নিশাৰ মহানগৰীত সুৰামত্ত যুৱতীৰ তাণ্ডৱ; বাহনেৰে মহতিয়ালে ৯জনকৈ শ্ৰমিকক

Drunken Girl accident

নিশা সুৰামত্ত যুৱতীয়ে গুৱাহাটীৰ ৰুক্মিণীগাওঁত সংঘটিত কৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

সুৰামত্ত যুৱতীৰ বাহনে মহতিয়ালে নিশাৰ ৰাজপথত কৰ্মৰত লোকনিৰ্মাণ বিভাগৰ ৯ জনকৈ শ্ৰমিকক।

সুৰামত্ত যুৱতী গৰাকীৰ বাহনখনে খুন্দিয়াই লোক নিৰ্মাণ বিভাগৰ এখন বাহনো।

গুৰুতৰভাবে আঘাতপ্ৰাপ্ত ৯ জন শ্ৰমিকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত ভৰ্ত্তি কৰোৱা হয়।

ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এজন শ্ৰমিকৰ দুয়োখন ভৰি চিগি যায়।

ইপিনে, নিশাই দিছপুৰ আৰক্ষীয়ে আটক কৰিছে সুৰামত্ত যুৱতী গৰাকীক।

যুৱতীগৰাকীৰ Chevrolet বাহনখনৰ নম্বৰ হৈছে  AS-01AG-2194।

যুৱতীগৰাকী মহানগৰীৰ বেলতলাৰ ৰাজকন্যা বৰুৱা বুলি জানিব পৰা গৈছে।

গুৰুতৰভাৱে আহত এজন শ্ৰমিকৰ ভৰি চিগি গৈছে। কিন্তু বৰ্তমানলৈকে শ্ৰমিকজনৰ পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে।