শাসনলৈ অহাৰ আগলৈকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ED আৰু CBI ৰ গোচৰ চলি আছিল : কেজৰিৱাল

বিজেপিলৈ আহিলেই কোনো নেতাৰ বিৰুদ্ধে থকা সকলো গোচৰৰ তদন্ত বন্ধ হৈ যায়। কিন্তু তাৰ পৰিবৰ্তে বিজেপিয়ে বিৰোধীৰ ওপৰত জধেমধে  চিবিআই আৰু ইডিৰ গোচৰ জাপি দিয়ে। বিজেপিলৈ অহাৰ পিছতেই তল পৰিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা সাৰদা কেলেংকাৰীৰ গোচৰ। এইদৰে অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বিৰুদ্ধে চিবিআইয়ে চলোৱা তদন্ত আৰু গ্ৰেপ্তাৰৰ পিছতেই দেওবাৰে আম আদমী পাৰ্টিকে ধৰি নটা বিৰোধী দলে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এক অভিযোগ পত্ৰ।

জানিব পৰা মতে, এই অভিযোগ পত্ৰখনত উল্লেখ কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো নাম।

আনহাতে সংবাদ মাধ্যমৰ আগত মুখমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে বিজেপিলৈ আহিলেই সকলো গোচৰৰ তদন্ত তল পৰে নেতাসকলৰ। তেনেকৈ বিজেপিত যোগদানৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰো সাৰদা কেলেংকাৰীৰ তদন্ত তল পৰিল।

মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া এইদৰেই বিজেপিৰ নেতাসকলৰ মুখা খুলিছে অৰবিন্দ কেজৰিৱালে।