দ্য কাশ্মীৰ ফাইলছ্: কিয় এই চৰকাৰী দৰদ?

‘দ্য কাশ্মীৰ ফাইলছ্’ কি? এক চৰকাৰী নিৰ্দ্দেশনা নে এখন চিনেমা?এতিয়া যেন ভাৰত আৰু অসম চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে এই চিনেমাখনৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো৷সঁচা কথা, আজিৰ পৰা কেইবা দশকৰ আগতে কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকল তাৰ সাম্প্ৰদায়িক শক্তি আৰু উগ্ৰপন্থীসকলৰ হাতত অত্যাচাৰ,উৎপীড়নৰ সন্মুখীন হ’ব লগা হৈছিল৷

তেওঁলোকক জীৱন-জীৱিকাৰ সুৰক্ষা আৰু নিৰাপত্তা দিয়াত সেই সময়ৰ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ ব্যৰ্থ হৈছিল৷ কথা হ’ল- এই বিষয়টোলৈ কোনোবাই এখন চিনেমা কৰিব পাৰে৷এখন কিয় বিভিন্ন দৃষ্টিভংগীৰে যাৰ যিমান মন যায় সিমানখন চিনেমা কৰিব পাৰে৷সেই চিনেমাবোৰ যাৰ মন যায় চাব,যাৰ মন নেযায় নাচাব৷চিনেমাবোৰ ভাল হৈছে নে বেয়া হৈছে? কলাসন্মত হৈছে নে হোৱা নাই সেই বিষয়ে চিনেমা সমালোচক সকলে আলোচনা, সমালোচনা কৰিব৷এইখিনিলৈ সকলো ঠিকে আছে৷

তাত কাৰো একো আপত্তি কৰিবলগীয়া নাই৷কিন্তু, বৰ্তমান বিবেক অগ্নিহোত্ৰী বোলা মানুহজনে কৰা ‘দ্য কাশ্মীৰ ফাইলছ্’ নামৰ চিনেমাখনকলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ যেনেকৈ উঠি পৰি লাগিছে তাৰ অৰ্থ কি? প্ৰথম কথা, এই চিনেমাখন এক চৰকাৰী নিৰ্দ্দেশনা নহয়৷ এইখন এজন ব্যক্তিয়ে কৰা এখন চিনেমাহে৷

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই চিনেমাখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যি বোৰ কাম কৰিছে সেই বোৰ সম্পূৰ্ণৰূপে পক্ষপাতিত্বমূলক নহয়নে? চৰকাৰী নীতি,বিধিৰ বাহিৰত নহয়নে? ইয়াৰ আগলৈকে কোনো এজন ব্যক্তিয়ে কৰা চিনেমা এখন প্ৰচাৰ কৰিবলৈ চৰকাৰে এনে ব্যৱস্থা লৈছেনে? চিনেমাখন চাবলৈ চৰকাৰী কৰ্মচাৰী সকলক অৰ্ধ ছুটী মঞ্জুৰ কৰাৰ এইটোৱেই প্ৰথম উদাহৰণ৷এতিয়া বিজেপি দল আৰু প্ৰশাসন একহৈ এই চিনেমাখন দৰ্শকক দেখুৱাবলৈ চাৰিওফালে উঠি পৰি লাগিছে৷ বিজেপি দলে সেইটো কৰিব পাৰে৷ কোনোবাই তাক সমৰ্থন কৰিব পাৰে৷ কোনোবাই তাৰ বিৰোধিতাও কৰিব পাৰে৷তাত ধৰিবলগা একো নাই৷ সেইটো এটা দলীয় সিদ্ধান্ত, তেওঁলোকৰ দলৰ ভিতৰৰ কথা৷ কিন্তু, চৰকাৰ, প্ৰশাসন, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম এই চিনেমাখনৰ প্ৰচাৰত যে লাগিছে তাক আমি কেনেকৈ ব্যাখ্যা কৰিম? ইয়াৰ আগতে কোনো অসমীয়া চিনেমাৰ প্ৰচাৰৰ কাৰণে এওঁলোকে এনেধৰণৰ পদক্ষেপ লৈছিল নে ?

অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ বৰ্তমানৰ যি দুৰৱস্থা তাৰ প্ৰতিকাৰৰ কোনো অভিলাষী আঁচনি আৰু পৰিকল্পনা তেওঁলোকৰ আছে নে ? গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কৰ্মচাৰী আৰু অধ্যাপক সকলক এই চিনেমাখন চাবলৈ অৰ্ধ ছুটী মঞ্জুৰ কৰি জাননী জাৰী কৰিছে৷ এইবোৰ আমি কেনেকৈ ব্যাখ্যা কৰিম? এইবোৰ আচলতে কি হৈছে? বিশ্ববিদ্যালয় এখনৰ নীতি আদৰ্শৰ লগত এইবোৰ খাপ খায়নে? সংখ্যাগৰিষ্ঠ ভোট লাভ কৰি চৰকাৰ এখন গঠন কৰাৰ অৰ্থ এইটো নেকি যে চৰকাৰ এখনে সাংবিধানিক প্ৰমূল্য আৰু প্ৰশাসনীয় সকলো বিধি, নিয়ম- নীতি জলাঞ্জলি দি, সেই সকলোবোৰ উলঙ্ঘা কৰি যি মন যায় তাকে কৰিব? আৰু গুৱাহাটী বিশ্ববিদ্যালয়? বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য আৰু পঞ্জীয়ক? আপোনালোক কি? আপোনালোক দুয়ো যি দুটা গুৰুত্বপূৰ্ণ পদবীত আছে সেই পদবীৰ পদমৰ্যাদা আপোনালোকে বুজি পায়নে? চৰকাৰক অনুকৰণ কৰি আপোনালোকে যিখন জাননী জাৰী কৰিলে, আপোনালোকে জানেনে ইয়াৰ দ্বাৰা আপোনালোকে কি কৰিলে?

অসমৰ সংবাদমাধ্যমে নিজৰ স্বাধীনতা বিসৰ্জন দি যেনেকৈ যোৱা ন ডিচেম্বৰৰ দিনা চৰকাৰৰ ওচৰত আঠু লৈছিল, আপোনালোকেও ২৩ মাৰ্চ,২০২২চনৰ Memo No.GU/G/Notification/2022/509-58ৰ যোগেদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতা বিসৰ্জন দি অসম চৰকাৰৰ ওচৰত আঠু ল’লে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত কি এক কলংক?


এই চিনেমাখনক লৈ বিজেপি চৰকাৰে কিয় এইবোৰ কৰি আছে?

এইখিনিতে আমি মনত ৰখা উচিত যে কাশ্মীৰী পণ্ডিত সকলৰ সমস্যা সমাধান কৰাটো বিজেপি আৰু বিজেপি চৰকাৰৰ উদ্দেশ্য নহয়৷বিজেপি চৰকাৰৰ উদ্দেশ্য অতি স্পষ্ট৷তেওঁলোকৰ উদ্দেশ্য হ’ল ভাৰতবৰ্ষত, অসমত ধৰ্মীয় বিভাজন কৰা আৰু সেই বিভাজনৰ পৰিবেশটো বৰ্তাই ৰখা৷আমি সকলোৱে “বহনক্ষম উন্নয়ন’’ৰ (sustainable development) কথা কওঁ৷সম্পদৰ উপযুক্ত, ভাৰসাম্য আৰু পুনৰ ব্যৱহাৰযোগ্য ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিওঁ যাতে উন্নয়নৰ গতি স্তব্ধহৈ নাযায় আৰু আমাৰ ভৱিষ্যত পুৰুষ তাৰ দ্বাৰা উপকৃত হ’ব পাৰে, জাতি, ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সমাজৰ সকলো অংশৰ লোকে উন্নয়নৰ সুফল লাভ কৰিব পাৰে৷তাৰ বিপৰীতে এওঁলোকে এতিয়া “বহনক্ষম বিভাজন”(sustainable division)ৰ মতাদৰ্শ প্ৰচাৰ কৰিব ধৰিছে যাতে ভাৰতৰ, অসমৰ জনসাধাৰণ নিৰন্তৰ বিভাজিত হৈ থাকে আৰু তেওঁলোকে এই বিভাজনক মূলধন কৰি চিৰদিন শাসনত বৰ্তি থাকিব পাৰে৷

সেই কাৰণেই তেওঁলোকে সুশাসনৰ মৌলিক আধাৰবোৰ অৱজ্ঞা কৰি, সেইবোৰ এটাৰ পিছত এটাকৈ পদ্ধতিগত আৰু ধাৰাবাহিকভাবে ধ্বংস কৰি আমাৰ সমাজখনক এক নৈৰাজ্যলৈ লৈ যাব বিচাৰিছে৷ গতিকে এই চিনেমাখন এখন চিনেমা নহয়৷ এই চিনেমাখন হ’ল বিজেপি আৰু বিজেপি চৰকাৰৰ বিভাজনৰ ৰাজনীতি সুদূৰপ্ৰসাৰী কৰাৰ এক ৰাজনৈতিক কৌশল আৰু কাৰ্যসূচী৷ বিজেপি দলে এই কাম কৰিব পাৰে৷ আমি ভাল নাপালেও তেওঁলোকে শান্তিপূৰ্ণভাবে সেই কাম কৰিব পাৰে৷ কিন্তু, তাৰ লগত চৰকাৰ, প্ৰশাসন, বিশ্ববিদ্যালয় কেনেকৈ জড়িতহৈ পৰিব পাৰে? অদূৰ ভবিষ্যতে ইয়াৰ পৰিণাম কি হ’ব? মতাদৰ্শ আৰু দলীয় আনুগত্যৰ উৰ্ধলৈ গৈ আমি এই কথাবোৰ নাভাবিমনে?