চাপৰত ডেৰ লক্ষাধিক টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দ,এজনক গ্ৰেপ্তাৰ

chap

ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰৰ চাৰি নম্বৰ ৱাৰ্ডৰ কাজীপাৰা গাওঁৰ এটি পৰিয়ালৰ গৃহত চাপৰ আৰক্ষী আৰু বিলাসীপাৰা স্থিত কেম্পৰ সি/৪৮ বেটেলিয়ানৰ চি আৰ পি এফ বাহিনীৰ এটি দলে অভিযান চলাই প্ৰায় ডেৰ লক্ষাধিক মূল্যৰ নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

বিলাসীপাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা আৰু চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত চলোৱা এই অভিযানত চি/৪৮ বটালিয়ান চি আৰ পি এফ (বিলাসীপাৰা) বাহিনীৰ এটি দল , এ এছ আই সতিন সিংহ , ট্ৰেফিক ইন্সপেক্টৰ আব্দুৰ ৰহিম , এ এছ আই ছফিউল আলম আজাদ , নমিতা ৰায় আদিয়ে সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰি নিজ নিজ দায়িত্ব নিয়াৰি কৈ পালন কৰে ।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেই জানিবলৈ দিয়া মতে অভিযান কালত সত্তৰ (৭০) টা সৰু সৰু ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু লগতে ১৭৭টা খালি কণ্টেইনাৰ উদ্ধাৰ কৰিছে।

ব্ৰাউন সূগাৰ খিনিৰ ওজন ২৬ গ্ৰাম বুলি আৰক্ষী সূত্ৰে প্ৰকাশ । এই সংক্ৰান্তত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বামুণ গাওঁ প্ৰথম খণ্ডৰ প্ৰয়াত ভূপেন বড়োৰ পুত্ৰ মঞ্জিল বড়োক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেইজানিবলৈ দিছে।

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত শালকোছা , চান্দৰডিঙা , আৰু চাপৰ থানা এলাকাৰ বিভিন্ন ঠাইত গোপন ভাবে সমাজবিৰোধী দুষ্ট চক্ৰই এই মাৰাত্মক ড্ৰাগছ , কফ চিৰাপ , গাঞ্জা , ব্ৰাউন চুগাৰ , নিচা জাতীয় পদাৰ্থৰ বেহা চলাই উঠি অহা নৱ প্ৰজন্মৰ জীৱন ধ্বংসৰ
গহ্বৰলৈ ঠেলি দিছে।