ডিজেল মাফিয়াৰ বিৰুদ্ধে অভিযান : লাইন হোটেলৰ পৰা ১৫ শ লিটাৰ ডিজেল জব্দ

IMG-20190210-WA0091

দৰং জিলাৰ দলগাঁও থানাৰ পৰা কেই কিলোমিটাৰ মান দূৰত্বত বেছিমাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ লাইন হোটেলত বছৰ বছৰ ধৰি চলি থকা অবৈধ ডিজেল ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ধাবাৰ পৰা অবৈধ ব্যৱসায়ৰ বাবে মজুত কৰি ৰখা ১৫ শ লিটাৰ চোৰাং ডিজেল জব্দ কৰিবলৈ সক্ষম হৈছে।

দৰং জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাই খাৰুপেটীয়া থানাৰ আৰক্ষীৰ সহযোগত নিশা চলোৱা এক  অভিযানত এই বৃহৎপৰিমানৰ ডিজেল জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে,  আন্ধাৰৰ সুযোগ লৈ ডিজেল মাফিয়া ছাইৰুদ্দিন পলায়ন কৰে ৷

ইপিনে, উপ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে দলগাঁও থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অবৈধ ডিজেল জব্দ কৰি থানালৈ আনে আৰু ৫১/২০১৯ নম্বৰ ৩৭৯ ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে ৷

প্ৰাপ্ত তথ্য আৰু অভিযোগ মতে বেছিমাৰীৰ ধাবা সমূহত বহু দিনৰ পৰাই এনে অবৈধ ডিজেল ব্যৱসায়কে আদি কৰি নানা অসামাজিক কাম চলি থাকে যদিও এনে কাণ্ডৰ বিৰুদ্ধে আৰক্ষী প্ৰসাশনে কোনো ব্যৱস্থা লোৱা নাছিল ৷ জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত এই ধাবা সমূহত পূৰ্বতে কেইবাবাৰো অভিযান চলায় যদিও  সফল হ’ব পৰা নাছিল ৷

আনহাতে, নৱ নিযুক্ত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত দলগাঁও থানাৰ অজ্ঞাতে খাৰুপেটীয়া থানাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই এক বৃহৎ পৰিমানৰ অবৈধ ডিজেল জব্দ কৰিবলৈ সক্ষম হোৱাত ৰহস্য ঘনীভূত হৈছে ৷ অভিযোগ মতে বেছিমাৰীত ৰাষ্ট্ৰীয় ঘাই পথত চলা গাড়ীৰ পৰা ডিজেল মাফিয়াই কেতিয়াবা ব্লেকমেইল কৰি, কেতিয়াবা প্ৰলোভন দি ডিজেল চুৰি কৰি উলিয়াই লয়৷

আনহাতে, পূৰ্বতে বহুবাৰ এনে ঘটনাৰ প্ৰমান পোৱাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ মতে এই ধাবাত টেংকীয়ে টেংকীয়ে চোৰাং তেল উলিয়াই ৰখাৰ লগতে ওচৰৰ ৰৌতাৰ এক পেট্ৰল পাম্পৰ চুৰি তেলো এই ধাবাত বিক্ৰী কৰা হৈছিল ৷

স্থানীয় ৰাইজৰ অভিযোগ মতে এই ধাবাৰ মালিক আৰু ৫ নং বৰুৱাঝাৰৰ চাইৰুদ্দিনৰ লগত দলগাঁও থানাৰ আৰক্ষীৰ গোপন বুজাবুজি আছে যাৰ বাবে অবৈধ ডিজেল ব্যৱসায়ৰ উপৰিও নানা অসামাজিক কামবোৰ দলগাঁও থানাৰ ছত্ৰ ছায়াতে চলি আহিছে ৷

তদুপৰি, স্থানীয় ৰাইজে ভৱিষ্যতেও দলগাঁও আৰক্ষীক খবৰ নিদিয়াকে অভিযান চলোৱাৰ দাবী কৰে, তেতিয়াহে অবৈধ কামকাজৰ ঘাটী সমূহ উৎখাত হ’ব বুলি মত ব্যক্ত কৰে ৷