নাৰীৰ পিছত ড্ৰাগছ উদ্ধাৰ কোটিপতি ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ বাসগৃহত

Rajesh Himatsingka

ৰাজেশ হিম্মৎসিংকা। ফাইল ফটো।

মহানগৰীৰ বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ ঘৰত এইবাৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য।

আৰক্ষীয়ে জনোৱা মতে চি আই ডি আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযানত ব্যৱসায়ীজনৰ ভঙাগড়স্থিত ঘৰত বৃহৎপৰিমাণৰ হেৰ’ইন উদ্ধাৰ হৈছে।

মুঠ ৩৮টা কণ্টেইনাৰত থকা হেৰ’ইনখিনি বাসগৃহৰ ছোফাৰ তলত লুকুৱাই থোৱা আছিল।

সূত্ৰটোৱে জনোৱামতে, চি আই ডিয়ে ব্যৱসায়ী হিম্মৎসিংকাৰ লগতে তেওঁৰ গাড়ীচালক শত্ৰুঘ্ন কান্তিকো চি আই ডিৰ কাৰ্য্যালয়ত ১০ ছেপ্টেম্বৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে।

ৰাজেশ হিম্মৎসিংকা পূৰ্বেও কেইবাটাও অপৰাধমূলক ঘটনাত জড়িত হোৱাৰ উদাহৰণ আছে।

৭০ বছৰীয়া কোটিপতি ব্যৱসায়ীজনৰ বিৰুদ্ধে ভূমি দখল, ধন আত্মসাৎ, কম বয়সীয়া সুন্দৰী যুৱতীৰ সৈতে লীলাখেলা আদি বিভিন্ন অভিযোগ আছে।

এইবোৰ অভিযোগৰ গোচৰত তেওঁ পূৰ্বে জেইললৈও যাব লগীয়া হৈছিল।

যোৱা জুলাই মাহত তেওঁৰ আমচৈৰ চাহ বাগিচাৰ মাজত থকা নিজা বাসগৃহত এগৰাকী সুন্দৰী যুৱতী গুলীবিদ্ধ হৈছিল, যিটো ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এইটো ঘটনাৰ বাবেও তেওঁ গ্ৰেপ্তাৰ হৈছিল।