নিৰ্বাচনী আয়োগৰ ভোটদানৰ শতকৰা হাৰ শীঘ্ৰে প্ৰকাশ কৰিবৰ বাবে সংযোগ ঘটাইছে এক নতুন প্ৰযুক্তি। যাতে ভোটদানৰ শতকৰা হাৰ শীঘ্ৰে জানিব পৰা যায়। এতিয়ালৈকে যিদৰে কাম হাতেৰে কৰা হৈছিল, সময় লাগিছিল। এই ক্ষেত্ৰত এতিয়ালৈকে ছেক্টৰ বিষয়াসকলে ভোটদানৰ তথ্য সংগ্ৰহ কৰি ৰিটাৰ্ণিং বিষয়াক ফোন বা মেছেজৰ জৰিয়তে অৱগত কৰিছিল।
আশা কৰা হৈছে যে নতুন ব্যৱস্থাৰ জৰিয়তে ভোটৰ শতাংশৰ তথ্য অতি ক্ষীপ্ৰতাৰে জানিব পৰা যাব। নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰে।
এই নতুন ব্যৱস্থাটোৱে ইচিআইনেট এপৰ জৰিয়তে কাম কৰিব। ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ প্ৰিজাইডিং বিষয়াসকলে সেই এপত প্ৰতি দুঘণ্টাৰ মূৰে মূৰে ভোটৰ শতাংশ তথ্য আপলোড কৰিব। ভোটগ্ৰহণৰ সময়সীমা শেষ হোৱাৰ পিছত তেওঁলোকে নিজৰ এপত নিজ নিজ বুথৰ মুঠ ভোটিং একাউণ্ট দ্ৰুতভাৱে আপলোড কৰিহে বুথৰ পৰা ওলাই যাব। ভোটগ্ৰহণ শেষ হোৱাৰ পিছত সংশোধিত ভিটিআৰ বা ভোটাৰ টাৰ্ণআউট এপত কেন্দ্ৰৰ ভিত্তিত গড় ভোটৰ শতাংশ গণনা কৰা হ’ব।
আয়োগে কয় যে বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই উন্নত ইচিআইনেট আৰু উন্নত ভিটিআৰ এপ কাৰ্যকৰী কৰা হ’ব। একে সময়তে প্ৰিজাইডিং অফিচাৰে দিয়া ভোটৰ তথ্য থকা ১৭চি ফৰ্মখন ৰাজনৈতিক দলৰ ভোটগ্ৰহণকাৰীক গতাই দিয়াৰ নিয়ম একেই আছে। পূৰ্বৰ দৰেই আনুমানিক ভোটদানৰ হাৰো দুঘণ্টাৰ মূৰে মূৰে প্ৰকাশ কৰা হ’ব। এতিয়ালৈকে ছেক্টৰ বিষয়াসকলে ভোটদানৰ তথ্য সংগ্ৰহ কৰি ৰিটাৰ্ণিং বিষয়াক ফোন বা মেছেজৰ জৰিয়তে অৱগত কৰিছিল। সেই তথ্যৰ ভিত্তিত প্ৰতি দুঘণ্টাৰ মূৰে মূৰে ভিটিআৰ এপত গড় হিচাপ প্ৰকাশ কৰা হৈছিল। প্ৰসংগক্ৰমে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আৰু তাৰ পিছৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰ পৰ্যায়ত চূড়ান্ত ভোটদানৰ হাৰ প্ৰকাশ কৰাত যথেষ্ট পলম হৈছিল। এই পলম আৰু চূড়ান্ত হাৰৰ বিপুল বৃদ্ধিক লৈ বিভিন্ন ৰাজনৈতিক দলে প্ৰশ্ন উত্থাপন কৰিছে। আয়োগে আশা কৰিছে যে এই নতুন ব্যৱস্থাই যাতে পুনৰ এনে কোনো ‘ভ্ৰান্ত ধাৰণা’ৰ সৃষ্টি নহয়।