• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 3, 2022 4:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ মন্ত্ৰীসভাই সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ স্কুল সমূহত তৃতীয় শ্ৰেণীৰপৰা গণিত আৰু বিজ্ঞান অসমীয়াৰ লগতে ইংৰাজী ভাষাত শিকোৱা হ’ব। কিয়? স্কুলীয়া পৰ্যায়ত ইংৰাজীত গণিত আৰু বিজ্ঞান শিকিলে পিছলৈ সেই ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত ভাল ফল দেখুৱাব পাৰিব। অসম মন্ত্ৰীসভাই এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা লোৱাৰ সময়ত তেওঁলোকে কোনো বিশেষজ্ঞৰ পৰামৰ্শ লৈছিল নে নাই আমি নাজানো।সেই বিষয়ে তেওঁলোকে একো জনোৱা নাই।

আমি এটা কথা এইখিনিতে স্পষ্ট হৈ লোৱা উচিত। কাৰ মাতৃভাষা কি- সেই কথাটোলৈ নোযোৱাকৈ কোনোবাই যদি সোধে অসমীয়া আৰু ইংৰাজী এই দুয়োটা ভাষাৰ ভিতৰত কোনটো ভাষাত গণিত আৰু বিজ্ঞান শিক্ষাৰ সুবিধা বেছি? নিসন্দেহে ইংৰাজীত। কিয়? ঐতিহাসিক কাৰণতে ইংৰাজী আৰু অসমীয়াৰ জ্ঞান ভাণ্ডাৰৰ মাজত আকাশ-পাতাল পাৰ্থক্য। ইংৰাজীত এই দুয়োটা বিষয় শিকাৰ কাৰণে যিমান কিতাপ-পত্ৰ, প্ৰসঙ্গ-পুথি আৰু শিক্ষণ সামগ্ৰী আছে তাৰ এশ ভাগৰ এভাগো অসমীয়াত নাই। তাৰমানে এইটো নেকি যে আমি এতিয়াৰেপৰা, অ-মান ক-মানৰপৰা অসমীয়া ভাষা বাদ দি ইংৰাজী ভাষা ব্যৱহাৰ কৰিম। স্কুলীয়া শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া উঠাই দিম? কেতিয়াও নহয়। আমি এটা কথা জনা উচিত যে ভাষা কেৱল ভাষা নহয়। এটা ভাষাৰ লগত এটা জীৱন প্ৰণালীৰ সম্পৰ্ক থাকে, সংস্কৃতিৰ সম্পৰ্ক থাকে।অসমীয়া ভাষা আমাৰ কাৰণে কেৱল আমাৰ ভাষাই নহয়, ই আমাৰ সংস্কৃতিও আৰু আমাৰ পৰিচয়ও।সেয়ে, আমি অসমীয়া মানুহে আমাৰ নিজৰ অসমীয়া ভাষাটো বাদ দি ইংৰাজীত ধৰিব নোৱাৰোঁ।ধৰাৰ কোনো প্ৰয়োজন নাই।

সকলো সময়তে এটা ভাষাৰ সমৃদ্ধিক অইন এটা ভাষাৰ লগত তুলনা কৰা উচিতনে? অনুচিত।ভাষা-বৈজ্ঞানিক চৰ্চাৰ বাহিৰে এটা ভাষাক আন এটা ভাষাৰ লগত তুলনা কৰাৰ কোনো অৰ্থ নহয়।অইন এটা প্ৰশ্ন,অসমীয়া এটা পূৰ্ণ বিকশিত ভাষা হয়নে নহয়? হয়। অসমীয়া ভাষাত জ্ঞান-বিজ্ঞানৰ সকলো ধৰণৰ চৰ্চা সম্ভৱ হয়নে নহয়? হয়। অসমীয়া ভাষাত উচ্চ শিক্ষাৰ বাবে মানে, কলেজ আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ অধ্যয়নৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পাঠ্যপুথি আৰু প্ৰসংগ-পুথি আছেনে? নাই।তেন্তে অসমীয়া ভাষাত গুণগতভাৱে উচ্চ মানৰ স্কুলীয়া শিক্ষা গ্ৰহণ সম্ভৱ হয় নে নহয়? হয়। অসমীয়া ভাষাত যে উন্নত মানৰ স্কুলীয়া শিক্ষা সম্ভৱ হয় তাৰ প্ৰমাণ আমাৰ পূৰ্বসূৰী প্ৰতিভাধৰ ব্যক্তি সকল – যিসকলে আমাৰ সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজনীতি, বিজ্ঞান, কলাকে আদি কৰি অসমীয়া সমাজৰ সকলো ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াইছিল, তেওঁলোকৰ প্ৰায় সকলোৱে কি কলা, কি বিজ্ঞান, অসমীয়া মাধ্যমতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।অসমীয়া জাতীয় জীৱনৰ তিনিটা পৰ্ব – প্ৰথমটো হ’ল বৈষ্ণৱ সাহিত্যৰ যুগ যাৰ মধ্যমণি আছিল শংকৰদেৱ, দ্বিতীয় যুগটো আছিল আধুনিক অসমীয়া ভাষা-সাহিত্যৰ আত্মপ্ৰতিষ্ঠাৰ যুগ, যিটোৰ মধ্যমণি আছিল লক্ষ্মীনাথ বেজবৰুৱা।

তৃতীয় যুগটো আছিল দেশে স্বাধীনতা পোৱাৰ পিছৰ যুগটো।এই যুগটো হ’ল আমাৰ আজিৰ অসমীয়া পৰিচয়ৰ মূল আধাৰ।এই বিষয়ে অলপ বহলাই ক’ব লাগিব।এই যুগটোৰ পটভূমিটো কি আছিল? স্বাধীনতা আন্দোলন।স্বাধীনতাৰ আগতে দেশত কি শিক্ষা চলিছিল? ইংৰাজী শিক্ষা।উদ্দেশ্য কি আছিল? গাৰ ৰঙত ভাৰতীয়, কিন্তু মানসিকতাত ইংৰাজ এনে এচাম শিক্ষিত লোক তৈয়াৰ কৰা,যিসকলে ভাৰতক শাসন কৰাত ইংৰাজক সহায় কৰিব।তেতিয়া তেওঁলোকে ভাৰতৰ ৰাজ্যসমূহৰ সীমা নিৰ্ধাৰণ কৰিছিল মাত্ৰ প্ৰশাসনীয় সুবিধাৰ কথা বিবেচনা কৰি। ভাৰতীয় মানুহৰ শিক্ষা-দীক্ষা আৰু সাংস্কৃতিক বিকাশৰ কথাটো তেওঁলোকৰ চিন্তাত নাছিল।সেই কাৰণে ভাৰতীয় ভাষাসমূহৰ স্বতন্ত্ৰতাৰ কথাটোৱে তেতিয়া গুৰুত্ব পোৱা নাছিল। কিন্তু,স্বাধীনতাৰ পিছত কেৱল অৰ্থনৈতিক স্বাৱলম্বনেই নহয়, সাংস্কৃতিক স্বাৱলম্বনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল।

সেইকাৰণেই ভাষাৰ ভিত্তিত ৰাজ্যসমূহ পুনৰ্গঠন কৰা হৈছিল।সেইটো আছিল ভাৰতৰ আঞ্চলিক ভাষা সমূহৰ স্বৰ্ণ যুগ।তেতিয়াই প্ৰতিটো ভাৰতীয় ভাষাতে উৎকৃষ্ট ৰচনাৰাজিৰ সৃষ্টি হৈছিল।এই ৰচনাৰাজিৰ চালিকা শক্তি আছিল জাতীয় পুনৰ জাগৰণ আৰু আধুনিক ধ্যান-ধাৰণা। অসমীয়া ভাষা তাৰ ব্যতিক্ৰম নাছিল। গতিকে, স্কুলীয়া শিক্ষাৰ মাধ্যম হ’বলৈ অসমীয়া ভাষা যে সন্দেহাতীতভাৱে উপযুক্ত সেইটো তেতিয়াই প্ৰমাণিত হৈছিল। তেতিয়াৰ মানুহখিনিয়ে কিন্তু ইংৰাজী ভাষাটোও ভালদৰে জানিছিল। কেতিয়া কেনেকৈ ভাৰতত ইংৰাজী ভাষাৰ দাসত্ব আৰম্ভ হৈছে? এই দাসত্ব দ্বিতীয় বাৰৰ বাবে আৰম্ভ হৈছে বিশ্বায়নৰ পটভূমিত, মুক্ত অৰ্থনীতিৰ আৰম্ভণিৰ ঠিক আগে আগে। কিয়নো, বিশ্বায়নৰ মাধ্যম হৈছে ইংৰাজী।

ইংৰাজী মাধ্যমত স্কুলীয়া শিক্ষা লাভ কৰা আজিৰ প্ৰজন্মৰ সৰহ সংখ্যক কিমান জ্ঞানগৰ্ভ, বজাৰী বুদ্ধিৰ বাহিৰে? বিশ্বায়নৰ লগত বৰ্তমানৰ শাসনাধিষ্ঠ দলটোৰ কোনো বিৰোধ নাই। তেওঁলোকে তাৰ লগত এক ধৰণৰ ভাৰতীয় বিশ্বায়ন যোগ দিব বিচাৰিছে যিটোৰ অৰ্থ হ’ল আঞ্চলিক বৈচিত্ৰ্যবোৰত বিশেষকৈ ভাৰতীয় ভাষা সমূহত গুৰুত্ব নিদিয়াকৈ, কেৱল হিন্দীত গুৰুত্ব দি এক ভাৰতৰ কথা কোৱা।এইটো ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ধাৰণাটোৰ পৰিপন্থী।তেওঁলোকে বুজি নাপায় যে ভাৰত বোলা কোনো এটা বস্তু নাই।ৰাজ্য সমূহক লৈ,অঞ্চল সমূহক লৈহে ভাৰত। ৰাজ্যসমূহ,অঞ্চল সমূহ শক্তিশালী নহ’লে ভাৰত ক’ৰ পৰা শক্তিশালী হ’ব? সেয়ে অসমীয়া বাদ দি ইংৰাজীত গণিত,বিজ্ঞান শিকোৱাটো বৰ্তমান সময়ৰ প্ৰয়োজন নহয়, বৰ্তমান সময়ৰ প্ৰয়োজন হৈছে অসমীয়া ভাষাক অধিক শক্তিশালী কৰিবলৈ উন্নত মানৰ পাঠ্যপুথি,প্ৰসংগ পুথি আৰু শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰা।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

September 8, 2025 1:06 pm
ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

September 8, 2025 11:46 am
পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষত; জানিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেনৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজ

September 8, 2025 10:32 am
মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে

September 8, 2025 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

September 8, 2025 1:06 pm
ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপন আৰম্ভ

September 8, 2025 11:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd