মঙলবাৰে ৰাজ্যত ড্ৰাই ডে’ ঘোষণা

প্ৰতিনিধিত্বমূলক ছবি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্ম-জয়ন্তী উপলক্ষে অসম চৰকাৰে কাইলৈ অৰ্থাৎ ৮ অক্টোবৰত ৰাজ্যখনত ড্ৰাই ডে’ ঘোষণা কৰিছে।

ইয়াৰ ফলত অহা মঙলবাৰে অৰ্থাৎ বিজয়া দশমীৰ দিনা ৰাজ্যৰ সকলো সুৰা বিপনী বন্ধ থাকিব।

এক টুইট যোগে অসম ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিবাৰণ পৰিষদৰ উপ-সভাপতি লাকী গগৈয়ে এই কথা সদৰী কৰে। তেওঁ কয়, ‘৮ অক্টোবৰ দিনটো শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে অসম চৰকাৰে উক্ত দিনটোত ৰাজ্যজুৰি ড্ৰাই ডে ঘোষণা কৰিছে।‘

মঙলবাৰে যাতে ৰাজ্যৰ কোনো ঠাইতে সুৰাৰ বিক্ৰী বা প্ৰচলন নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ চৰকাৰে প্ৰত্যেকখন জিলা প্ৰশাসনক নিৰ্দেশ দিছে।

‘এই নিৰ্দেশ অমান্য কৰিলে অসম আবকাৰী আইন, ২০০০ৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব’ নিৰ্দেশনাটোত লগতে কোৱা হয়।