NORTHEAST NOW (Assamese)

পুনৰ মৃদু ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যৰ বহু অঞ্চল

February 17, 2021 6:29 pm · এন ই নাও নিউজ
Updated: February 17, 2021 8:12 pm

অসমৰ  বিভিন্ন স্থানক  আজি  বিয়লি এক মৃদু ভূমিকম্পই জোকাৰি যায়। আজি বিয়লি ৫.৫৪ বজাত অনুভূত হৈছিল এই মৃদু ভূমিকম্পৰ জোকাৰণি।

প্ৰাপ্ত তথ্য মতে এই মৃদু ভূমিকম্প ৪.৭ ৰিখটাৰ স্কেলত আহিছিল। অৱশ্যে বৰ্তমানলৈকে এই ভূমিকম্পত ক্ষয়ক্ষতিৰ কোনো খবৰ পোৱা নাই।

আনহাতে আজি  অনুভূত হোৱা এই মৃদু ভূমিকম্পৰ উৎপত্তিস্থল শোণিতপুৰৰ ভূগৰ্ভৰ  ১০ কিলোমিটাৰ অভ্যন্তৰত আছিল বুলি নেছনেল চেণ্টাৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰিছে।

গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলতো অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি। উল্লেখ্য কিছুদিন পূৰ্বে নগাঁৱক জোকাৰি গৈছিল আন এক মৃদু ভূমিকম্পই।

Related News