• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী ক্লাৱত উত্তাল প্ৰতিবাদ ডি ৱাই এফ আইৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিযুক্তি কেলেংকাৰি, বিত্তীয় অৰাজকতা আৰু লুণ্ঠনৰাজৰ বিৰুদ্ধে গুৱাহাটীত যুৱ প্ৰতিবাদ ডি ৱাই এফ আইৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 28, 2024 9:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ “স্বচ্ছ আৰু নিকা” নিযুক্তিৰ শ্লোগানৰ আঁ‌ৰত চলাই থকা দুৰ্নীতি, ৰাজকোষৰ ধন য’তে ত’তে খৰচ কৰি ৰাজ্যখনক ভয়ংকৰ বিত্তীয় সংকটৰ মাজলৈ নিয়া আৰু ৰাজহুৱা সম্পদ লুণ্ঠনৰ বিৰুদ্ধে আজি ২৮ অক্টোবৰ তাৰিখে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়।

গুৱাহাটী ক্লাৱৰ ৰটাৰীৰ ওচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ দুৰ্নীতি আৰু স্বজন-তোষণৰ মাজেৰে যুৱ সমাজক কৰা প্ৰতাৰণা, এপিএছচি কেলেংকাৰিত যুক্ত সকলক ৰক্ষণাবেক্ষণ দিয়াৰ বিৰুদ্ধে শ্লোগান দি কাৰ্যসূচী আৰম্ভ হয়। ডি ৱাই এফ আইৰ পক্ষৰ পৰা কোৱা হয় যে- স্বচ্ছ আৰু নিকা নিযুক্তিৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ভয়ংকৰ দুৰ্নীতি কৰি গৈছে ।

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১২৬০০ টা খালী পদত নিযুক্তি দিবলৈ পুনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিন্তু পূৰ্বৰ নিযুক্তিৰ দৰে এইবাৰো অন্যায় আৰু স্বজন তোষণ কৰাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে। নিযুক্তি প্ৰক্ৰিয়াৰ মূল সুৰঙাটো হ‘ল ৰাজহুৱা ভাবে সম্পূৰ্ণ ফলাফল ঘোষণা নকৰা আৰু  মৌখিক সাক্ষাৎকাৰ (ভাইভা)ৰ জৰিয়তে নিজৰ  বিশেষ প্ৰাৰ্থীক বাছনি কৰা। ইয়াৰ ফলতেই বিগত বৰ্ষত মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্গত শুৱালকুছিৰ ৫৬/৫৭ বছৰীয়া  বিশেষ  প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হৈছিল।

অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়াত হোৱা বিয়োগম কেলেংকাৰিত জড়িত সকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বতে নানা প্ৰকাৰে চেষ্টা চলাইছে।  প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ২০১৩ আৰু ২০১৪ বৰ্ষৰ দুয়োটা বেটচৰ কেলেংকাৰি সম্পৰ্কত তদন্ত কৰি তথ্যসহ কেলেংকাৰিৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতো ৰাজ্য চৰকাৰে কেলেংকাৰিৰে এপিএছ, এচিএছ হোৱা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সলনি তেওঁলোকক পদোন্নতি দিয়াৰহে ব্যৱস্থা কৰিছে। SIT ৰ যোগেদি ৰক্ষণাবেক্ষণ দিব বিচৰা এপিএছ বিষয়া নৱনীতা শৰ্মা, অসীমা কলিতা, অমৃতৰাজ চৌধুৰী, ৰিতুৰা দলে, স্বৰূপ কুমাৰ ভট্টাচাৰ্য, গীতাৰ্থ বৰুৱা, মৃদুল হাজৰিকা, কুলপ্ৰদীপ ভাগৱতী, নিতুমণি দাস, এচিএছ বিষয়া – ত্ৰিদিপ ৰয়, জগদীশ ব্ৰহ্ম, বিক্ৰম আদিত্য বৰা, নন্দিতা হাজৰিকাক ৰেহাই দিয়াৰ চেষ্টা চলাইছিল যদি আদালতে নিজাববীয়াকৈ গোচ লৈছে। কিন্তু আচৰিত কথাটো হৈছে চৰকাৰে এইসকল বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সকনি জামিন লাভৰ সুবিধা কৰি দিছে।

২৯ কৃষি উন্নয়ন বিষয়া (এডিঅ)ক বিশেষ ন্যায়ালয়ে দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰাৰ পাছতো চৰকাৰে বৰ্খাস্ত কৰাৰ সলনি তেওঁলোকক জামিন লোৱাৰ সুযোগ কৰি দিছে। এপিএছচি কেলেংকাৰিত জড়িত সকলৰ জামিন পোৱাৰ ক্ষেত্ৰত চৰকাৰৰ ভুমিকা সন্দেহজনক।

শেহতীয়াকৈ ১৭ জনকৈ এছ আই (আৰক্ষী)ৰ বিৰুদ্ধে বিভাগে বৰ্খাস্তৰ বাবে প্ৰস্তুতি চলাইছে, কিন্তু আচৰিত কথাটো হৈছে ঘটনাটো পোহৰলৈ অহাৰ পাছতো আজি ১৬ বছৰে এইসকল বিষয়াই চাকৰি কৰি থাকিবলৈ সক্ষম হৈছে।

ৰাজ্যৰ প্ৰাণকেন্দ্ৰ অসম সচিবালয়ত কৌশলেৰে কেৱল মৌখিক সাক্ষাৎকাৰ পাতিয়ে এই বছৰত ৫০ জন প্ৰাৰ্থীক নিযুক্তি দিছে, ইয়াৰে ভিতৰত অধ্যক্ষৰ ভতিজা, উপাধ্যক্ষৰ আত্মীয়, সচিব পৰ্যায়ৰ বিষয়াৰ কন্যা-বোৱাৰীয়ে চাকৰি পাইছে। বিগত তিনি বছৰত ডেৰ শতাধিক লোকক এনেকৈ নিযুক্তি দিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত লিখিত পৰীক্ষা পাতি মৌখিক সাক্ষাৎকাৰ পতা চৰকাৰে বিধানসভাৰ ৰাজপত্ৰিত পদত এনেকৈ কৌশলেৰে নিজৰ প্ৰাৰ্থীক নিযুক্তি দিছে। জনস্বাস্থ্য বিভাগৰ ১০১ এটা পদত লিখিত পৰীক্ষা অবিহনেই নিযুক্তি দি বিশেষ প্ৰাৰ্থীক নিযুক্তি লাভৰ সুবিধা কৰি দিছে। এইক্ষেত্ৰত অভিজ্ঞতাসম্পন্ন প্ৰাৰ্থীসকলেও চাকৰি লাভৰ পৰা বঞ্চিত হৈছে। কোনো বাদ-প্ৰতিবাদক কেৰেপ নকৰি চৰকাৰে স্বজন-তোষণ আৰু অনিয়মেৰে নিযুক্তি প্ৰক্ৰিয়া চলাই গৈছে আৰু তেওঁলোকে শ্লোগান দিছে “স্বচ্ছ আৰু নিকা নিযুক্তি”।

অকল নিযুক্তি কেলেংকাৰিতেই সীমাবদ্ধ হৈ আছে তেনে নহয়। এইখন চৰকাৰে বিত্তীয় অৰাজকতাৰে ৰাজ্যবাসীক বিপদৰ মাজলৈ ঠেলি দিছে। অসম চৰকাৰে প্ৰশাসন চলাবলৈ যি হাৰত ঋণ লৈছে সিয়ে ৰাজ্যখনক ডাঙৰ বিপদৰ ফালে লৈ গৈছে। অনুৎপাদনমূলক খণ্ডত হাজাৰ হাজাৰ কোটি ঋণৰ টকা খৰচ কৰি ৰাজ্যবাসীলৈ বিপদ মাতি আনিছে। এতিয়ালৈ চৰকাৰে ১ লাখ ৫৭ হাজাৰ কোটি টকা ঋণ লৈছে। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত , এমাহতেই দুবাৰকৈ ঋণ লৈছে। ইয়াৰে বেছি সংখ্যক টকা কৰ্মচাৰীৰ দা-দৰমহা, হিতাধিকাৰী আৰু উৎসৱ-পাৰ্বনৰ নামত বিতৰণ কৰিছে। ৰাজ্য চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে কেগেও সতৰ্ক কৰি দিছে। খৰচ আৰু আয়ৰ মাজত সামঞ্জস্য ৰখাব নোৱাৰিলে ৰাজ্যখনে ভয়ংকৰ বিত্তীয় সংকটত পৰিব।

ৰাজ্যবাসীক বিপদৰ মাজলৈ ঠেলি দিয়া  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আন এক ডাঙৰ দুষ্কাৰ্য হৈছে- ৰাজহুৱা সম্পদৰ লুণ্ঠন। চৰকাৰী সম্পদ আদানি-আম্বানিৰ নামত গতাই দিয়াৰ লগতে নিজৰ পৰিয়ালৰ নামতো অবাধে সংগ্ৰহ কৰিছে। বেছি সংখ্যক মন্ত্ৰী-বিধায়কে মাটি-বাৰীৰে সম্পত্তিৰ পাহাৰ গঢ়িছে। মুখ্যমন্ত্ৰীৰ পৰিয়ালে ৰাজ্যৰ কিমান ঠাইত মাটি ক্ৰয় কৰিছে তাৰ হিচাপ নাই। চাহবাগান, পুখুৰী, ৰিজৰ্ট, স্কুল আদি মুখ্যমন্ত্ৰীৰ পৰিয়ালে সকলো বিধি ব্যৱস্থা ভৰিৰে মোহাৰি অনায়েসে নিজৰ নামত কৰি গৈছে। অথচ কোনো মতে মূৰটো গুজি থকা সাধাৰণ মানুহে নিজৰ ঘৰটোও উচ্ছেদৰ নামত হেৰুৱাইছে।

স্মাৰ্ট মিটাৰৰ মাজেৰে জনতাক লুণ্ঠন কৰিব এৰি দি আদানিক হাজাৰ কোটি টকা লাভ দিবলৈ সুযোগ কৰি দিছে। মূল্যবৃদ্ধিয়ে ৰাইজক জ্বলাকলা খুৱাইছে। খাদ্য সামগ্ৰী আৰু ঔষধৰ দামৰ লগতে টোল টেক্স, জি এছ টি, মাটিৰ খাজানা, বজাৰ, নদীৰ ঘাট, মটৰ-গাড়ীৰ টেক্স ব্যাপক হাৰত বঢ়াই ৰাজ্যবাসীক বিপদৰ মাজলৈ ঠেলি দিছে আৰু জীৱন-জীৱিক শেষ কৰিব ওলাইছে। ইয়াৰ লগতে  ৰাজ্যৰ প্ৰায় ৩৫ হাজাৰ টেট শিক্ষক, কম্পিউটাৰ শিক্ষক আৰু ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলে দীৰ্ঘদিনে উত্থাপন কৰি অহা ন্যায্য দাবীসমূহ আজিলৈকে পূৰণ কৰাৰ ব্যৱস্থা নকৰিলে। এয়া কেৱল শিক্ষক সকলৰ প্ৰতিয়ে নহয় বৰং সমগ্ৰ শিক্ষা ব্যৱস্থা আৰু লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি ডাঙৰ অন্যায় কৰি আহিছে।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইয়ে উক্ত বিষয়সমূহলৈ ৰাইজৰ মাজত সজাগত সৃষ্টিৰ লগতে প্ৰতিৰোধ গঢ়ি তোলাৰ লগতে প্ৰতিবাদী কাৰ্যসূচীৰে চৰকাৰৰ ওচৰত হেঁ‌চা সৃষ্টি কৰিবলৈ প্ৰয়াস চলাইছে। প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ মোডীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়। ডি ৱাই এফ আইয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা নিযুক্তি, তেওঁৰ পৰিয়াল, মন্ত্ৰী-বিধায়কে কৰা সম্পত্তি ক্ৰয়, অভয়াৰণ্যৰ মাটি পুঁ‌জিপতিক হস্তান্তৰ কৰাৰ তথ্যৰ শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনাইছে। ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু সভাপতি ৰুস্তম আলীৰ নেতৃত্বত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীত যুটীয়া সম্পাদক নিৰংকুশ নাথ, কুলজিত কলিতা, উপসভাপতি আব্দুল বাছেদ, ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য জিতু হাজৰিকা, সদস্য স্নেহাংকৰ চক্ৰৱৰ্তী, সুৰ্জেন গোৱালা, নোমল চাউৰা উপস্থিত থাকে। এই অন্যায়ৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱা পৰ্যন্ত আন্দোলন চলাই যোৱাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছে ডি ৱাই এফ আইয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd