ফেইচবুকৰ পক্ষপাতিত্বমূলক ৰাজনীতি

মূলসূঁতিৰ প্ৰচাৰ মাধ্যমৰ প্ৰায় আটাইবোৰেই চৰকাৰত বিক্ৰী যোৱাৰ পিছত, মানুহৰ একমাত্ৰ ভৰসা আছিল সামাজিক মাধ্যম। কিন্তু,সামাজিক মাধ্যম কি ৰাইজৰ মাধ্যম? সামাজিক মাধ্যম কোনে নিয়ন্ত্ৰণ কৰে? তাৰ আগতে অইন এটা কথা। এই যে আমি বিজ্ঞান-প্ৰযুক্তিক লৈ গৌৰৱ কৰোঁ- এফালৰ পৰা গৌৰৱ কৰিবলগীয়া কথাও। কিন্তু, ইউৰোপত নৱজাগৰণ আৰু পুনৰজাগৰণৰ সময়ত বিজ্ঞান-প্ৰযুক্তিৰ আৱিৰ্ভাৱৰ সময়ৰ পৰা, বিশেষকৈ প্ৰযুক্তিৰ, মানৱ সমাজৰ ওপৰত ভূমিকাটো কি? তথাকথিত জ্ঞান বিস্তাৰ আৰু প্ৰযুক্তি আন্দোলনে কি কৰিছিল? এই জ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা ইউৰোপে তথাকথিত অনুন্নত দেশ সমূহৰ ওপৰত আধিপত্য বিস্তাৰ কৰা নাছিল জানো?

আপোনালোকে ৰেনেছাঁৰ ইতিহাস চাওক আৰু ঔপনিবেশিকতাবাদৰ ইতিহাস চাওক। এই দুয়োটা প্ৰায় সমসাময়িক পৰিঘটনা। প্ৰথমে ইউৰোপত তাৰ প্ৰাদুৰ্ভাৱ হৈছিল। সেইকাৰণেই ইউৰোপীয় সকলেই আছিল প্ৰথম ঔপনিবেশিক শক্তি। তাৰ কেইবা শতিকাৰ পিছতহে পশ্চিম প্ৰযুক্তিৰ পীঠস্থানলৈ ৰূপান্তৰিত হৈছে। ঔপনিবেশিকতাবাদৰ কেন্দ্ৰৰ বস্তুটো কি? বেপাৰ। এই বেপাৰটো কেনেকৈ হয়? ৰাজনৈতিক নিয়ন্ত্ৰণৰ যোগেদি। গতিকে ৰাজনৈতিক নিয়ন্ত্ৰণৰ লগত অৰ্থনৈতিক শোষণৰ এটা এৰাব নোৱৰা সম্পৰ্ক।

ভাৰতৰ পৰা লুটি নিয়া সম্পদেৰে বৃটিছে তেওঁলোকৰ দেশত উন্নয়নৰ কি বাহাৰ পাতিছিল তাক সবিস্তাৰে, তথ্যপাতিৰে দেখুৱাইছে অৰ্থনীতিবিদ উৎসা পট্টনায়কে তেওঁৰ ‘Capital and Imperialism’ নামৰ কিতাপত। শশী থাৰুৰৰ ‘An Era of Darkness’ নামৰ কিতাপখনৰ বিষয়বস্তুও এইটোৱেই। তাৰ এশ বছৰ আগতে এই অধ্যয়নৰ পাতনি মেলিছিল প্ৰখ্যাত অৰ্থনৈতিক ঐতিহাসিক ৰমেশ চন্দ্ৰ দত্তই ১৯০০ চনত প্ৰকাশ পোৱা তেখেতৰ দুটা খণ্ডৰ Economic History of Indiaত। মানচেষ্টাৰৰ যন্ত্ৰ চালিত শালে আমাৰ হাতেৰে কাপোৰ বোৱা শিপিনী সকলৰ কি দুৰ্দশা কৰিছিল! হয়, যন্ত্ৰই মানুহৰ শাৰীৰিক কষ্ট বহু পৰিমাণে লাঘৱ কৰিছিল। কিন্তু, চূড়ান্ত বিচাৰত তাৰ লাভ খাইছিল প্ৰযুক্তিৰ গৰাকী সকলেহে। এই প্ৰযুক্তিৰে শেহতীয়া পৰ্যায়টো হৈছে ডিজিটেল মাধ্যম যিটো হ’ল সামাজিক মাধ্যমৰ চালিকা শক্তি।

এতিয়া, যধু, মধু সকলোৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব পাৰে। মনত ৰাখিব, মাত্ৰ ব্যৱহাৰহে কৰিব পাৰে। নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সামাজিক মাধ্যমেহে যদু, মধুক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে। সামাজিক মাধ্যমে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ইয়াৰ ভোক্তাৰ অৰ্থাৎ যিসকলে সামাজিক মাধ্যম, মানে ফেইচবুক আদি ব্যৱহাৰ কৰে তেওঁলোকৰ বিষয়ে সকলো তথ্য হস্তগত কৰে। এই বিষয়ে The Real Face of Facebook in India নামৰ কিতাপখনৰ মুখবন্ধত প্ৰবীৰ পুৰকায়স্থই লিখিছিলঃ “The digital platforms know where you live, what exactly you read, what your interests are, your age, your sex, your sexual orientation and so on. They also know your caste, your religion and other identifiers that are all important in dicing up users into small slices of demographies- who could then be receptive of to a certain kind of messaging.”

মানে আপোনাৰ বিষয়ে ফেইচবুকে সকলো কথা জানে। আপুনি ক’ত থাকে, কি কৰে, আপোনাৰ জাতপাত, ধৰ্ম, যৌন অগ্ৰাধিকাৰ সকলো। আৰু সেই হিচাপে আপুনি যি ভালপায় আপোনাক তাকে ফেইচবুকে যোগান ধৰে। ইয়াৰ দুটা দিশ- এটা হ’ল আপুনি যি ভালপায় তাক যোগান ধৰাৰ যোগেদি ফেইচবুকৰ আৰু আন কাৰোবাৰ ব্যৱসায়িক উদ্দেশ্য সিদ্ধি হয়। আৰু আনটো হ’ল, এই যে লাখ লাখ, কোটি, কোটি, নিযুত,নিযুত ফেইচবুক ব্যৱহাৰ কৰা মানুহৰ ডাটা, তথ্য ফেইচবুকে পায় সি ফেইচবুকৰ কাৰণে কি অমূল্য সম্পদ আপোনালোকে কল্পনা কৰিব নোৱাৰিব?

এসময়ত মানুহে কৈছিল knowledge is power। এতিয়া কি কয়? Information, data is power। তথ্যই শক্তি। সেই কাৰণেই ২০১৮ চনৰ এটা সম্পাদকীয়ত ‘The Guardian’ এ লিখিছিল যে ‘তথ্য যদি নতুন সাৰুৱা তেল তেনেহ’লে ফেইচবুক হ’ল সেই ক’লা সোণৰ আটাইতকৈ বৃহৎ ভাণ্ডাৰ আৰু যিসকলে নিজৰ ব্যৱসায়িক আৰু ৰাজনৈতিক স্বাৰ্থত এই তথ্য ব্যৱহাৰ কৰিব বিচাৰে ফেইচবুকে তেওঁলোকৰ সৈতে হাত মিলায়।’ মানে দুটা কথাই মূল- ব্যৱসায় আৰু ৰাজনীতি।সামাজিক মাধ্যমৰ ৰাজনৈতিক প্ৰয়োগ- এই কথাটো ভাৰতত আটাইতকৈ বেছি ভালদৰে বুজা মানুহজন হৈছে নৰেন্দ্ৰ মোদী আৰু দলটো হ’ল বিজেপি। বিজেপিৰ আই টি চেলে নিজৰ ৰাজনৈতিক উদ্দেশ্যত কেনেকৈ ফেইচবুক ব্যৱহাৰ কৰিছিল তাৰ তথ্যভিত্তিক সবিশেষ বিৱৰণ হ’ল ‘The Real Face of Facebook in India’ নামৰ কিতাপখন।

কিতাপখনৰ লেখক দ্বয় হৈছে চাইৰিল চাম আৰু পৰঞ্জয় গুহ ঠাকুৰতা। তাৰ উপৰিও, ইয়াৰ আগকথা লিখিছে ৰবিশ কুমাৰে, পাতনি লিখিছে অপূৰ্বানন্দে আৰু প্ৰস্তাৱনা লিখিছে প্ৰবীৰ পুৰকায়স্থই। বিজেপিৰ ৰোষত পুৰকায়স্থ এতিয়া জেলত। অমিত শ্বাহে সামাজিক মাধ্যমৰ বিষয়ে কি কৈছিল, এতিয়াৰ বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই কি কৈছিল সেইবোৰৰ ৰাজনৈতিক তাৎপৰ্য বৰ গুৰুত্বপূৰ্ণ।অমিত মালব্যই তেতিয়াই কৈছিল যে ভৱিষ্যতৰ নিৰ্বাচনবোৰ ফোনত, হোৱাটচআপৰ যোগেদিহে খেলা হ’ব। কিতাপখনৰ পাতে পাতে ফেইচবুকৰ পক্ষপাতিত্ব আৰু বিজেপিৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে কাম কৰাৰ অলেখ উদাহৰণ আছে।

এই কথাবোৰ মই কিয় উল্লেখ কৰিছোঁ? মূলসূঁতিৰ প্ৰচাৰ মাধ্যম চৰকাৰত বিক্ৰী যোৱা কাৰণে আমি সামাজিক মাধ্যমৰ ওচৰ চাপিছিলোঁ। মানে ফেইচবুক, ইউটিউব আদিৰ। যেতিয়া দেখা গ’ল যে মূলসূঁতিৰ প্ৰচাৰ মাধ্যমতকৈ বিজেপিৰ কুকাণ্ড উদঙাই দিয়া এই বিকল্প সামাজিক মাধ্যমবোৰৰ শ্ৰোতা দৰ্শকে লাখ, নিযুতৰ ঘৰ পালে তেতিয়াই ফেইচবুকে চৰকাৰৰ হৈ হস্তক্ষেপ কৰি বিজেপি বিৰোধী সামাজিক মাধ্যমৰ প্ৰসাৰ সীমিত কৰিবলৈ আৰম্ভ কৰিলে। সাহসেৰে ৰাইজৰ হকে মাত মতা প্ৰখ্যাত আৰু সৰ্বজন বিদিত সাংবাদিক সকলৰ ফেইচবুক পেজ স্থবিৰ হৈ পৰিল।

আনবোৰৰ লগতে আমি নৰ্থ-ইষ্ট নাওও ইয়াৰ বলি হ’লোঁ। কেনেকৈ এই প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ সেই বিষয়ে আমি গুণাগঠা কৰি আছোঁ। আমি এতিয়ালৈ নিৰ্ভয়ে সত্যনিষ্ঠ খবৰ আৰু প্ৰতিবেদন বা প্ৰবন্ধ পাতি প্ৰকাশ কৰি আছোঁ। এই সময়ত আমাৰ একমাত্ৰ ভৰসা হ’ল আমাৰ দৰ্শক আৰু পাঠক সকল। আগতে ফেইচবুকে নিজে নিজে আমাৰ খবৰ প্ৰতিবেদন, প্ৰবন্ধ আপোনালোকৰ ওচৰলৈ লৈ গৈছিল। এতিয়া কিন্তু, আপোনালোকে নিজে আমাক বিচাৰি খুচৰি চাব লাগিব। সেইটো কৰিলে আমি বাধিত হ’ম।