NORTHEAST NOW (Assamese)

ডিমৌ পৌৰসভাৰ আজৱ কাণ্ড,জাবৰ জোথৰ নিষ্কাশন প্ৰকল্পত গঢ়ি তুলিছে ডাম্পিং গ্ৰাউণ্ড

September 29, 2021 1:26 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

ডিমৌ পৌৰসভাৰ আজৱ কাণ্ড,জাবৰ জোথৰ নিষ্কাশন প্ৰকল্পত গঢ়ি তুলিছে ডাম্পিং গ্ৰাউণ্ড।

ডিমৌ পৌৰসভাৰ দুখন গাড়ীয়ে দৈনিক তিনি চাৰিবাৰ জাবৰ-জোথৰ পেলায় এই স্থানত।

ইয়াতকৈ আন এক ভয়ংকৰ কাৰ্য কৰিছে ডিমৌ পৌৰ সভাই। ক’ভিড মহামাৰীৰ সময়ত এই স্থানত ডিমৌ চৰকাৰী চিকিৎসালয়ৰ বিভিন্ন পেলনীয়া সামগ্ৰী, টেষ্টিং কিট, চিৰিঞ্জ আদি পেলোৱাৰ বাবে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি অহা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে।

ইপিনে মুক্তভাৱে এই স্থানত গেলা পচা সামগ্ৰী, চিকিৎসালয়ৰ পেলনীয়া সামগ্ৰী গাড়ীয়ে গাড়ীয়ে পেলোৱাৰ ফলত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে দাঁতিকাষৰীয়া অঞ্চলত।

দিৰৈ নদীৰ ওপৰত থকা দিৰৈটিং পাৰঘাটত এতিয়া মানুহ ৰৱ নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে। বকতাৰ পৰা ডিমৌলৈ দৈনিক নাৱেৰে পাৰ হোৱা বহু ব্যক্তি এতিয়া এই ঘাটেদি পাৰ নহৈ অন্য পথেৰে যায়। যাৰ বাবে লোকচানৰ সন্মুখীন হৈছে দিৰৈটিং পাৰঘাটৰ লেচী। নৰ্থইষ্ট নাওৰ আগত বহুতে এনেদৰে অভিযোগ কৰে ।

ইপিনে ডিমৌ পৌৰসভাৰ বিষয়ববীয়াক এই সম্পৰ্কত ফোন যোগাযোগ কৰাত তেওঁ অহা ডিচেম্বৰ মাহৰ ভিতৰত কেঁচা জাৱৰ নিষ্কাষণ কৰি সাৰ প্ৰস্তুত কৰা প্ৰজেক্টৰ কাম সম্পূৰ্ণ হব বুলি জানিবলৈ দিয়ে।

এতিয়া প্ৰশ্ন হয় ডিমৌ পৌৰসভাৰ লেহেমীয়া গতিত চলা কামৰ বাবে আৰু কিমান দিনলৈ জীয়াতু ভুগিব লাগিব অঞ্চলবাসীয়ে?

Related News