NORTHEAST NOW (Assamese)

আপুনি চেনি খায়?, কিমান বেছি খালে ঘাতক বেমাৰৰ বলি হ’ব পাৰে? ক’লে বিশ্ব স্বাস্থ্য সংস্থাই

November 26, 2019 5:09 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই বিশ্বৰ সকলো দেশতে বসবাস কৰা লোকৰ স্বাস্থ্য সম্পৰ্কত চিন্তা ব্যক্ত কৰি সকলো লোককে চেনি খোৱাৰ পৰিমান হ্ৰাস কৰাৰ পৰামৰ্শ দিছে।

স্মৰ্তব্য যে WHOৰ প্ৰতিবেদন অনুসৰি ভাৰতত ২০২০ পৰ্যন্ত প্ৰায় ৩৫ কোটি লোক গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই চেনিৰ লগতে নিমখ আৰু তেলো খোৱাটো কমাবলৈ পৰামৰ্শ দিছে।

চেনি, নিমখ আৰু তেল প্ৰয়োজনতকৈ বেছি খালে টাইপ-২ ডায়েবেটিজ, শকত হোৱা, হাইপাৰটেনশ্যন, হাৰ্ট এটেক আৰু কিডনিৰ সৈতে জড়িত প্ৰাণনাশী বেমাৰ হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এজন বয়স্ক ব্যক্তিয়ে দিনটোত কেবল ৬ চামুচ (চাহ চামুচ) চেনিহে খোৱা উচিত। ইয়াৰ উপৰি আহাৰত এদিনত কেবল ১ চামুচ নিমখ আৰু ৪ চামুচ পৰ্যন্ত তেলহে খোৱা উচিত।

পিচে, ভাৰতীয় চিকিৎসা সংস্থাৰ প্ৰতিবেদনত যিধৰণৰ তথ্য পোৱা যায় সেয়া অত্যন্ত উদ্বেগজনক কিয়নো ভাৰতত এজন লোকে গড়ে দিনটোত ১৬ৰপৰা ২০ চামুচ চেনি খায় আৰু আহাৰত ২-৩ চামুচ নিমখ তথা প্ৰায় ৮ চামুচ তেল গ্ৰহণ কৰে।

জানি থোৱা ভাল যে চেনি কেবল সেইটোৱেই নহয় যিটো আমি চাহ গাখীৰৰ সৈতে বেলেগকৈ মিলাই খাওঁ। চেনি আমাৰ খোৱা বোৱাত অন্তৰ্ভুক্ত ফল আদি খাদ্যতো থাকে।

চেনি কেইবা প্ৰকাৰৰো থাকে যেনে মাল্টোজ, ফ্ৰক্টোজ, সুক্ৰোজ, গেলেক্টোজ আৰু লেক্টোজ।

Related News