• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 19, 2022 6:41 pm
Independence Day
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ চৰকাৰে সমগ্ৰ দেশতে অতি জাকজমকতাৰে স্বাধীনতাৰ হীৰক জয়ন্তী পালন কৰাৰ বাবে উদ্যোগ লৈছিল। এইটো নিশ্চয় এটা ভাল পদক্ষেপ আছিল। আজি যে আমি এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে পৃথিৱীত মূৰ দাঙি থিয় দিব পাৰিছোঁ তাৰ মূলতে আছিল স্বাধীনতা আন্দোলন আৰু স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা ভাৰতৰ জনগণ আৰু তাৰ নেতৃত্ব দিয়া মহান স্বাধীনতা সংগ্ৰামীসকল। স্বাধীনতাৰ হীৰক জয়ন্তীত এই মহান দেশপ্ৰেমিক আৰু স্বাধীনতা সংগ্ৰামী সকলক শ্ৰদ্ধাৰে সোঁৱৰাটো আমাৰ সকলোৰে পৱিত্ৰ কৰ্তব্য। এই দায়িত্ব প্ৰথমতে এতিয়াৰ কেন্দ্ৰীয় আৰু বিভিন্ন ৰাজ্যৰ ৰাজ্য চৰকাৰ সমূহৰ আৰু পিছত আমাৰ, দেশৰ সমগ্ৰ নাগৰিকৰ।

লগতে এই কথাটোও আমি মানিব লাগিব যে দেশ স্বাধীন হোৱাৰ পিছত আমি আজি যিখন আধুনিক ভাৰতবৰ্ষ পাইছো, তাৰ বুনিয়াদটো গঢ়িছিল দেশ স্বাধীন হোৱাৰ পিছত যিখন চৰকাৰৰ ওপৰত দেশখন চলোৱাৰ দায়িত্ব পৰিছিল সেইখন চৰকাৰে। সেই চৰকাৰৰ মুখ্য ভূমিকাত থকা লোকসকলেই আছিল আধুনিক ভাৰতৰ মহান নিৰ্মাতাসকল। সেইসকল ব্যক্তিক বাদ দি আমি আধুনিক ভাৰতৰ প্ৰগতি আৰু অগ্ৰগতিৰ কথা ভাবিবই নোৱাৰোঁ। স্বাধীনতা আন্দোলনত যে ক’তো কোনো ত্ৰুটি-বিচ্যুতি হোৱা নাছিল তেনে নহয়। ঠিক তেনেদৰে আধুনিক ভাৰতৰ মহান নিৰ্মাতা সকলে যে ক’তো কোন ভুল-ত্ৰুটি কৰা নাছিল সেইটোও নহয়।

সেই বিষয়ে ইতিমধ্যে যে কোনো আলোচনা হোৱা নাই তেনে নহয়।বা তেনে আলোচনা-সমালোচনাৰ ভৱিষ্যতলৈ যে কোনো অৱকাশ নাথাকিব সেইটোও নহয়। আলোচনা-সমালোচনাবোৰ এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু সেইবোৰ সদায় চলি থাকিব। সেইটো এটা বেলেগ কথা। কিন্তু, ভাৰতৰ স্বাধীনতা আন্দোলনত যিসকল লোকে নেতৃত্ব দিছিল, আধুনিক ভাৰত নিৰ্মাণত যিসকল লোক আগৰণুৱা আছিল তেখেত সকলক স্মৰণ নকৰাকৈ, তেখেত সকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদন নকৰাকৈ স্বাধীনতাৰ হীৰক জয়ন্তী পালন কৰিবলৈ যোৱাটো এক ভণ্ডামি আৰু বাতুলামি নহয়নে?

আন এটা কথা হ’ল, স্বাধীনতাৰ হীৰক জয়ন্তী পালন কৰাৰ সময়ত আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ মহান ঐতিহ্যলৈ মনত পেলোৱাৰ লগতে, আধুনিক ভাৰতৰ নিৰ্মাতা সকললৈ শ্রদ্ধাৰ্ঘ নিবেদন কৰাৰ লগতে আমি আৰু এটা কাম কৰিব লাগিব; সম্প্ৰতি আমাৰ দেশখনে সন্মুখীন হোৱা প্ৰধান প্ৰত্যাহ্বান সমূহ, সমস্যাসমূহৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। সেই প্ৰত্যাহ্বান বা সমস্যাসমূহ আমি কেনেদৰে মোকাবিলা কৰিম সেই সম্পৰ্কেও আমি ভাবিব লাগিব।সেই বিষয়ে ভাৰতৰ জনগণক আমি আস্থাত লৈ কথাবোৰ মুকলিকৈ ক’ব লাগিব।

স্বাধীনতা আন্দোলনত গান্ধীজীৰ পিছতে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ব্যক্তি গৰাকী আছিল জৱাহৰলাল নেহৰু। স্বাধীনতা আন্দোলনত গান্ধীয়ে ১১ বাৰ জেললৈ গৈছিল আৰু তেওঁৰ পিছত বোধহয় নেহৰুৱে আছিল আটাইতকৈ বেছি জেল খোৱা মানুহ। তেওঁ ৯বাৰ জেললৈ গৈছিল আৰু মুঠ ৩২৫৯ দিন কাৰাবাস খাটিছিল। তেওঁ আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। তেওঁ একেৰাহে প্ৰায় ১৭ বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছিল। আমি আজি যিখন ভাৰতবৰ্ষ পাইছোঁ তাৰ মূল সৌধটো গঢ় দিয়া হৈছিল জৱাহৰলাল নেহৰুৰ দিনতে। গতিকে জৱাহৰলাল নেহৰুক বাদ দি আমি স্বাধীনতা আন্দোলনৰ কথা ক’ব নোৱাৰোঁ। জৱাহৰলাল নেহৰুক বাদ দি আমি আধুনিক ভাৰতৰ কথা ক’ব নোৱাৰোঁ।

অথচ স্বাধীনতাৰ হীৰক জয়ন্তী উপলক্ষে লালকিল্লাত দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই স্বাধীনতা আন্দোলনৰ গৌৰৱোজ্বল ঐতিহ্যৰ বিষয়ে ক’বলৈ গৈ গান্ধীৰ পিছত নেহৰুৰ নাম লোৱাৰ সলনি নাম ল’লে চাভৰকাৰৰ। তেখেতে প্ৰায় দেৰঘন্টা সময় ধৰি দিয়া ভাষণটোত মাত্ৰ এবাৰ অন্যান্য সকলৰ লগত পাল মাৰি নেহৰুৰ নাম উল্লেখ কৰিলে, নকৰিলে নহয় বুলি। ভাৰতবৰ্ষৰ সকলো মানুহ ইমান অশিক্ষিত নহয় যে তেওঁলোকে ভাৰতৰ স্বাধীনতা আন্দোনৰ ইতিহাস নাজানে, স্বাধীন ভাৰতৰ ইতিহাস সম্পৰ্কে তেওঁলোকৰ কোনো ধাৰণা নাই।তেনেহ’লে কিয় এই অন্যায়, কিয় এই অকৃতজ্ঞতা? কিন্তু প্ৰধানমন্ত্ৰী মোদীতকৈও এখোপ চৰা আছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

কেজৰিৱালে স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা লোৱা ব্যক্তি সকলৰ কথা উল্লেখ কৰিবলৈ গৈ গান্ধীজী আৰু জৱহাৰলালতকৈ ভগত সিং আৰু আম্বেদকাৰৰ ওপৰতে বেছি গুৰুত্ব দিলে। ভগত সিং বাৰু ঠিক আছে। তেওঁ স্বাধীনতা সংগ্ৰামৰ বীৰ ছহিদ আছিল। কিন্তু, আম্বেদকাৰেতো কোনো কালে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা নাছিল! জৱাহৰলাল নেহৰুৰ আমন্ত্ৰণক্ৰমে তেওঁ সংবিধান সভাৰ সভাপতিৰ পদ লৈছিল আৰু স্বাধীন ভাৰতৰ সংবিধান প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। সেইটো কোনেও অস্বীকাৰ নকৰে। তেওঁ দলিত সকলৰ হকে দেহে কেহে লাগিছিল। সেইটোও আমি মানি লওঁ।

কিন্তু স্বাধীনতা সংগ্ৰামী হিচাপে আম্বেদকাৰৰ নাম লোৱা আৰু গান্ধীজী আৰু নেহৰুক সিমান গুৰুত্ব নিদিয়াৰ ৰহস্য কি? আনহাতে মোদী আৰু কেজৰিৱালে তেওঁলোকৰ ভাষণত বিশেষকৈ প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশে আৰু কেজৰিৱালে দিল্লীয়ে সন্মুখীন হোৱা সমসাময়িক সমস্যাবোৰ সম্পৰ্কে কি ক’লে? দেশৰ ভয়াবহ নিবনুৱা সমস্যা, অভাৱনীয় মূল্যবৃদ্ধি, কাশ্মীৰ সমস্যা, কৃষক আন্দোলন, অৰ্থনৈতিক দুৰৱস্থা, সংখ্যালঘুসকলৰ ওপৰত হোৱা নিৰ্যাতন আৰু আইনৰ শাসন আৰু সংসদীয় গণতন্ত্ৰৰ অৱক্ষয়ৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কিবা ক’লেনে? নাই সেইবোৰ বিষয়ে তেওঁ নিশ্চুপ হৈ থাকিল। আৰু কেজৰিৱালে কি ক’লে? একো নাই।

স্বাধীনতা দিৱস উপলক্ষে দিল্লীত ৫০০ খন কিমান ওখ ৰাষ্ট্ৰীয় পতাকা উৰুওৱা হৈছে, তেওঁ সভাস্থলীলৈ আহোঁতে কেইখন পতাকা দেখা পালে সেইবোৰ আছিল তেওঁৰ বক্তব্যৰ সাৰ। আৰু তেওঁ কি কৈছিল? পৃথিৱীৰ ভিতৰতে হেনো ভাৰতৰ মানুহবোৰ আটাইতকৈ বেছি বুধিয়ক আৰু ভগৱানে হেনো ভাৰতকে আটাইতকৈ ভাল দেশ হিচাপে সৃষ্টি কৰিছে। কি অৰ্থহীন বাগাড়ম্বৰ!

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 5:54 pm
নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm
অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

September 8, 2025 4:47 pm
উদ্বোধনৰ পূৰ্বে  ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

উদ্বোধনৰ পূৰ্বে ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

September 8, 2025 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 5:54 pm
নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd