গুজৰাট সমাচাৰ গোটৰ মালিকানাধীন নিউজ চেনেল জি এছ টিভিত আহমেদাবাদত বলবৎকাৰী সঞ্চালকালয়ে অভিযান চলায় কৰে। সমান্তৰালভাৱে আৰ্থিক অনিয়মৰ তদন্তৰ অংশ হিচাপে আয়কৰ বিভাগে গুজৰাটী বাতৰি কাকত গুজৰাট সামাচাৰৰ কাৰ্যালয়তো তালাচী চলায় বুলি অভিযোগ উত্থাপন হৈছে। গুজৰাট সমাচাৰ গোটৰ দুটাকৈ কাৰ্যালয়ত ইডি আৰু আয়কঅৰ বিভগৰ অভিযানৰ আঁৰৰ উদ্দেশ্য সম্পৰ্কে জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। কৰ্তৃপক্ষই এই সম্পৰ্কত এতিয়াও সবিশেষ প্ৰকাশ কৰা নাই।
উল্লেখ্য যে ১৯৩২ চনত স্থাপিত আৰু গুজৰাটী সাংবাদ জগতৰ বিশ্বাসযোগ্য নাম গুজৰাট সমাচাৰ। আহমেদাবাদৰ খানপুৰৰ গুজৰাট সমাচাৰ ভৱনত থকা গোটটোৰ মুখ্য কাৰ্যালয়কে ধৰি গুৰুত্বপূৰ্ণ চৌহদসমূহক লক্ষ্য কৰি এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে। বিভিন্ন সূত্ৰসমূহৰ পৰা জনিব পৰা মতে জিএছটিভিৰ ওপৰত ধন সৰবৰাহ বা অবৈধ বিত্তীয় লেনদেনৰ সৈতে জড়িত থকাৰ অভিযোগত তদন্ত চলাইছে। মে’ মাহৰ আৰম্ভণিতে গোটটোৰ এক্স একাউণ্ট বন্ধ ৰখাৰ পিছত এই অভিযানৰ পিছত বিতৰ্কত ইন্ধন যোগাইছে যে এই কাৰ্য্য ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নে সংবাদ মাধ্যমৰ সত্তাৰ ওপৰত দমনৰ অংশ। কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই, যদিও তালাচী অব্যাহত আছে, বিষয়াসকলে অধিক বিশ্লেষণৰ বাবে নথি-পত্ৰ আৰু ইলেক্ট্ৰনিক ডিভাইচ জব্দ কৰিছে বুলি জনিব পৰা গৈছে।
এই অভিযানে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু নিয়ন্ত্ৰণৰ অতিমাত্ৰা প্ৰসাৰক লৈ উদ্বেগৰ সৃষ্টি কৰিছে। গুজৰাট সমাচাৰ গোটে এতিয়াও আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যদিও এই ঘটনাই আৰ্থিক আৰু ৰাজনৈতিক চাপত আঞ্চলিক সংবাদ মাধ্যমে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। ইডি আৰু আয়কৰ বিভাগে তদন্ত অব্যাহত ৰখাৰ লগে লগে এই অভিযানৰ ফলাফলে গুজৰাট সমাচাৰ গোট আৰু ভাৰতৰ বহল সংবাদ মাধ্যম উদ্যোগৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে।