননী প্ৰেৰণ কৰিব। এই পৰিস্থিতিত বম্বে উচ্চ ন্যায়ালয়ৰ পৰা তেওঁলোকৰ আবেদন প্ৰত্যাহাৰ কৰে ড্ৰিম ১১য়ে। মন কৰিবলগীয়া যে যোৱা ছেপ্টেম্বৰ মাহত স্প’ৰ্টছ টেকন’লজিছ লিমিটেডে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই কোম্পানীটোৰ মালিক ড্ৰিম ১১ ব্ৰেণ্ড।

লগতে পঢ়কঃ ইমান টকা! গণি গণি মেচিনেই বেয়া হৈ গ’ল; আয়কৰ বিষয়াসকলৰো চকু কপালত উঠিল

জানিব পৰা মতে, ৰাজ্যৰ জি এছ টি কৰ্তৃপক্ষই ২০১৭-১৮ আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষত ২৮ শতাংশ হাৰত জি এছ টি ফাঁকিৰ অভিযোগ উত্থাপন কৰি DREAM 11 লৈ জাননী প্ৰেৰণ কৰিছিল। দাবী কৰা হৈছিল যে ড্ৰিম ১১ কোম্পানীয়ে জুৱাৰ পৰিসেৱা আগবঢ়ায়। এই প্ৰসংগত তেওঁলোকক কোম্পানীটোৰ মুঠ মূল্যৰ ওপৰত ২৮ শতাংশ জি এছ টি দিবলৈ কোৱা হৈছিল। অৱশ্যে কোম্পানীটোৱে দাবী কৰা মতে, বিভিন্ন আদালতে ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে যে অনলাইন ফেণ্টাচি গেম আচলতে কৌশলৰ গেমহে, জুৱাৰ নহয়।

ইপিনে, একেধৰণৰ জাননী প্লেয়াৰজপট মিডিয়া প্ৰাইভেট লিমিটেডলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকেও এই জাননীক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁলোকৰ ক্ষেত্ৰত জি এছ টি সঞ্চালকালয়ে তেওঁলোকক বাকী থকা ৫৩২ কোটি টকাৰ কৰ নিষ্পত্তি কৰিবলৈ কয়। এই ধনৰ লগতে সুত আৰু জৰিমনা কোম্পানীটোৰ পৰা দাবী কৰা হয়।

লগতে পঢ়কঃচাঞ্চল্য! সীমাৰ গছ কটাৰ কাজিয়াৰ পৰিণতিত অভিনেতাই প্ৰাণ ল’লে এজনৰ, তিনিজন আহত

উল্লেখ্য যে ইয়াৰ পূৰ্বেও একেধৰণৰ গোচৰত গেমছক্ৰাফ্ট নামৰ কোম্পানী এটাক ২১ হাজাৰ কোটিৰ জি এছ টি জাননী জাৰি কৰা হৈছিল। এই জাননীৰ বিৰুদ্ধে তেওঁলোকে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। এই আবেদনৰ পিছতে যোৱা মে’ মাহত উচ্চ ন্যায়ালয়ে জি এছ টিৰ জাননীত স্থগিতাদেশ জাৰি কৰিছিল। তাৰ পিছত গোচৰটো উচ্চতম ন্যায়ালয়লৈ নিয়া হয়।

Recent News

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd