ঘৃণা এবিধ প্ৰজ্জ্বালক

ভাৰতীয় সমাজত মই যি বিশেষ সুবিধাভোগী জাতি, লিংগ আৰু সামাজিক অৱস্থানত থিয় দি আছো, তাৰ পৰা মই সমাজত চলি থকা ঘৃণা, ভয় আৰু ক্ৰোধৰ গভীৰতা উপলব্ধি কৰিব নোৱাৰো৷  তাক বুজিব পাৰে কেৱল সংখ্যালঘূ, দলিত, মহিলা আৰু কিন্নৰসকলে৷ তেওঁলোকে এক ধৰণৰ ভয় আৰু ক্ৰোধৰ মাজেৰে প্ৰতিনিয়ত জীৱন নিৰ্বাহ কৰি আহিছে৷ অনেক সময়ত তেওঁলোক ঘৃণা আৰু ক্ৰোধৰ বলিও হৈছে৷

শেহতীয়াকৈ প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলে কিছুমান ঘটনাৰ প্ৰসংগ উত্থাপন কৰি দিনবোৰ সলনি হোৱা বুলি অভিযোগ তুলিছে৷ তেওঁলোকৰ মানসিক যন্ত্ৰণা বৃদ্ধি পাইছে৷ তেওঁলোকৰ ওজৰ-আপত্তিবোৰে সামাজিক মাধ্যমত প্ৰচাৰ লাভ কৰিছে আৰু বহু সময়ত অৱশ্যে অতিৰঞ্জিত পৰিৱেশনো হৈছে৷ আজিৰ পৰা বছৰদিয়েক আগলৈকে, সমাজৰ দমনমূলক চৰিত্ৰ থকা স্বত্বেও, তেওঁলোকৰ বাবে মুকলিকৈ উশাহ-নিশাহ লোৱাৰ অৱকাশ যে নাছিল, তেনে নহয়৷ বহু সময়ত সমাজৰ পীড়কসকলৰ লগত প্ৰতিদ্বন্দ্বিতাও কৰিব পাৰিছিল আৰু ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰিবলৈ বিচৰাসকলক অনেক সময়ত পৰাভূতো কৰিব পাৰিছিল৷

কিন্তু আজি কালি তেওঁলোকৰ বিৰুদ্ধে কৰা হিংসাই সন্মান বুটলিবলৈ সক্ষম হোৱা দেখা গৈছে৷ ঘৃণা আৰু হিংসাই প্ৰাতিষ্ঠানিক মঞ্জুৰিও লাভ কৰিছে৷ এনে অপকৰ্মৰ বাবে পাবলগীয়া শাস্তিৰ বিপৰীতে অপৰাধীয়ে লাভ কৰা প্ৰাতিষ্ঠানিক সুৰক্ষাই সমাজত ভয়ৰ পৰিৱেশক জয়াল কৰি তুলিছে৷ এনেবোৰ ঘটনাৰ প্ৰতি আমি নিৰ্লিপ্ত হৈ আছো আৰু খোলাৰ ভিতৰলৈ সোমাই গৈ নিজৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বিচাৰিছো৷ মোৰ দৰে অনেকে, খুব বেছি, কাকত-আলোচনীত লেখা লেখি, সভা-সমিতিত বক্তৃতা দি, ৰাজহুৱা আৱেদনত স্বাক্ষৰ কৰি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছো৷ গোটেই সমাজখনেই যেন ভয়াচ্ছন্ন হৈ পৰিছে!

ফটো সৌজন্য: কমিউনিকেশ্যন আৰ্ট।

 

নিৰ্লিপ্ততা বা মৌনতাৰে সমাজখনৰ অসুখ নিৰাময় কৰিব নোৱাৰি৷ ঘৃণা আৰু ক্ৰোধৰ মোকাবিলা কৰিবলৈ আমি দৰাচলতে একোৱেই কৰিব পৰা নাই৷ আমি কেৱল সমাজ দৰ্শনৰ ভেটিত থিয় হৈ অথবা গান্ধী, আম্বেদকাৰ আৰু নেহৰুৰ দৰে ব্যক্তিৰ আশ্ৰয় লৈ এই অসূয়াবিলাকৰ কাৰণ আৰু পৰিণাম বিশ্লেষণ কৰিছো৷ অতীত ৰোমন্থনেৰে মানুহক সজ গুণক প্ৰতিপালন কৰিবলৈ আহ্বান জনাইছো৷ অথচ আমি জানো–এইবিলাকৰ কাৰ্যকৰী ফল প্ৰায় শূন্য৷

এবাৰ এজন বিখ্যাত লিখকক সোধা হৈছিল–তেওঁ ইমান মহৎ ৰচনাবোৰ কেনেকৈ সৃষ্টি কৰিছে? উত্তৰত তেওঁ কৈছিল–“কাৰণ মই নপঢ়োঁ৷” ওপৰে ওপৰে চালে কথাষাৰ অৰ্থহীন যেন লাগে৷ কিন্তু মই এই মন্তব্যক বেলেগ দৃষ্টিৰে চাবলৈ বিচাৰো৷ ইতিবাচক বা নেতিবাচক–প্ৰভাৱ যিয়েই নহওক, অতীত আমাৰ বাবে এটা বোজা৷ কোনো এটা কাৰ্যৰ কাৰণ আৰু পৰিণাম বিচাৰিবলৈ আমি নিজৰ চৌপাশটো নিৰীক্ষণ কৰাৰ পৰিৱৰ্তে আনে এই সন্দৰ্ভত কি কৈ গৈছে, তাৰ অনুসন্ধান কৰিবলৈ আমি বাৰে বাৰে অতীতলৈ ঘূৰি যাওঁ৷ অতীতক আমি সন্মুখত আহি পৰা দায়িত্ব আৰু কৰ্তব্যৰ পৰা পলায়নৰ এক অৱলম্বন হিচাপে ব্যৱহাৰ কৰো৷ গান্ধী বা আম্বেদকাৰ আজি আমাৰ ত্ৰাণকৰ্তা নহয়, হ’ব নোৱাৰে৷ তেওঁলোক পথ প্ৰদৰ্শক হ’ব পাৰে, কিন্তু আশ্ৰয় হ’ব নোৱাৰে৷

আমি নিজেই সন্ধিৰ বাট কাটি উলিয়াব লাগিব৷ অতীতত সংঘটিত ঘৃণা-ক্ৰোধৰ ঘটনাবোৰে আমাক এটা কথা দেখুৱাই দিব পাৰে যে আমি–অন্ততঃ এই ক্ষেত্ৰত–একেই ঠাইতে আছো; আগুৱাই যাব পৰা নাই৷ আমোদজনক কথাটো হ’ল– ঘৃণা-ক্ৰোধ-হিংসাৰ অপৰাধীসকলেও অতীতৰ বুকুৰ পৰা সমল বুটলি আনি নিজ কাৰ্যৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰে৷ অতীতৰ হিংসাৰ অথবা মনেসজা হিংসাৰ প্ৰতিফল হিচাপে বৰ্তমানৰ জিঘাংসাক ন্যায্যতা দিবলৈ বিচাৰে৷

আমি আচলতে নিজৰ অৱস্থানৰ পৰাহে পৰিস্থিতিৰে মোকাবিলা কৰাৰ কৌশল উদ্ভাৱন কৰিবলৈ চেষ্টা কৰা উচিত৷ আমাৰ অনুভৱ–শক্তি আৰু অহংকাৰৰ আঁৰত ঘৃণা প্ৰতিপালিত হয়৷ ফলত ইয়াৰ প্ৰকৃতি হয় তীৰ্যক৷ স্তৰীভূত সমাজত, পৰিচয় গোটৰ মাজত আমি মানুহ হিচাপে আমাৰ অস্তিত্ব বিচাৰি লওঁ৷ গোটৰ পৰিচয়েই আমাৰ পৰিচয়৷ সমাজ-নিৰ্ধাৰিত সীমাবদ্ধতাৰ মাজেদিয়েই আমাৰ মানসিকতাই গঢ় লৈ উঠে৷ আন কথাত, কিছুমান অলিখিত সীমাবদ্ধতাত আমাৰ মনৰ পৰিধি সীমাবদ্ধ হৈ থাকে৷

আমি মনন আৰু কৰ্মত স্বাধীন নহয়৷ এই পৰাধীনতাই আমাৰ মনস্তত্ব নিৰ্মাণ কৰে৷ ইয়াত “মোৰ” স্বতন্ত্ৰতাৰ ধাৰণাটো মুঠেই স্বতন্ত্ৰ নহয়; ই এক বাহ্যিক আৱৰণহে৷ কাৰণ, যি মুহূৰ্ততে “মই” কোনোবা এটা গোট বা সম্প্ৰদায়ৰ মাজত “মোৰ সত্তাক” বিচাৰি পাওঁ, সেই মুহূৰ্ততে “মই” সমষ্টিটোৰ লগত একাকাৰ হৈ পৰো৷ তাক সুৰক্ষিত ৰাখিবলৈ মই সক্ৰিয় ভূমিকা লওঁ, কাৰণ সেই গোটটোৰ অবিহনে মোৰ কোনো অস্তিত্ব নাই বুলি অনুভৱ কৰো৷ সেয়েহে ঘৃণা–বিপথগামী বা কৃত্ৰিমভাৱে চালিত হ’লেও–হৈ পৰে সহজাত, অযৌক্তিকৰ আৰু সংক্ৰামক৷ ভীতি হৈছে ঘৃণাৰ আনটো ফাল৷ আক্ৰমণাত্মক বা সুৰক্ষাত্মক–ব্যক্তিজনে যি অৱস্থানেই গ্ৰহণ কৰিব লগা নহওক, ঘৃণা আৰু ভয় তাৰ লগত সম্পৃক্ত হৈ থাকে৷ আমাৰ এই প্ৰৱণতাকে আজি আৰ এছ এছ-বিজেপিয়ে কৌশলেৰে ব্যৱহাৰ কৰি আছে৷

আমি এখন সামন্তীয় সংস্কৃতিৰ বুকুত লালিত-পালিত৷ আমাৰ মাজত সামাজিক আৰু আৰ্থিক বৈষম্য পূবৰ্ৰে পৰা বিৰাজমান৷ এইবিলাকে আমাৰ সামাজিক চিত্ৰপটখন খণ্ডিত কৰি ৰাখিছে৷ আমাৰ মনত কোনোবা কাল্পনিক কিম্বা আনুমানিক শত্ৰু বা অন্যায় দখলকাৰীক নিয়ন্ত্ৰণ কৰাৰ, তেওঁলোকক অৱদমন কৰি ৰখাৰ অথবা সংহাৰ কৰাৰ “প্ৰয়োজনবোধ” অনৱৰত সক্ৰিয় হৈ থাকে৷ স্বাধীনতাৰ পয়সত্তৰ বছৰত ঘৃণা আৰু ভয়ক কেন্দ্ৰ কৰি আমাৰ দেশত হোৱা ভালেমান উদ্‌গিৰণ আমি প্ৰত্যক্ষ কৰিছো৷ আমি সেইবিলাকক নিৰ্দিষ্ট একো একোটা এলাকাৰ ঘটনা বুলি গণ্য কৰো যদিও, সেইবিলাকৰ দৰাচলতে এক নেতিবাচক ৰাষ্ট্ৰীয় আৱেদন থাকে৷ আমাৰ অন্তঃকৰণত নিহিত হৈ থকা ঘৃণা বা হিংসা ভাৱক সি সুৰসুৰণি তুলি দিয়ে৷ আমি উপলব্ধি কৰিবলৈ চেষ্টা নকৰো যে এই আভ্যন্তৰীণ দ্বন্দ্ববিলাকে আমাক ক্ৰমাৎ ভিতৰৰ পৰা নিঃশেষ কৰি আনিছে৷ সেয়েহে আমি এই সকীয়নিবোৰ সদায় উপেক্ষা কৰিবলৈ বিচাৰো আৰু নিজক সলনি কৰাৰ বাবে কোনো উদ্যোগ ল’বলৈও নিবিচাৰো৷ ভালকৈ গমি চালে বুজিব পাৰি যে আমাৰ শিক্ষানুষ্ঠানবোৰ দৰাচলতে একো একোটা ঘৃণাৰ অট্টালিকা৷ নিজৰ ঘৰখনত, কৰ্মস্থলীত আমি ঘৃণাৰ জলৰাশিত অৱগাহন কৰি আছো৷

গতিকে আচৰিত হ’ব লগা কথা নহয় যে এনে এটা পৰিৱেশত আমাৰ অন্তঃস্থলত ঘৃণা আৰু ভীতিৰ প্ৰভাৱ প্ৰবল৷ আন কথাত, আমি প্ৰজ্জ্বালকৰ একো একোটা স্তূপ৷ জুই জ্বলাবলৈ বোমা-বাৰুদৰ প্ৰয়োজন নাই; প্ৰয়োজন মাথোন এটা জুইশলা কাঠিৰ– খাণ্ডৱদাহৰ বাবে আৱশ্যকীয় খাৰ-বাৰুদ আমাৰ মনত আছেই৷ আমাৰ দেশৰ কিছু অপশক্তিয়ে এনে কাৰ্যত উদগণি যোগায়েই আছে৷

আমি যে কেৱল ঘৃণাৰ দ্বাৰাহে আক্ৰান্ত হৈছো, সেইটো নহয়; আমি নিজেও জ্ঞানে-অজ্ঞানে ঘৃণাৰ খেতি কৰি আছো৷ তাৰ ফলতে আমাৰ মুখেদি খোঁচ মাৰি অথবা আক্ৰমণ কৰি কোৱা কথা নিৰ্গত হৈ থাকে৷ এনে আচৰণৰ জৰিয়তে আমি এক আসুৰিক পৰিতৃপ্তি লাভ কৰো৷ অপৰাধী বুলি গণ্য কৰাজনৰ প্ৰতি আমি আমাৰ অন্তঃকৰণত প্ৰতিশোধ পৰায়ন হৈ পৰো৷ আমাৰ চৰকাৰটোৱে যদি এনেবোৰ আচৰণক উৎসাহিত কৰে, আমি তেওঁলোকৰ ‘ফেন’ হৈ পৰো৷ তেওঁলোকে যেতিয়া ভুল কৰে, হিংসাত উদগণি দিয়ে, আমাৰ সম্পদ কৰ্পোৰেট গোষ্ঠীৰ হাতত গটাই দিয়ে, আমি মৌন হৈ থাকো অথবা সমৰ্থন কৰো৷ আমাৰ মনত জন্ম লোৱা, আমি ঘৃণা আৰু ভয় কৰা “ডাঙৰ শত্ৰু”ৰ সৈতে মোকাবিলা কৰিবলৈ আমি চৰকাৰৰ এইবোৰ কামত সহযোগ কৰো৷ অনুভৱ নকৰো যে আমি দৰাচলতে বীভৎসতা [Monstrosity]কহে প্ৰশ্ৰয় দিছো৷ আমি আমাৰ বিবেকক প্ৰশ্ন কৰিবলৈ এৰি দিছো৷

আমাৰ মাজৰ বহুতে আশা কৰে যে এই বিষাক্ত পৰিৱেশৰ আশু অৱসান ঘটক আৰু সমাজত শান্তি-সম্প্ৰীতি বিৰাজ কৰক৷ কিন্তু তাৰ বাবে সক্ৰিয়ভাৱে, সংগঠিতভাৱে যি সামূহিক ভূমিকাৰ আৱশ্যক, তাৰ বাবে আমি আগ্ৰহী নহয়৷ মধ্যবিত্তীয় মানসিকতাৰে আমি সেই দায়িত্ব “আনসকলে” পালন কৰাটো বিচাৰো৷

(লেখক দ্বিপেন কাকতি এগৰাকী নিবন্ধকাৰ।লেখকৰ ফোন নম্বৰ-৯৪৩৫০-৯০৮৯৯)