হেৰৌ, দলবাগৰাৰ দল!

দল সলোৱাটো একো নতুন কথা নহয়। সেইটো আগতেও আছিল। কিন্তু, এতিয়া যি হাৰত দল বাগৰা ৰাজনীতি আৰম্ভ হৈছে, বিশেষকৈ যোৱা দহ বছৰৰ বি জে পি শাসনকালত, সেইটো সম্পূৰ্ণ এটা নতুন পৰিঘটনা। যোৱা সময়ছোৱাত, বিশেষকৈ কংগ্ৰেছৰ পৰা কিয় বহু নেতা, পালি নেতা বিজেপিলৈ গৈছে? মোৰ বোধেৰে তাৰ তিনিটা কাৰণ- (১) শাসকীয় দলৰ লগত থাকিলে ওপৰৰ মন্ত্ৰী, বিধায়কৰ কথা বেলেগেই তলৰ পালিনেতা বোৰেও কিছু এৰেহা (leftover crumbs) চেলেকিবলৈ পায়।তাৰ প্ৰমাণ ফেচবুকতে পোৱা যায়। দুদিন আগলৈকে কংগ্ৰেছ বা আন পাৰ্টিত থাকি ‘গণতন্ত্ৰ, সংবিধান গ’ল গ’ল’ বুলি ৰাউচি জুৰি বিজেপিক দিনে-ৰাতিয়ে সমালোচনা কৰাবোৰে দুদিন পিছত বিজেপিত যোগ দি বিজেপি বন্দনাত পঞ্চমুখ হোৱা দেখিলে ভাব হয় – এওঁলোক কি বস্তু! আচলতে, এওঁলোকৰ জাতটো হ’ল এৰেহা খোৱা জাত।

(২) এওঁলোক ওখ খাপৰ নেতা। কিন্তু, কংগ্ৰেছত বা আন শাসকীয় দলত থাকোঁতে বৈধ/অবৈধ উপায়েৰে বহু টকা পইছা, ধন-সম্পত্তি কৰিছে। যেনে, এন চি পিৰ অজিত পাৱাৰ, শিৱসেনাৰ সিন্দে। বিজেপিয়ে ইংগিত দিছে- আমাৰ পাৰ্টিলৈ আহি কামত লাগা, আমাক সহায় কৰা। চৰকাৰ ভাঙা।নহ’লে জেললৈ যাবলৈ সাজু হোৱা। কোন আৰু জেললৈ যাব? দল নাবাগৰিলে সম্পত্তিও হেৰাব, ক্ষমতাও যাব আৰু জেলৰ ভাতো খাব লাগিব। তাতকৈ নিজৰ দলৰ চৰকাৰ ভাঙি বিজেপিৰ ফলীয়া হৈ মন্ত্ৰী, এম এল এ হৈ ৰাজভোগ কৰাই ভাল। তাৰ জ্বলন্ত উদাহৰণ হ’ল মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক ঘটনা প্ৰবাহ।শেষৰ মানে (৩) নম্বৰটো আৰু অলপ বেলেগ। মুখ্যমন্ত্ৰী হ’ব লাগে, মন্ত্ৰী হ’ব লাগে, নিৰ্বাচন খেলিবলৈ বিধানসভা, সংসদীয় নিৰ্বাচনৰ টিকট লাগে। যদি সেইবোৰৰ পৰা বঞ্চিত হয়, তেন্তে পাৰ্টি সলাই বিজেপিলৈ যাব লাগে। তাৰ উদাহৰণৰ লেখ-জোখ নাই। মধ্য প্ৰদেশৰ জ্যোতিৰাদিত্য চিন্দইয়াকে কৰি প্ৰদেশে প্ৰদেশে তাৰ অসংখ্য উদাহৰণ পোৱা যাব।

এই তিনিওবিধ মানুহৰ ৰাজনৈতিক মতাদৰ্শ বা আদৰ্শৰ লগত কোনো সম্পৰ্ক নাই। তেওঁলোক এৰেহা চেলেকা, ভ্ৰষ্টাচাৰী, আৰু সুবিধাবাদী।মই এটা কথা কেতিয়াও নাপাহৰোঁ। তৰুণ গগৈ তেতিয়া জীয়াই আছে।ভুৱনেশ্বৰ কলিতাৰ মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা। তেওঁ টিভিত কি কৈছিল জানেনে? “ৰাজনীতিতো সমাজ সেৱা নহয়। মই কিয় মুখ্যমন্ত্ৰী হ’ব নিবিচাৰিম?” তৰুণ গগৈয়ে তাৰ উত্তৰ দিছিল “ আগতে নিজৰ চিটটো জিকি আহকচোন। মুখ্যমন্ত্ৰী পিছলৈ হ’ব।” সেইটো বাৰু আন এক অধ্যায়। ভুৱনেশ্বৰে কংগ্ৰেছ এৰিলে ৰাজ্যসভাৰ সাংসদ হ’বলৈ। ভূপেন বৰাই কংগ্ৰেছ সভাপতিৰ তালিকাখন নিজৰ অফিছত ওলোমাবলৈ লাজ পাইছিল তেওঁৰ আগৰ দুজনা সভাপতিয়ে দলত্যাগ কৰা কাৰণে। এতিয়া বা কি কৰিছে নাজানো।

এইবাৰ কি হ’ল? ৰাণী নৰহে উত্তৰ লক্ষীমপুৰৰ পৰা প্ৰাৰ্থিত্ব নোপোৱা কাৰণে ভৰত নৰহে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে।এইবোৰ হৈছে মানুহ! এওঁলোকে কাৰ কাৰণে ৰাজনীতি কৰে? কেৱল নিজৰ আৰু নিজৰ কাৰণে।আজি ৰাজনীতি কি পংকিলতাৰ মাজত সোমাই পৰিছে ভাবি চাওক। সাংবিধানিক প্ৰমূল্য, গণতান্ত্ৰিক মূল্যবোধ, গণতান্ত্ৰিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ স্বতন্ত্ৰতা- এইবোৰৰ এই ৰাজনীতিক বোৰৰ কাৰণে কোনো অৰ্থ নাই।কংগ্ৰেছ বা বিজেপি বিৰোধী আন দলত থকালৈকে এওঁলোকে পৰীক্ষা পাছ কৰিবলৈ অৰ্থহীনভাৱে ল’ৰা-ছোৱালীয়ে কবিতা মুখস্থ কৰাৰ দৰে এইবোৰ কথা কয়। বিজেপিলৈ যোৱাৰ পিছত তেওঁলোকৰ পাঠ্যপুথি বেলেগ হৈ পৰে। তেতিয়া তেওঁলোকে সেইবোৰ কিতাপ পঢ়িবলৈ আৰম্ভ কৰে।

আজি বিজেপিৰ কুশাসনৰ কাৰণে দেশৰ সাধাৰণ মানুহ তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছে। কিন্তু, মনত পেলাওক, স্বাধীনতা সংগ্ৰামৰ ত্যাগ, আদৰ্শ আৰু মূল্যবোধ কি আছিল আৰু আজি এই কংগ্ৰেছী সকলৰ মূল্যবোধ কি? এওঁলোকৰ সুবিধাবাদৰ বাবে আজি দেশৰ এই অৱস্থা, কংগ্ৰেছৰ এই দুৰৱস্থা। আজি কেৱল নাগৰিক সমাজেই নহয়, সকলো শুভচিন্তক লোকে কৈ আছে, আৰু কেৱল কৈ থকাই নহয়, তেওঁলোকে বিভিন্ন ধৰণে বিজেপিৰ বিৰুদ্ধে ইণ্ডিয়া এলায়েঞ্চক শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে, উদ্যোগ লৈছে। কিন্তু, তাৰ বিপৰীতে এই সকল সুবিধাবাদী ৰাজনীতিকলৈ চাওক।

আমি কংগ্ৰেছৰ উদাৰ, গণতান্ত্ৰিক, সমাজবাদী মতাদৰ্শৰ প্ৰতিহে আমাৰ আনুগত্য প্ৰকাশ কৰিছোঁ। কিন্তু, এচাম ধুৰন্ধৰ নেতাই কংগ্ৰেছক কেনেকৈ ঘেৰি আছে দেখিলে আচৰিত লাগে।আমি আৰু আচৰিত হওঁ, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কেনেকৈ এই মানুহবোৰক প্ৰশ্ৰয় দিয়ে। ৰাজনীতিত আদৰ্শ, মতাদৰ্শ আৰু দৃষ্টিভংগীগত পৰিবৰ্তন আনিব নোৱাৰিলে আমি বৰ বেছি দূৰলৈ আগুৱাব নোৱাৰিম। বৰ্তমান সময়ৰ প্ৰত্যাহ্বাবানৰো সন্মুখীন হ’ব নোৱাৰিম। সেয়ে, এতিয়া আটাইতকৈ প্ৰয়োজন ব্যক্তি-স্বাৰ্থৰ উৰ্দ্ধত গৈ সমূহীয়া স্বাৰ্থত কাম কৰিবলৈ আগ্ৰহী মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী লোক ৰাজনীতিলৈ অহাটো। সেয়েহে এই স্বাৰ্থান্বেষী, সুবিধাবাদীবোৰ যিমানেই কংগ্ৰেছৰ পৰা ওলাই যায় সিমানেই কংগ্ৰেছ আৰু ৰাইজৰ মংগল।