চৰ্তৰ নামত ঠিকাভিত্তিক শিক্ষকসকলক ডাঙৰ প্ৰবঞ্চনা কৰিব ওলাইছে অসম চৰকাৰেঃ  ডি ৱাই এফ আই 

বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়া কৰাৰ দাবীত ঠিকাভিত্তিক টে’ট উত্তীৰ্ণ শিক্ষকসকলে আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু চৰ্তহীনভাৱে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়া কৰিবলৈ দাবী উত্থাপন কৰিছে।

১০-১২ বছৰে কৰ্মৰত শিক্ষকসকলক নিয়মীয়া কৰাৰ নামত নতুন নিযুক্তিৰ মৰ্যাদা দিব বিচৰাটো চৰম অন্যায় আৰু শ্ৰম আইনৰো পৰিপন্থী। উল্লেখনীয় যে চৰকাৰৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ হ’লে প্ৰতিজন শিক্ষকে মাহে ১০/১২ হাজাৰ টকা হেৰুৱাব লাগিব। শিক্ষকসকলে গণতান্ত্ৰিক আৰু যুক্তি সংগতভাৱে তেওঁলোকৰ দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিছে যদিও চৰকাৰে ক্ষমতাৰ বলত নিজৰ সিদ্ধান্ত জাপি দিব ওলাইছে। ইয়াৰ ফলত শিক্ষকসকলে আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ শংকাত ভুগি শিক্ষাদান কাৰ্য চলাই যাবলগীয়া হৈছে। নিজৰ শংকিত ভৱিষ্যত লৈ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ কামত ব্যস্ত হ’বলগীয়া হৈছে। ইয়াৰ ফলত শৈক্ষিক ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। সুস্থ আৰু গুণগত শিক্ষা নিশ্চিত কৰিবলৈ হ’লে শিক্ষকসকলৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হোৱাটো অতি জৰুৰী।

ইয়াৰ বিপৰীতে শিক্ষকসকলে যি দীঘলীয়া সেৱা আগবঢ়ালে তাক নানা চৰ্ত জাপি দি অসম চৰকাৰে নসাৎ কৰিব বিচৰাটো কোনো মতেই গ্ৰহণযোগ্য নহয় বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে। 

ডি ৱাই এফ আইয়ে অসম চৰকাৰৰ এই শিক্ষক বিৰোধী পদক্ষেপক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে চৰ্তহীনভাৱে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰিবলৈ দাবী জনাইছে।