অংগনৱাড়ী কৰ্মী -সহায়িকাসকলে যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ চচলত বিৰামহীনভাৱে আন্দোলন সংগঠিত কৰি আছে। ন্যায্য দাবীৰ ভিত্তিত চলাই থকা এই গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি অসম চৰকাৰে কৰি অহা উদাসীন আচৰণক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছে আৰু তৎকালে দাবী মানি ল’বলৈ আহ্বান জনাইছে।
অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগে আগবঢ়োৱা মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দাবীত ৰাজ্যখনৰ লক্ষাধিক অংগনাৱাড়ী কৰ্মী-সহায়িকাই আন্দোলন অব্যাহত ৰাখিছে। এই আন্দোলনে আজি ১৮ দিন অতিক্ৰম কৰিলে অথচ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত অসম চৰকাৰখনে আন্দোলনৰ প্ৰতি কোনো গুৰুত্ব দিব বিচৰা নাই।
এয়া গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবে অতিকৈ দুখৰ আৰু উদ্বেগৰ কথা বুলি ডি ৱাই এফ আই- এ ক্ষোভ প্ৰকাশ কৰে। সংগঠনটোৰ অভিযোগ, কেৰালাৰ দৰে বাঁওপন্থী শাসিত ৰাজ্য চৰকাৰে ইতিমধ্যে মাননি বৃদ্ধিৰে অংগনাৱাড়ী কৰ্মী-সহায়িকৰ চাকৰি আৰু কৰ্মৰ প্ৰতি স্বীকৃতি প্ৰদান কৰাৰ সময়তে অসম চৰকাৰে ওলোটা খৰ মাৰিছে।
চৰকাৰে অংগনাৱাড়ী কৰ্মী-সহায়িকাৰ কামৰ বোজা প্ৰতিদিনেই বৃদ্ধি কৰিছে যদিও তেওঁলোকৰ মাননি বৃদ্ধি আৰু চাকৰিৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বুলিও ডি ৱাই এফ আই- এ দাবী কৰে আৰু এয়া দেখ দেখকৈ অন্যায় তথা ভাৰতবৰ্ষৰ সকলো শ্ৰমিক আইনৰ পৰিপন্থী বুলি অভিহিত কৰে।
সংগঠনটোৰ মতে, সততে মহিলা সৱলীকৰণৰ কথা কোৱা বিজেপি চৰকাৰখনে লক্ষাধিক অংগনাৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতি কৰা অন্যায়ে প্ৰমাণ কৰিছে তেওঁলোকে প্ৰকৃততে মহিলাৰ সৱলীকৰণৰ প্ৰতি কিমান ইচ্ছুক। ডি ৱাই এফ আইয়ে বিজেপি চৰকাৰৰ এই দ্বি-চাৰিতা বন্ধ কৰাৰ লগতে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি কৰা স্বৈৰাচাৰী আচৰণ বন্ধ কৰিবলৈ দাবী জনাইছে।