যোৱা তিনি মাৰ্চৰ দিনা ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ আয়োগৰ মুৰব্বী ভল্কাৰ ট্ৰাৰ্কে সমগ্ৰ বিশ্বতে মানৱ অধিকাৰৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে কৰা এটা মন্তব্যত ভাৰতৰ বিষয়ে আৰু বিশেষকৈ কাশ্মীৰ আৰু মণিপুৰৰ বিষয়ে কোৱা কথাখিনি তাৎপৰ্যপূৰ্ণ। ভাৰতৰ বিষয়ে তেওঁ কৈছিল, “India’s democracy and institutions have been its greatest strength, underpinning its diversity and development. Democracy requires constant nurturing of participation and inclusion at all levels of society. তাৰ অসমীয়া কৰিলে হ’ব- ভাৰতৰ বৈচিত্ৰ্য আৰু বিকাশৰ মূল ভেটি হৈছে গণতন্ত্ৰ আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহ। সকলো সময়তে সকলো পৰ্যায়তে সমাজৰ সকলো অংশৰ অংশগ্ৰহণ সুনিশ্চিত কৰাটো গণতন্ত্ৰৰ বাবে অপৰিহাৰ্য।
তাৰপিছত তেওঁ কি ক’লে- I am concerned by the use of restrictive laws and harassment against human rights defenders and independent journalists resulting in arbitrary detention and a diminished civic space, including in Kashmir. I also call for stepped-up efforts to address violence and displacement in Manipur, based on dialogue, peace building and human rights.” কাশ্মীৰকে আদি কৰি দমনমূলক আইন বলৱৎ কৰি মানব অধিকাৰৰ সপক্ষে মাত মতা ব্যক্তি আৰু স্বতন্ত্ৰ সাংবাদিক সকলক মন গ’লেই জেলত দিয়া আৰু তেওঁলোকক নানা ধৰণে হাৰাশাস্তি কৰি নাগৰিক অধিকাৰ খৰ্ব কৰা দেখি মই বৰ উদ্বিগ্ন হৈছোঁ। আলাপ-আলোচনা,শান্তি প্ৰচেষ্টা আৰু মানৱ অধিকাৰ সুৰক্ষাৰ প্ৰতি যথোচিত গুৰুত্ব দি মণিপুৰত ঘটি থকা হিংসাত্মক ঘটনাৰ অন্ত পেলাবলৈ আৰু গৃহহীন লোকসকলক পুনৰ সংস্থাপিত কৰিবলৈ শীঘ্ৰে ব্যৱস্থা ল’বলৈ মই আহ্বান জনাওঁ।
ৰাষ্ট্ৰ সংঘৰ অধীনৰ মানৱাধিকাৰ আয়োগ এটা অত্যন্ত গুৰুত্বপূৰ্ণ সংস্থা। এই সংস্থাটোৱে কোনো এটা পৰিস্থিতি সম্পৰ্কে যধে-মধে মন্তব্য নিদিয়ে।তেওঁলোকে যেতিয়া কিবা এটা কয়, সাৱধানে জুখি-মাখি কয়। কিয়নো তেওঁলোকৰ মন্তব্যই বিশ্ব-জনমত প্ৰভাৱিত কৰে। তাৰ প্ৰভাৱ বিশ্ব ৰাজনীতি আৰু অৰ্থনীতি পৰে।
ৰাষ্ট্ৰ সংঘৰ মানৱাধিকাৰ আয়োগৰ মুৰব্বী গৰাকীয়ে কোৱা কথাখিনি আমি অলপ ফঁহিয়াই চোৱা উচিত। তেওঁ কৈছে যে ভাৰতৰ মূল চালিকা শক্তি হৈছে গণতন্ত্ৰ আৰু গণতান্ত্ৰিক অনুষ্ঠান সমূহ। এইবোৰ দেশৰ বৈচিত্ৰ্য আৰু বিকাশৰ ভেটি। সেয়ে, সকলো সময়তে সকলো পৰ্যায়তে সমাজৰ সকলো অংশৰ জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰাটো গণতন্ত্ৰৰ বাবে অপৰিহাৰ্য।
মন কৰিব, মূল বিষয় কেইটা হ’ল- গণতন্ত্ৰ, গণতান্ত্ৰিক অনুষ্ঠান, বৈচিত্ৰ্য, বিকাশ, আৰু অংশগ্ৰহণ।প্ৰথম কথা, গণতান্ত্ৰিক অনুষ্ঠানবোৰ স্বতন্ত্ৰ আৰু শক্তিশালী হ’ব লাগিব। গণতান্ত্ৰিক অনুষ্ঠান স্বতন্ত্ৰ তেতিয়াহে হ’ব যেতিয়া তাত সমাজৰ সকলো অংশৰ জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হ’ব। ‘সকলো অংশ’ৰ দ্বাৰা কেৱল বিভিন্ন ধৰ্ম,আৰু ভাষিক গোষ্ঠী নহয়, বিভিন্ন বিশ্বাস, আদৰ্শ আৰু পেছাৰো অৰ্থ কৰা হৈছে। অংশগ্ৰহণৰ পৰিধিটো যিমানে ব্যাপক হ’ব, গণতন্ত্ৰও সিমানে প্ৰতিনিধিত্বমূলক হ’ব। বিকাশৰ লগত বৈচিত্ৰ্যৰ ধাৰণাটো সাঙোৰ খাই আছে।
কিন্তু যোৱা সময়ছোৱাত, মানে কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত, আমি কি দেখিছোঁ? আন সকলোকে বঞ্চিত কৰি, সকলোতে এক বিশেষ ধৰ্মীয় মতাদৰ্শ, মানে হিন্দুত্ব আৰু সংখ্যাগুৰু মানে হিন্দু সকলকে অগ্ৰাধিকাৰ দিয়া হৈছে। ন্যায়পালিকাকে আদি কৰি গণতান্ত্ৰিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ পদবী সমূহতো কেৱল শাসকীয় দলৰ মতাদৰ্শ সমৰ্থন কৰা লোককে নিযুক্তি দিয়া হৈছে। সেইকাৰণেই বহুতেই ক’ব বিচাৰে যে ভাৰত এতিয়া কেৱল ‘নিৰ্বাচনী গণতন্ত্ৰ’ হিচাপে বাচি আছে। এই কথাটো বিভিন্নজনে বিভিন্ন ধৰণে কয়। কোনোৱে কয়, ভাৰত এক ‘ঘূণীয়া গণতন্ত্ৰ’(Flawed Democracy)। আন কিছুমানে কয় যে ৰাজনৈতিক অধিকাৰ থাকিলেও এতিয়া ভাৰতত জনসাধাৰণৰ নাগৰিক অধিকাৰ বিপৰ্যস্ত। চুইডেনৰ ‘Varieties of Democracy (V-Dem)’ সংস্থাই বিভিন্ন দেশৰ গণতন্ত্ৰৰ মান সম্পৰ্কে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদনত, এখোপ আগলৈ গৈ ভাৰতক ‘নিৰ্বাচনী স্বৈৰতন্ত্ৰ’( Electoral Autocracy) আখ্যা দিছে। তাৰ মানে ভাৰতত অনুষ্ঠিত নিৰ্বাচন ভুৱা। ভাৰতৰ নিৰ্বাচন আয়োগ যে স্বতন্ত্ৰ নহয় সেইটো সকলোৱে জানে।এইবোৰ কাৰণতে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে ভাৰতৰ গণতন্ত্ৰ সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছে। চৰকাৰে দমনমূলক আইনৰ যোগেদি জোৰ-জুলুম কৰি মানৱ অধিকাৰ কৰ্মী আৰু স্বতন্ত্ৰ সাংবাদিকসকলৰ কন্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰিছে। এনে ঘটনা দেশৰ অন্য অঞ্চলৰ লগতে কাশ্মীৰতো ঘটিছে। কাশ্মীৰত যোৱা সময়ছোৱাত চৰকাৰে কি কৰি আছে আমি সকলোৱে দেখিছোঁ।তাৰপিছত তেওঁ মণিপুৰৰ হিংসাত্মক ঘটনা আৰু তাৰ বাবে অজস্ৰ লোকে নিজৰ ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত থাকিব লগা হোৱাৰ কথা কৈছে।এই সমস্যাৰ সমাধানকল্পে তেওঁ কৈছে যে মানৱ অধিকাৰৰ ওপৰত গুৰুত্ব দি আলাপ-আলোচনাৰ আৰু শান্তিপূৰ্ণ উপায়েৰে মণিপুৰৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰ তৎপৰ হ’ব লাগে।
মই ভাবোঁ মণিপুৰৰ বিষয়ে ট্ৰাৰ্কৰ বক্তব্য দুৰ্বল।মণিপুৰৰ পৰিস্থিতি বৰ অদ্ভূৎ। কুকিসকলে কয় মণিপুৰ পুলিচেৰে মেইটেইসকল বলীয়ান। মেইটেই সকলে কয় যে অসম ৰাইফলচৰ দ্বাৰা কুকি সকল বলীয়ান।মণিপুৰ পুলিচৰ মুৰব্বী কোন আছিল ইমানদিনে? সৌ-সিদিনালৈকে মণিপুৰৰ মুখ্যমন্ত্ৰী হৈ থকা বীৰেন সিং আৰু অসম ৰাইফলচৰ মুৰব্বী কোন? অমিত শ্বাহ। দুয়োৰে মাজৰ সম্পৰ্ক কেনে? মধুৰৰো মুধুৰ।এইখিনিতে অকণমান ৰ’ব। মণিপুৰৰ বাৰ্ষিক বাজেট কিমান? প্ৰায় ৩০/৩৫ হাজাৰ কোটি। মণিপুৰৰ মাজেৰে প্ৰতি বছৰে কিমান টকাৰ ড্ৰাগচ সৰবৰাহ হয়? প্ৰায় ৬০/৭০ হাজাৰ কোটি? গতিকে ভু-ৰখা মহলে অভিযোগ কৰে যে এই ড্ৰাগচৰ ব্যৱসায়েই মণিপুৰৰ অশান্তিৰ মূল। আৰু তাৰ মহানায়কসকল কোন আপোনালোকেই অনুমান কৰক।
কাৰোবাৰ পৃষ্ঠপোষকতা নোহোৱাকৈ আজি ২১ মাহে মণিপুৰত এই হিংসা আৰু নৈৰাজ্য চলি থাকিব পাৰিবনে? মনত ৰাখিব, আজিলৈকে কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মণিপুৰলৈ যোৱা নাই।গতিকে ট্ৰাৰ্কে একোৱেই কোৱা নাই। ভাৰতৰ মানৱ অধিকাৰ পৰিস্থিতি ট্ৰাৰ্কে কোৱাতকৈও অধিক শোচনীয়।সেয়ে, ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাত ভাৰতৰ স্থায়ী ৰাষ্ট্ৰদূত অৰিন্দম বাগচীৰ স্পষ্টীকৰণৰ কোনো অৰ্থ নাই।