• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সামৰণি; ৰাহুল গান্ধীয়ে সৃষ্টি কৰা জোকাৰণি

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
March 20, 2024 12:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা পাঁচ কি ছয় মাহ আগতে, প্ৰসিদ্ধ সাংবাদিক, পূন্য প্ৰসূন বাজপেয়ী ডাঙৰীয়াৰ ভি ডি অ’ এটা চাইছিলোঁ। ভিডিঅ’টো চাই বৰ হতাশ হৈছিলোঁ। তেওঁ কৈছিল- বিৰোধীয়ে যিয়ে নকৰক কিয়, বিৰোধীক থানবান কৰি ২০২৪-ত  নিৰ্বাচন জিকাৰ  ব্লুপ্ৰিন্ট/ পৰিকল্পনা ইতিমধ্যে বিজেপিয়ে ৰচনা কৰিছে। বিজেপিৰ হিতাধিকাৰী আঁচনিতো আছেই। তাতকৈ ডাঙৰ কথা হৈছে, বিৰোধীৰ মাজত বিভাজন অনা, বিৰোধী ঐক্য তচনচ কৰা। বিভিন্ন প্ৰলোভন দি ডাঙৰ ডাঙৰ বিৰোধী নেতাক বিজেপিৰ লগত চামিল কৰা, বিৰোধীৰ চৰকাৰ ভঙা, বিৰোধী নেতাক ই ডি, চি বি আইৰ যোগেদি ভয় খুৱাই বিজেপিৰ ফলীয়া কৰা। যিসকল বিজেপিৰ ফলীয়া নহয়, তেওঁলোকক জেলত ভৰোৱা।

সেই ভিডিঅ’টো চাই  ভাবিছিলোঁ, এইবোৰ প্ৰসুন বাজপেয়ীয়ে কি কয়! আশা কৰিছিলোঁ, এইবোৰ বাস্তৱত নহওক। কিন্তু, কি আচৰিত কথা, তেওঁ যি কৈছিল হুবহু ফলিয়াইছিল। বিহাৰত চৰকাৰ সলনি হৈছিল।ঝাৰখণ্ড, হিমাচল প্ৰদেশত চৰকাৰ বগৰাবলৈ চেষ্টা কৰা হৈছিল। কিমান বিৰোধী নেতা বিজেপিলৈ গ’ল। কিমানক ইডি/ চিবিআই লগাই জেলত ভৰোৱা হ’ল। কিন্তু, এতিয়া,এইজন প্ৰসূন বাজপায়ীয়ে  অইন এটা ভিডিঅ’ কৰিছে। তাত তেওঁ এনে কিছুমান কথা কৈছে যিবোৰ শুনিলে আপোনাৰ শৰীৰৰ নোম থিয় হ’ব। এই ভিডিঅ’টোৰ বিষয় ৰাহুল গান্ধী আৰু ভাৰত জোড়ো ন্যায় যাত্ৰা।

এইখিনিতে প্ৰসূন বাজপেয়ীৰ কথা বাদ দি মই বেলেগ এটা কথা ক’ব বিচাৰিছোঁ। আহকচোন আমি চাওঁ- নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ মাজত কি মিল কি অমিল? একালত নৰেন্দ্ৰ মোদী বিজেপিৰ এজন অতি গুৰুত্বপূৰ্ণ সংগঠক আছিল। তেওঁ গোটেই দেশ ভ্ৰমণ কৰি সংগঠনৰ কাম কৰিছিল। বোধহয়, ২০০১ চনত তেওঁ অসম বিজেপিৰ তত্ত্বাবধায়ক আছিল। তেতিয়া তেওঁ অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে সংগঠনৰ কাম কৰি ঘূৰি ফুৰিছিল। তীৰ্থনাথ শৰ্মা সভা ঘৰত মিটিং কৰিছিল। তেতিয়া বিজেপিৰ অফিছ আছিল ৰাজগড় ৰোডত। তাৰে ওচৰৰ পাণ দোকান এখনত তেওঁ ৰাজেন গোহাঁইৰ লগত প্ৰায়ে আড্ডা দিছিল। তেতিয়া মোদী জনগণৰ মাজত ঘূৰি ফুৰিছিল।

কিন্তু যেই গুজৰাটৰ মুখ্যমন্ত্ৰী হ’ল, মোদীৰ সাংগঠনিক কাম-কাজৰ ধৰণ কৰণ সলনি হ’ল।এইবাৰ তেওঁৰ মানুহ নিয়ন্ত্ৰণ কৰাৰ উপায় হৈ পৰিল ৰাষ্ট্ৰ-যন্ত্ৰ। আৰু ২০১৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ গাত জিলিকিল দহ লাখ টকীয়া কোট। বাকীখিনি ইতিহাস। ৰাহুল গান্ধী কি পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল সকলোৱে জানে। ৰাহুল গান্ধীৰ কাৰণে সম্পদৰ প্ৰয়োজনেই নাছিল। মতিলাল নেহৰুৱে সজা এলাহাবাদৰ ‘আনন্দ ভৱন’ জৱাহৰলাল নেহৰুৱে ৰাইজক দান কৰাৰ পিছত, এতিয়ালৈকে গান্ধী পৰিয়ালৰ নিজৰ ঘৰ এটা নাই। গান্ধী পৰিয়ালৰ যোৱা চাৰিটা পুৰুষে সা-সম্পত্তি আৰু ধন-দৌলতৰ কোনো প্ৰয়োজনেই অনুভৱ কৰা নাই। কিন্তু পানীৰ লগত মাছৰ যি সম্পৰ্ক, ক্ষমতাৰ লগত গান্ধী পৰিয়ালৰ  সেই সম্পৰ্ক আছিল। ৰাহুল গান্ধী নিজে লালিত পালিত হৈছে ক্ষমতাৰ মাজত। ৰাহুলে যেতিয়া ২০০৪ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল তেতিয়া কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল। সেই চৰকাৰৰ সমাপ্তি ঘটিছিল ২০১৪ চনত।

সেই তেতিয়াৰে পৰা আৰম্ভ হৈছিল ৰাহুলৰ তিৰস্কাৰৰ যুগ। কংগ্ৰেছৰ নিৰ্বাচনী বিফলতাৰ বাবে ঘৰে বাহিৰে সকলোৱে ৰাহুলকে জগৰীয়া কৰিছিল। ৰাহুলক বিজেপি আৰু বিজেপিৰ বহতীয়া প্ৰচাৰ মাধ্যমে কৌটি কৌটি টকা খৰচ কৰি পাপু সজাইছিল। কিন্তু, ৰাহুলে এৰি দিয়া নাছিল। পৰিছিল। উঠিছিল। পৰিছিল। উঠিছিল। ভুল কৰিছিল। ভুলৰ পৰা শিকিছিল। ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সামৰণি অনুষ্ঠানত ১৭ তাৰিখে মুম্বাইৰ শিৱাজী পাৰ্কত ৰাহুলে কি কৈছিল তেওঁৰ মুখেৰে শুনকচোন। এইজন ৰাহুলক ২০০৪ বা ২০১১ বা ২০১৪ চনৰ ৰাহুলৰ লগত তুলনা কৰকচোন! তেওঁৰ শৰীৰৰ ভাষা লক্ষ্য কৰক। মুখখনলৈ চাওক। কি প্ৰত্যয় আৰু দৃঢ়তা!

ৰাহুলে কি কৈছে? এটা শক্তিৰ কথা কৈছে। জনতাক অৱনত কৰি, জনতাৰ, ৰাইজৰ সম্পদ হস্তগত কৰি ৰাজ কায়েম কৰা শক্তি এটাৰ কথা কৈছে। আৰু মোদীক সেই শক্তিটোৰ মুখা বুলি কৈছে। মোদীয়ে সেই শক্তিৰ নিৰ্দেশত উঠা বহা কৰে বুলি কৈছে। জ্যেষ্ঠ কংগ্ৰেছী নেতাই ছোনীয়া গান্ধীৰ ওচৰত কান্দি কান্দি জেলত যোৱাৰ ভয়ত বিজেপিলৈ যোৱাৰ কথা কৈছে। পঞ্চাচ ঘন্টা ই ডিৰ জেৰাৰ সন্মুখীন হৈ অলৰ-অচৰ হৈ থকা ৰাহুলক ই ডিৰ বিষয়াই হেনো কৈছিল- “ৰাহুলজী, আপুনি কাকো ভয় নকৰে। আপুনিহে মোদীক পৰাজিত কৰিব পাৰিব।”

ৰাহুলে কৈছে কিয় বিজেপিয়ে জুই জ্বলোৱা মণিপুৰৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰি পৃথিৱীৰ অন্যতম বস্তি এলেকা ধাৰাভিত তাৰ সমাপ্তি কৰা হৈছিল।ধাৰাভি হ’ল ক্ষুদ্ৰ ব্যৱসায় আৰু কল কাৰখানাৰ নাভিস্থল। ই ভাৰতৰ কৌশল(Skill) কেন্দ্ৰ। ই ভাৰতৰ পুনৰ্ব্যৱহাৰ(Recyle)ৰ পূণ্যভূমি। ই প্ৰায় তিনি লাখ লোকক কৰ্ম সংস্থান দিছে। উচ্ছেদ কৰি এই ধাৰাভি মোদীয়ে তেওঁৰ দুই মিত্ৰক গতাব বিচাৰে- ৰাহুলৰ অভিযোগ। বিজেপিৰ অপশাসনৰ  বিৰুদ্ধে ভাৰত জুৰি ৰাহুলে যি ধৰণে যুঁজ দিছে অইন কোনো বিৰোধী নেতাই সেইটো কৰিছেনে?

ৰাহুলে  তেওঁৰ সামৰণি ভাষণত আৰু এটা ডাঙৰ কথা কৈছে। তেওঁ কৈছে- কৃষক, শ্ৰমিক, নিবনুৱা যুৱক সকলো এক হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিব। ৰাহুলৰ ভাষণৰ পিছত মোদীৰ ভাষণ শুনিছেনে? হঠাৎ ৰাহুলে উল্লেখ কৰা  ‘শক্তি’ৰ জবাব দিবলৈ গৈ আক্ৰমণাত্মক (Offensive) মোদী ৰক্ষণাত্মক ( Defensive) হৈ নিজৰ চাফাই দিবলৈ বাধ্য হৈছে। কি বতাহ ওলোটা ফালে বলিছে নেকি? ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সামৰণিৰ পিছত, পৰিবৰ্তিত পৰিস্থিতিত ৰাহুলৰ প্ৰত্যয়, দৃঢ়তা আৰু বক্তব্যই এইবাৰ কিন্তু চৰকাৰ লৰাব বুলি কৈছে পূণ্য প্ৰসূন বাজপেয়ীয়ে।এইবাৰো তেওঁ কোৱা কথা আখৰে আখৰে ফলিয়াবনে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 5:54 pm
নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm
অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

September 8, 2025 4:47 pm
উদ্বোধনৰ পূৰ্বে  ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

উদ্বোধনৰ পূৰ্বে ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

September 8, 2025 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 5:54 pm
নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd