ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী; চাওক সৱিশেষ

নিৰ্বাচন আয়োগে ঘোষণা কৰিছে পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ সময়সূচী। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই পাঁচখন ৰাজ্য মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, তেলেংগানা আৰু মিজোৰাম বিধানসভা নিৰ্বাচনৰ গুৰুত্ব অতিশয় বৃদ্ধি পাইছে। ‘ফাইনেল’ৰ পূৰ্বে ২০২৩ চনৰ শেষৰ ফালে দেশৰ পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে যিটো ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এক ‘এচিড টেষ্ট’।

নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি, উত্তৰ-পূব ৰাজ্য মিজোৰামত অহা ৭ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। অহা ৭ নৱেম্বৰত মিজোৰাম ভোটদান অনুষ্ঠিত হ’ব।

অহা ৭ নৱেম্বৰত মিজোৰামৰ ৪০টা সমষ্টিৰ আটাইকেইটা সমষ্টিতে নিৰ্বাচনত অনুষ্ঠিত হ’ব।

লগতে পঢ়কঃ স্বস্তি! বিধ্বংসী বানত বিপৰ্যস্ত ছিকিমৰ পৰা আহি ৰাজ্যত উপস্থিত হৈছে প্ৰায় ১৩০ জন শিক্ষাৰ্থী

আনহাতে, ২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজস্থান বিধানসভাৰ নিৰ্বাচন। তেলেংগানা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৩০ নৱেম্বৰত।

ইপিনে, ২টা পৰ্যায়ত অনুষ্ঠিত হ’ব ছত্তীশগড় বিধানসভা নিৰ্বাচন – প্ৰথমটো ৭ নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায় ১৭ নৱেম্বৰত।

সেইদৰে, মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব।

আটাইকেইখন ৰাজ্যৰে ভোটগণনা অনুষ্ঠিত হ’ব অহা ৩ ডিচেম্বৰত।

ৰাজস্থান বিধানসভা নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ৫.২৫ কোটি। বিধানসভাৰ আসনৰ সংখ্যা ২০০ খন। ৪ জানুৱাৰীত বিধানসভাৰ কাৰ্যকাল শেষ হ’ব। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ক্ৰমে ২৫ আৰু ৩৪ খন।

লগতে পঢ়কঃ‘উত্তৰ-পূবতো হ’ব পাৰে ছিকিমৰ দৰে পৰিস্থিতি’-সকীয়ালে পদ্মশ্ৰী যাদৱ পায়েঙে

১৭ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ দেশজুৰি অব্যাহত থাকিব ভোটাৰ তালিকা পুনৰীক্ষণৰ কাম। অহা বছৰৰ লোকসভা নিৰ্বাচনৰ বাবে এই কাম কৰা হ’ব বুলি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয়।

মধ্যপ্ৰদেশ বিধানসভাৰ কাৰ্যকাল ২০২৪ চনৰ ৮ জানুৱাৰীত শেষ হ’ব। মুঠ আসনৰ সংখ্যা ২৩০ খন। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ৩৫ খন। আৰু অনুসূচিত জাতিৰ বাবে ৪৭ খন আসন সংৰক্ষিত। মুঠ ভোটাৰৰ সংখ্যা ৫.৬ কোটি।

ছত্তীশগড় বিধানসভাৰ মুঠ আসনৰ সংখ্যা ৯০খন। ২০২৪ চনৰ ৩ জানুৱাৰীত সমাপ্ত হ’ব বিধানসভাৰ কাৰ্যকাল। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ১০ খন। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ২৯খন। মুঠ ভোটাৰৰ সংখ্যা ২.০৩ কোটি।

লগতে পঢ়কঃ বেটেৰে নহয়, হাতেৰে ৰচিলে কোহলীয়ে আন এক অভিলেখ: অতিক্ৰম কুম্বলেক

মিজোৰাম বিধানসভাৰ কাৰ্যকাল ১৭ ডিচেম্বৰত বিধানসভাৰ শেষ হ’ব। মুঠ বিধানসভাৰ আসনৰ সংখ্যা ৪০খন। এখন সাধাৰণ আসন। অনুসূচিত জনজাতিৰ বাবে ৩৯ খন আসন সংৰক্ষিত। মুঠ ভোটাৰৰ সংখ্যা ৮.৫২ লাখ।

নিৰ্বাচন আয়োগৰ সংবাদমেলল ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে এই পাঁচখন ৰাজ্যত (মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, তেলেংগানা আৰু মিজোৰাম) বিধানসভাৰ আসনৰ সংখ্যা দেশৰ এক ষষ্ঠাংশ।