ইডিয়ে চতুৰ্থবাৰৰ বাবে চমন পঠিয়ালে কেজৰিৱালক; এইবাৰ বৃদ্ধি পাইছে গ্ৰেপ্তাৰৰ আশংকা!

আবকাৰী দুৰ্নীতিৰ গোচৰত পুনৰ চমন অৰবিন্দ কেজৰিৱালক প্ৰৱৰ্তনকাৰী সঞ্চালকালয় (ইডি)ৰ। তেওঁক ১৮ জানুৱাৰীত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

এই গোচৰত ৩ জানুৱাৰীত দিল্লীৰ মুখ্যমন্ত্ৰীক তলব কৰা হৈছিল। কিন্তু কেজৰিৱালে ইয়াৰ কোনো সঁহাৰি নিদিলে। চমন ‘অবৈধ’ বুলি দাবী কৰি তেওঁ হাজিৰ হোৱাৰ পৰা আঁতৰি থাকে।

আম আদমী পাৰ্টিয়ে স্পষ্ট কৰি দিছিল যে কেৱল তেওঁক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যে বাৰে বাৰে চমন জাৰি কৰা হৈছে। আৰু সেইবাবেই তেওঁ উপস্থিত নাছিল।

উল্লেখ্য যে ইডিয়ে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত ইতিমধ্যে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু আপৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছে। আন এজন মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ ঘৰতো তালাচী চলোৱা হয়।

লগতে পঢ়কঃ নট আউট ১১২! ইতিমধ্যে ৭ বাৰ বিবাহিত, তাৰ পিছতো পুনৰ বিয়াত বহিব বিচাৰে এই ‘যুৱতী’!

ইণ্ডিয়া মিত্ৰজোঁটৰ তৎপৰতাৰ মাজতে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ আশংকাক লৈ আপৰ ভিতৰচ’ৰাত জোকাৰণি সৃষ্টি হৈছে। ইতিমধ্যে দলৰ নেতা আতিশী মাৰ্লেনাই গ্ৰেপ্তাৰৰ আশংকা প্ৰকাশ কৰিছিল। আন এজন আপ নেতা ৰাঘৱ চাড্ডাইও কয় যে বিজেপিয়ে কেজৰীক গ্ৰেপ্তাৰ কৰাৰ “পৰিকল্পনা” কৰিছে।

ইয়াৰ মাজতে শনিবাৰে পুনৰ কেজৰিৱালৰ ওচৰ পালে ইডিৰ চমন। ফলত আপ শিবিৰত তেওঁৰ গ্ৰেপ্তাৰক লৈ আশংকা বাঢ়িছে।

ইপিনে, গেৰুৱা শিবিৰে চমনৰ কোনো সঁহাৰি নিদিয়াৰ বাবে কটাক্ষ কৰিবলৈ এৰা নাই। গেৰুৱা শিবিৰৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই কয় যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় এই গোচৰত কিবা এটা লুকুৱাবলৈ চেষ্টা কৰিছে। সেইবাবেই তেওঁ বাৰে বাৰে উপস্থিত থকাৰ পৰা বিৰত থাকে।

লগতে পঢ়কঃ শাৰীৰিক সম্পৰ্ক অস্বীকাৰ মানসিক নিষ্ঠুৰতা; বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে! উচ্চ ন্যায়ালয়

উল্লেখ্য যে ২ নৱেম্বৰ আৰু ২১ ডিচেম্বৰত ইডিৰ চমনৰ কোনো উত্তৰ নিদিলে কেজৰীৱালে। ইয়াৰ পিছত ২২ ডিচেম্বৰত পুনৰ তেওঁক এখন জাননী প্ৰেৰণ কৰা হয়। সেইদৰে ৩ জানুৱাৰীত আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকীয়ে হাজিৰ হোৱাৰ কথা আছিল। কিন্তু তেওঁ সেয়া এৰাই চলে। এইবাৰ ১৮ জানুৱাৰীত তেওঁ কি পদক্ষেপ গ্ৰহণ কৰে সেই বিষয়টোৱে ৰাজনৈতিক মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।