NORTHEAST NOW (Assamese)

বঙাইগাঁৱত ড্ৰাগছসহ এজনক আটক

September 15, 2021 8:28 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ৰাখালডুবিৰ নিকটৱৰ্তী দৰকিনামাৰী বজাৰৰ পৰা  বঙাইগাঁও আৰক্ষীয়ে ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷

এক বিশেষ সূত্ৰৰ পম খেদি বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক লুনা সোনোৱালৰ নেতৃত্বত চলোৱা অভিযানত আৰক্ষীয়ে চুলেমান আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰাৰ লগতে ড্ৰাগছসহ ১৬ টা কণ্টেইনাৰ আৰু এটা মোবাইল জব্দ কৰে ৷

ধৃত চুলেমান আলীৰ ঘৰ দৰকিনামাৰীত বুলি জানিব পৰা গৈছে ৷

জব্দকৃত কণ্টেইনাৰ কেইটাত মুঠ ২২ গ্ৰাম হেৰ’ইন আছিল ৷ ইপিনে ধৃত চুলেমান আলীয়ে সংবাদ মাধ্যমৰ আগত বৰতালোৱাৰ জনৈক বিল্লাল নামৰ ব্যক্তিজনে ড্ৰাগছখিনি এজন লোকক বিক্ৰী কৰিবলৈ দিয়া বুলি প্ৰকাশ কৰে ৷

লগতে নিজে ড্ৰাগছ সেৱন কৰা বুলিও কয় ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Related News